মহিলাই হাঁহিলেহে সমাজে হাঁহিব : চন্দ্ৰ মোহন পাটোৱাৰী

বৰপেটাত জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচীৰ উদ্ধোধন*   

 সঞ্জীৱ দাস, বজালী, ২৩ ফেব্ৰুৱাৰী: মহিলা সকল খুব নিষ্ঠাবান আৰু সৎ। তেওঁলোকে সকলো কাম অতি নিষ্ঠাৰে ৰূপায়ন কৰে। আজি বৰপেটা জিলাত গ্ৰামীণ  জীবিকা অভিযান মিছনৰ অধীনৰ জীবিকা সখী সকলৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত ৰাজ্যৰ পৰিবহন আৰু উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইদৰে কয়। বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্ধোধনী সভাত দিয়া ভাষণত তেওঁ আৰু  কয় যে, "আমি অসমৰ সকলো অঞ্চলৰ মহিলাৰ মুখত হাঁহি চাব বিচাৰোঁ - অন্তৰৰ মুকলি হাঁহি। কাৰণ মহিলাই হাঁহিলেহে সমাজে হাঁহিব, ৰাজ্য‌ই হাঁহিব।" সভাত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে  বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাজ্য চৰকাৰৰ এই অভিনৱ আচনিখনৰ ভূয়সী প্ৰশংসা কৰি ইয়াৰ দ্বাৰা গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক বিকাশ তৰান্বিত হব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে দিয়া আদৰণি ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে বৰপেটা জিলাত ১৮৯ গৰাকী জীবিকা সখীক স্কুটী বিতৰণ কৰিবলৈ লোৱা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এতিয়ালৈ জিলাখনত ১৩,০৬৪ টা আত্মসহায়ক গোট গঠন কৰা হৈছে যাৰ সৈতে ১.৪৪ লাখ পৰিয়াল প্ৰত্যক্ষভাবে জড়িত হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। এই গোট সমূহৰ ৮,১০৮ টা গোটক কনকলতা মহিলা সবলীকৰণ আঁচনিৰ সুবিধা ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু আন ১৮৯১ টা গোটত সাহাৰ্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। শৰ্মাই লগতে কয়, ইয়াৰ দ্বাৰা ৰাজ্যৰ গ্ৰাম্যাঞ্চলত এক নিৰৱ অৰ্থনৈতিক বিপ্লৱ সংঘটিত হোৱাৰ লগতে মহিলা সবলীকৰণৰ দিশতো যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। শৰ্মিষ্ঠা দাসে আতধৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়া‌ই। সভাত অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাস, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল চন্দ্ৰ দাস, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক (দক্ষতা) শিবানী বৰঠাকুৰ, জিলা প্ৰকল্প প্ৰৱন্ধক ছুমিত প্ৰসাদ দাস, জিলা পৰিবহন বিষয়া অপূৰ্ব দাস আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহা প্ৰৱন্ধক ঋতুমণি পাছনী আদিও  উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা