১২ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এবচলিউট বাৰ্বিকিউজত চীফেষ্ট



ষ্টাফৰিপোৰ্টাৰ; ১৭ ফেব্ৰুৱাৰী,২০২১: গুৱাহাটীৰ জি এচ ৰোডৰ এ বি চি পইণ্টস্থিত ময়ুৰ হাইটচত থকা প্ৰসিদ্ধ বাৰ্বিকিউ ৰেষ্টুৰেণ্ট এবচলিউট বাৰ্বিকিউজে ১২ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰিছে এক সাগৰীয় খাদ্যৰ সমাহাৰ - চীফেষ্ট। এবচলিউট বাৰ্বিকিউজৰ এই  চীফেষ্টে আপোনাক লৈ যাব সুস্বাদু খাদ্যৰ এক নতুন পৃথিৱীলৈ যিয়ে আপোনাক এক অনন্য সামুদ্ৰিক সোৱাদৰ সম্ভাৰেৰে আনন্দিত কৰি তুলিব।  
বিগত বৰ্ষৰ দৰেই, এইবৰ্ষৰ সামুদ্ৰিক খাদ্য সমাৰোহেও সমুদ্ৰৰ সজীৱ আৰু সুস্বাদু খাদ্যৰে গ্ৰাহকসকলক আকৰ্ষিত কৰাৰ লক্ষ্য তুলি লৈছে।  এই উৎসৱত দৈনন্দিনৰ মূল খাদ্য আৰু মিষ্টান্ন সম্ভাৰৰ বাদেও উপলব্ধ হ'ব বিশ্বৰ উৎকৃষ্ট সাগৰীয় খাদ্যসম্ভাৰ আৰু ইয়াৰ ব্যঞ্জনবোৰত অন্তৰ্ভুক্ত কৰা হৈছে বাৰাকুডা, ক্ৰিস্পি ফ্ৰাইড আঙ্কোভি, স্নেপাৰ, চাৰ্ক, ষ্টিংৰে', ঈল, ব'ম্বে ডাক, মালাবাৰ টাৱা মেকেৰেল, চীফুড পাটোৰী, ৰেড স্নেপাৰ, নেল্লোৰ ফিচ কাৰী, বাটাৰ-গাৰ্লিক প্ৰন, চীফুড বিস্ক, বম্বিল, ফিচ ৰো, অক্টোপাচ, চীফুড পায়েলা, মালাবাৰ টাৱা মেকেৰেল।
এবচলিউট বাৰ্বিকিউজৰ চেলচ আৰু মাৰ্কেটিঙৰ ডি জি এম শুভম শুক্লাই খাদ্য সমাৰোহ সন্দৰ্ভত কৈছে, " '
এবচলিউট বাৰ্বিকিউজৰ 
 এই চীফেষ্ট গ্ৰাহকক সমুদ্ৰৰ উৎকৃষ্ট উত্তম ব্যঞ্জনসমূহেৰে আনন্দিত কৰাৰ এক  প্ৰচেষ্টা।  চীফেষ্টত এনেকুৱা ব্যঞ্জন থাকিব যি আমাৰ বিশেষজ্ঞ ৰান্ধনীসকলে তৈয়াৰ কৰিব আৰু সাগৰীয় খাদ্য ভালপোৱাসকলক সন্তুষ্ট কৰিব বুলি আমি বিশ্বাসী।  আমাৰ ম্যেনুত সন্নিবিষ্ট কৰা হৈছে কেইবাটাও বিশেষ ব্যঞ্জন আৰু আমাৰ অতিথিক অবিস্মৰণীয় খাদ্যৰ অভিজ্ঞতা আগবঢ়াবলৈ আমি উৎকণ্ঠিত। "

হায়দৰাবাদত মুখ্য কাৰ্যালয় থকা 'এবচলিউট বাৰ্বিকিউজৰ 
 ৰ ভাৰতত মুঠ ৪২ টা আউটলেট আছে আৰু ডুবাইত আছে দুটা।  '
এবচলিউট বাৰ্বিকিউজৰ  অনন্য ধাৰণা 'উইচ গ্ৰিল' গ্ৰাহকৰ বাবে অভিনৱ ধাৰণা আৰু ইয়াৰ জৰিয়তে 'ডু-ইট-ইয়ৰচেল্ফ' ধাৰণাটো প্ৰচাৰ কৰা হৈছে।  
ভাৰতৰ প্ৰথম উইচ গ্ৰিল ৰেষ্টুৰেণ্টৰ কীৰ্তিত্ব লাভ কৰা '
এবচলিউট বাৰ্বিকিউজৰ 
য়ে অল-ইউ-কেন-ইট বুফেৰ পদ্ধতিত অন্তৰ্ভুক্ত কৰিছে ভাৰতীয়, মহাদেশীয় আৰু বহিৰাগত খাদ্যসম্ভাৰ। টাইমচ ফুড এৱাৰ্ড, সৰ্বোচ্চ গুণমানযুক্ত ৰেষ্টুৰেণ্ট হিচাপে জমেট' ইউজাৰ পপুলাৰিটী এৱাৰ্ড আৰু গল্ডেন প্লেট এৱাৰ্ড লাভ কৰিছে ৰেষ্টুৰেণ্টখনে।  'এবচলিউট বাৰ্বিকিউজৰ ডি আই ৱাই
  কুকিং ধাৰণা আৰু 'ৰেডী-টু-কুক' খাদ্যসম্ভাৰৰ প্ৰৱৰ্তনৰ জৰিয়তে খাদ্যৰ  জগতখনত 'এবচলিউট বাৰ্বিকিউজয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে।   গ্ৰাহকসকলে 'এবচলিউট বাৰ্বিকিউজত উপভোগ কৰা স্বাদেৰে নিজে খাদ্য ৰান্ধিবলৈ তেওঁলোকক উৎসাহিত কৰিবলৈ এই ধাৰণাটোৰ সৃষ্টি কৰা হৈছিল।  
গতিকে গুৱাহাটীস্থিত এবচলিউট বাৰ্বিকিউজলৈ
আহক আৰু বিশ্বৰ মনোৰম চীফুড বাৰ্বিকিউ উপভোগ কৰক । ইয়াৰ ঠিকনা হৈছে এবচলিউট বাৰ্বিকিউজ, দ্বিতীয় মহলা, ময়ুৰ হাইটচ, এ বি চি পইণ্ট, জি এচ ৰোড, গুৱাহাটী, অসম। 
উদ্বোধনী অফাৰঃ বুফে ৬২৯* টকাৰ পৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা