টাটা মটৰ্ছে আগবঢ়াইছে ইয়াৰ প্ৰতিষ্ঠিত ফ্লেগশ্বিপ এছ.ইউ.জি. নৱীনতম ছাফাৰি




ষ্টাফ ৰিপ'ৰ্টাৰ,,,,২৩ ফেব্ৰুৱাৰী
ভাৰতৰ অগ্ৰণী অট'ম'টিভ ব্ৰেণ্ড টাটা মটৰ্ছে মঙলবাৰে ইয়াৰ প্ৰিমিয়াম ফ্লেগশ্বিপ এছ.ইউ.ভি.-নৱীনতম ছাফাৰি মুকলি কৰে। টাটা মটৰ্ছে এক  অভিব্যক্তিপূৰ্ণ আৰু মজবুত ৰূপৰ সৈতে ছাফাৰিৰ 'এডভেঞ্চাৰ' পাৰ্ছ'নাৰো উন্মোচন কৰে। এই সন্দৰ্ভত টাটা মটৰ্ছৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্য্যবাহী বিষয়া মি. গাণ্টাৰ বুটশ্বেকে কয়"-ই ২০২০ চনত লঞ্চ কৰা 'নিউ ফৰএভাৰ' শ্ৰেণীৰ কাৰ আৰু এছ.ইউ.ভি.সমূহৰ মাজত শীৰ্ষস্থান প্ৰাপ্ত কৰিছে । এই নতুন ছাফাৰি হৈছে দ্ৰুত বৰ্দ্ধমান বজাৰ খণ্ডসমূহত উপস্থিত বৃদ্ধি কৰিবৰ বাবে  আমাৰ উল্লেখিত অভিপ্ৰায়ৰ এক প্ৰভাৱশালী অনুমোদন। ইয়াৰ ব্যতিক্ৰমী গঠনৰ বৈশিষ্ট্য তথা প্ৰিমিয়াম ফিনিশ্ব, ক্ষমতা আৰু পাৰদৰ্শিতাই ব্ৰেণ্ডটোৰ পৰিস্থিতি ঐতিহ্যৰ উন্নতি সাধন কৰে আৰু 'নতুন ফৰএভাৰ' শ্ৰেণীৰ মুখ্য বৈশিষ্ট্য সমূহ ৱিবর্ধিত কৰে"। আনহাতে এই সন্দৰ্ভত টাটা মটৰ্ছৰ বাহন ব্যৱসায় এককৰ অধ্যক্ষ শৈলেন চন্দ্ৰাই কয়"-ছাফাৰিয়ে ভাৰতক এছ.ইউ.ভি.জীৱন শৈলীৰ সৈতে পৰিচিত কৰিছিল আৰু ইয়াৰ সমসাময়িক অৱতাৰ নতুন 
ছাফাৰি হৈছে বৰ্তমানৰ এছ.ইউ.ভি.ৰ গ্ৰাহক সকলৰ বহুমুখী জীৱন শৈলীৰ সৈতে সংগতিপূৰ্ণ"।উল্লেখযোগ্য যে,  ৬/৭ আসনযুক্ত নতুন ছাফাৰি টাটা মটৰ্ছ ডীলাৰশ্বিপত প্ৰাৰম্ভিক মূল্য INR ১৪ .৬৯ ত  ক্ৰয়ৰ বাবে উপলব্ধ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা