বটদ্ৰৱাৰ বাটমাৰী-হাইডুবী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

বটদ্ৰৱাৰ বাটমাৰী-হাইডুবী  তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী-হাইডুবী তিনিআলিত বুধবাৰে বিয়লি সংঘটিত হোৱা এক শোকাকুল পথ দুৰ্ঘটনাত এজন ছাত্ৰ থিতাতে নিহত হয়।  বটদ্ৰৱা -বলিকটিয়া সংযোগী গড়কাপ্তানী পথৰে তীব্ৰ বেগেৰে আহি থকা  AS12 AC 0939  নম্বৰৰ মালবাহী ট্ৰাকে একে দিশৰে চাইকেলত আহি থকা এজন ছাত্ৰক বাটমাৰী - হাইডুবী তিনিআলিত মহটিয়াই নিয়ে। ফলত থিতাতে ছাত্ৰ জনৰ মৃত্যু হয়। লগ লগেই ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে মালবাহী ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মৃত ছাত্ৰ জন সোনাইবেৰা গাঁৱৰ জালালুদ্দিনৰ পুত্ৰ আছিল । ছাত্ৰ জনৰ অকাল মৃত্যুত বৃহত্তৰ অঞ্চলত শোকৰ ছাঁ পৰে।


মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা