কৃষ্ণাইখাটত ৰাইজৰ দলৰ সভা≈≈হিন্দুত্ববাদৰ নামত ব্ৰাক্ষ্মণ্যবাদৰহে সৃষ্টি কৰিছে বিজেপিয়ে

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ফেব্ৰুৱাৰীঃ "জাতি, মাটি, ভেটিৰ শ্ল’গানেৰে ক্ষমতা দখল কৰা বিজেপি দলে অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বিপৰীতে পূঁজিপতিৰ স্বাৰ্থতহে কাম কৰি আহিছে ৷ হিন্দুত্ববাদৰ নামত ব্ৰাক্ষ্মণ্যবাদৰহে সৃষ্টি কৰিছে ৷" এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ সভাপতি দিলীপ বৰাৰ ৷ আজি নগাঁও সদৰ সমষ্টিৰ এলেকাধীন কৃষ্ণাইখাটত ৰাইজৰ দলৰ এখন সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে-ৰাষ্ট্ৰা-ঘাট বনালেই উন্নয়ন নহয় ৷ বৰ্তমান বিজেপি চৰকাৰে অসমৰ মানুহক মগনীয়া বনাব বিচাৰিছে ৷ কাৰণ সকলোতে ৰাইজক বিনামূলীয়াকৈ সামগ্ৰী প্ৰদান কৰি সকলোকে কৰ্মহীন কৰি তুলিছে ৷ স্থানীয় সমাজকৰ্মী সোনটি শইকীয়াই সভাপতিত্ব কৰা সভাখনিত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদক বুবুল শৰ্মাই কয় যে--বিজেপি চৰকাৰে স্বদেশীক খেদি বিদেশীক আদৰি লৈছে ৷ কাৰণ "কা"ৰ জৰিয়তে হিন্দু বঙালীক বৰপীৰা পাৰি দিছে ৷ সভাত কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সভাপতি খগেন গায়নে কয় যে--ধৰ্মৰ নামত বিজেপিয়ে জাতিটোক ভাগ ভাগ কৰিছে ৷ মূল্যবৃদ্ধিৰ জৰিয়তে ৰাইজক কোঙা কৰি পেলাইছে ৷ সভাত কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰা, কৃষক নেতা নৰেন বৰা আৰু অশীতিপৰ কৃষক ডিম্বেশ্বৰ বৰাইও ভাষণ ৰাখে ৷ এই সভাতে ডিম্বেশ্বৰ বৰাক সভাপতি, যতীন ডেকাৰজাক সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ দক্ষিণপাট আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ ৰাইজৰ দলৰ বিত্ত সম্পাদক নৰেন বৰাই আঁত ধৰা সভাখনিত অঞ্চলটোৰ তিনি শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা