অসম প্ৰিমিয়াৰ আন্তঃক্লাৱ ক্ৰিকেটত অভিলেখ গঢ়িলে লক্ষ্ণৌৰ অৰ্জুন কুমাৰে

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ ফেব্ৰুৱাৰীঃ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ নগাঁও মণ্ডলৰ শুকুৰবাৰৰ প্ৰথমখন ছেমিফাইনেল খেলে দৃষ্টি আকৰ্ষণ কৰে ক্ৰিকেট অনুৰাগীৰ ৷ প্ৰতিদণ্দীতা হৈছিল ত্ৰিনয়ন ক্লাৱ আৰু ষ্টাৰ স্প’ৰ্টিং ক্লাৱৰ মাজত ৷ প্ৰথমে বেট ধৰা ষ্টাৰ স্প’ৰ্টিঙৰ অপেনাৰ বেটছমেন অৰ্জ্জুন কুমাৰে প্ৰথমৰ পৰাই খেলিছিল আক্ৰামক শ্বট ৷ এফালৰ পৰা কোবাই গৈছিল ছয় আৰু চাৰি ৷ ষ্টাৰ স্প’ৰ্টিঙৰ আন কেইজন বেটছমেন ফিল্ডত বিশেষ ভাবে সফল হ’ব পৰা নাছিল যদিও অপেনাৰ অৰ্জ্জুন কুমাৰে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিছিল মেছখন ৷ অৰ্জ্জুনে খেলখনত ১১৬ টা বল খেলি সংগ্ৰহ কৰা ২৫১ ৰানৰ সহায়ত দলটোয়ে সংগ্ৰহ কৰে সৰ্বমুঠ ৩৪৭ ৰান ৷ বেটিঙত এই দুৰ্দান্ত প্ৰদৰ্শন দেখুৱা অৰ্জ্জুন কুমাৰৰ ঘৰ লক্ষ্ণৌত ৷ এতিয়া নগাঁৱৰ ষ্টাৰ স্প’ৰ্টিং ক্লাৱৰ ৰেজিষ্টাৰত খেলুৱৈ ৷ বিগত সময়ত নগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰি Under-19 আৰু Under-23ত অসম দলৰ হৈ খেলিছিল এই ৩২ বছৰীয়া প্ৰতিভাৱান ক্ৰিকেটাৰ জনে ৷ প্ৰতিভাৱান ক্ৰিকেটাৰ জনৰ অধীনত দিল্লী গুৰগাঁৱত আছে এখন ক্ৰিকেট একাডেমিও ৷ অনাগত দিনটো নগাঁৱক প্ৰতিনিধিত্ব কৰি অসমৰহৈ খেলাৰ মন এই দুৰ্দান্ত বেটছমেন গৰাকীৰ ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত শুকুৰবাৰে খেলুৱৈ গৰাকীয়ে দেখুওৱা দুৰ্দান্ত বেটিঙে অসমৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা