কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত অপহৰণঃনিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ অপহৃত ব্যৱসায়ী

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত নাবাং বজাৰৰ সমীপৰ পৰা কৃষ্ণাইৰ ব্যৱসায়ী এজন অপহৃত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অপহৃত ব্যৱসায়ী জনৰ নাম নিৰঞ্জন সাহা ৷ জানিব পৰা মতে, নিৰঞ্জন সাহাই নাবাং বজাৰত থকা নিজ 
দোকান বন্ধ কৰি কৃষ্ণাই অভিমুখে আহি থকাৰ সময়তে কাছুমাৰীত এদল অস্ত্ৰধাৰী যুৱকে ব্যৱসায়ী জনক অপহৰণ কৰি নিয়ে ৷ ঘটনাৰ সময়ত
নিৰঞ্জন সাহাৰ সৈতে তেঁৱৰ পুত্ৰ এজনো আছিল ৷ জানিব পৰা মতে, নাবাং বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী নিৰঞ্জন সাহাই দোকান বন্ধ কৰি পুতেকৰ লগত বাইকেৰে কৃষ্ণাইৰ ঘৰলৈ উভতি অহাৰ পথতে কোনো উগ্ৰবাদী সংগঠনৰ সদস্যই পুত্ৰৰ সমুখতে পিতৃক অস্ত্ৰ দেখুৱাই অপহৰণ কৰি লৈ যায় ৷ ইয়াৰ পৰবৰ্তী সময়ত কোনো মতে প্ৰাণ বচাই পলাই অহা পুত্ৰই আৰক্ষীক সবিশেষ অৱগত কৰে ৷ সেই মৰ্মে যোৱা নিশা জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে নিৰঞ্জন সাহাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এই সফলতাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷ অৱশ্যে এই ঘটনাত কোন সংগঠনৰ সদস্য জৰিত সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও তদন্তৰ শেষত সবিশেষ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিব দিয়ে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Repor

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা