ৰঙিয়া সমষ্টিত শক্তিশালী ৰূপত কংগ্ৰেছৰ প্ৰাৰ্থী যুৱ নেতা ৰাজীৱ খান

প্ৰতিবেদক, ৰঙিয়া, ২৩ ফেব্ৰুৱাৰীঃ
সমাগত বিধান সভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যত শাসক বিৰোধী সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে ৰণডংকা বজাবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যত শাসন কৰি থকা বিজেপিৰ চৰকাৰক উৎখাত কৰিবলৈ কেইবাটিও ৰাজনৈতিক দলে একত্ৰিত হৈ মহাজোঁট বন্ধন গঠন কৰি পৰৱৰ্তী বিজেপি বিৰোধী চৰকাৰ গঠন কৰাৰ সপোন ৰচিছে।কংগ্ৰেছ দলে অসম বচাওঁ শীৰ্ষক শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ বিজয়ী সমষ্টি ৰঙিয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্বক লৈ শংকাত ভূগিছে কংগ্ৰেছ দলে। কিয়নো বিজেপিক চৰকাৰৰ পৰা ওফৰাবলৈ গঠন হোৱা মহাজোঁট বন্ধনত ৰঙিয়া সমষ্টিটো চিপিএমৰ প্ৰাৰ্থীক এৰি দিয়াৰ কুচকাৱাজ চলি আছে । ইতিমধ্যে আঠ গৰাকীকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ লগতে সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে কোনোমতে মানি নলয় ৰঙিয়া সমষ্টিতো চিপিআই (এম)ক এৰি দিয়াটো।এইক্ষেত্ৰত মানৱ অধিকাৰ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক তথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ বিটিআৰৰ আহ্বায়ক, যুৱ নেতা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰাজীৱ খান কয় যে, ৰঙিয়া সমষ্টিত বৰ্তমান চিপিআইএম দলৰ জয়ী হোৱাৰ ক্ষেত্ৰত ৰাইজৰ মাজত অকনো আশা নাই । সমাগত বিধানসভা নিৰ্বাচনত মহা জোটবন্ধনৰ প্ৰাৰ্থী হিচাপে ৰঙিয়া সমষ্টিত চিপিএমৰ প্ৰাৰ্থীক এৰি দিয়াটো মহাজোঁট বন্ধনৰ ডাঙৰ ভুল হব, কিয়নো চিপিআইএম দলৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয় লাভৰ সম্ভাৱনা বহুগুণে বেছি। ইতিমধ্যে সংবাদ মাধ্যমত সৰভোগ আৰু ৰঙিয়া সমষ্টি চিপিআইএম দলক দিব বুলি সাম্ভাব্য বাতৰি প্ৰকাশ পাইছিল ।আনহাতে চিপিএমৰ বৰ্ষীয়ান নেতা হেমেন দাসেও ৰঙিয়া সমষ্টিত চিপিএম দলৰ প্ৰাৰ্থী থাকিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰাত দলৰ নিষ্ঠাবান কৰ্মী সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰৰ লগতে যুৱ নেতা খানেও ক্ষোভ উজাৰে। কিয়নো ভৱিষ্যতে ৰঙিয়াত কংগ্ৰেছ দলৰ কৰ্মকৰ্তা নোহোৱা কৰাৰ পৰিকল্পনা কৰাটোহে হব বুলি অভিযোগ কৰে।যি সময়ত পঞ্চায়ত নিৰ্বাচনত চৌদিশে বিজেপিৰ প্ৰাৰ্থী বিজয়ী, সেইসময়তো কিন্তু ৰঙিয়া সমষ্টিত বহু কেইখন আসনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী বিজয়ী হৈছিল।
ৰঙিয়া বিধান সভা সমষ্টিটো যাতে কোনো কাৰণতে চিপিআইএম দলক এৰি নিদিয়ে তাৰ বাবে ইতিমধ্যে বিভাগীয়  দলৰ উৰ্দ্ধতম কৰ্তৃপক্ষক স্মাৰক পত্ৰ দিয়াৰ উপৰি হেচা দিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক আদিত্য শৰ্মাক।লগতে ৰাজীৱ খানে কয় যে যোৱা বিধান সভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে দ্বিতীয় স্থানত আছিল কিন্তু চিপিআই এমৰ প্ৰাৰ্থীগৰাকীয়ে বিধান সভা নিৰ্বাচনত পঞ্চমস্থান লাভ কৰিছিল। আনহাতে ৰঙিয়াৰ সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে এইবেলি বিধান সভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী যুৱ নেতা খানক বিপুল ভোটত জয়ী কৰাৰ বাবে সাংগঠনিক ভেটি অধিক মজবুত কৰি তোলাৰ কথাও অৱগত কৰে । লগতে কয় যে, যোৱা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে পোৱা ভোটোবোৰ চিপিআই এম দলৰ প্ৰাৰ্থী গৰাকীলৈ যোৱাতো বহুত কঠিন হব, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী দিলে কংগ্ৰেছৰ ভোট বিভাজন নহয়।এইক্ষেত্ৰত নিশ্চিত জয়ীৰ দাবী তোলে খানে । আৰু খানে কয় যে মানৱ অধিকাৰ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক, প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বিটিআৰৰ আহ্বায়ক হোৱাৰ বাবে সমষ্টিটোত যথেষ্ট সাংগঠনিক দিশত শক্তিশালী কৰি তোলা হৈছে। যাৰ বাবে ইয়াৰ ফলপ্ৰসূ নিৰ্বাচনত লাভ কৰিব।ইয়াৰ উপৰি ইতিমধ্যে কৰ'না সময়ছোৱাত সমষ্টিৰ সৰহ সংখ্যক ৰাইজৰ ওচৰত গৈ সা-খবৰ লোৱা, সুখে দুখে আপদ বিপদত ওচৰত ঠিয় হোৱা দলীয় সভা সমিতিত আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা,ৰোগীয়া লোকক পৰ্যাপ্ত পৰিমাণে চিকিৎসাৰ বাবে সহায় কৰাৰ, যুৱচামে আয়োজন কৰা খেল ধেমালি প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদিত সহায় আগবঢ়াই খানে অতিকৈ জনপ্ৰিয় যুৱ নেতা হিচাপে ৰঙিয়া সমষ্টিটোত কংগ্ৰেছৰ মাজত চৰ্চা লাভ কৰিছে। সেই হেতুকে ৰঙিয়া বিধান সভা সমষ্টিত সমাগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থী হিচাপে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে জয় নিশ্চিত হব বুলি দাবী তোলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা