বিজেপি ৰাষ্ট্ৰীয়তাবাদী নহয় ,বিজেপি হৈছে দেশদ্ৰোহী -- আব্দুল হাইনাগৰি

বঙাইগাঁৱত ডাংতল ব্লক কংগ্ৰেছ আৰু বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছৰ উদ্যোগত 'বুথ সংকল্প শিবিৰ'
 ফণীভূষণ চৌধুৰী এজন অকৰ্মণ্য বিধায়ক 


বঙাইগাঁওঃ ২৪ ফেব্ৰুৱাৰীঃ আজি কিছুমানে ৰাষ্ট্ৰীয়তাবাদৰ কথা কৈছে ৷ এই ৰাষ্ট্ৰীয়বাদৰ কথা কোৱাসকল হ'ল বিজেপি ৷ বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদৰ কথা কয় ৷ কিন্তু এই বিজেপি ৰাষ্ট্ৰীয়তাবাদী নহয় ৷ বিজেপি হৈছে দেশদ্ৰোহী ৷ এই মন্তব্য উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুল হাই নাগৰিৰ ৷ আজি বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত শ্ৰীশ্ৰী ৰঘূনাথ মন্দিৰ প্ৰাংগণত ডাংতল ব্লক কংগ্ৰেছ আৰু বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত 'বুথ সংকল্প শিবিৰ' শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত  বিধায়কগৰাকীয়ে এই মন্তব্য কৰে ৷ বিধায়ক নাগৰিয়ে কয় যে তেওঁলোকক দেশদ্ৰোহী বুলি এই কাৰণে কৈছো যে আজিৰ যিবিলাক বিজেপি তেওঁলোকৰ পূৰ্বপুৰুষসকল দেশৰ গাড্ডাৰ আছিল ৷ বৃটিছৰ দালাল আছিল ৷ তেওঁলোকে বৃটিছৰ সপক্ষে কাম কৰিছে , বৃটিছৰ চোৰাংচোৱাগিৰি কৰিছে ৷ স্বাধীনতা আন্দোলনৰ বিৰোধীতা কৰি বৃটিছৰ পক্ষে আন্দোলন কৰিছিল ৷গতিকে তেওঁলোক বৃটিছৰ দালাল ৷ সেইসকলৰে আজি উত্তৰ পুৰুষ হৈছে বিজেপি ৷ সেই বাবে এই বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদী বুলি দাবী কৰাতো এটা মিছা দাবী ৷ কংগ্ৰেছ হৈছে প্ৰকৃত পক্ষত ৰাষ্ট্ৰীয়তাবাদী আৰু কংগ্ৰেছৰ নেতৃত্বতে দেশে স্বাধীনতা অৰ্জন কৰিছে ৷ বিজেপিসকলে দেশৰ স্বাধীনতাৰ বিৰোধীতা কৰিছে আৰু দেশখন স্বাধীন হোৱাৰ পিচত তেওঁলোকৰ অভিভাৱক হ'ল আৰ এছ এছ ৷ আৰ এছ এছয়ে মহাত্মা গান্ধীক হত্যা কৰিছে ৷ গতিকে তেওঁলোকে কিহৰ কৃতিত্ব ল'ব খোজে ? কোনো কৃতিত্ব তেওঁলোকৰ নাই ৷ দেশ গঢ়াৰ কামত , দেশৰ স্বাধীনতা অৰ্জনৰ কামত , দেশখন সৃষ্টি কৰি উন্নয়ন কৰাৰ কামত সম্পূৰ্ণ কৃতিত্ব কংগ্ৰেছ দলৰ ৷ এই কাৰণে আজি যদি কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয়তাবোধ নাই তেতিয়াহলে সেইটো মিছা কথা কোৱা হ'ব ৷ এইটো সকলোৱে জানে যে কংগ্ৰেছ হৈছে ৰাষ্ট্ৰীয়তাবাদী , কংগ্ৰেছে দেশ সৃষ্টি কৰিছে ,স্বাধীন কৰিছে, উন্নয়ন কৰিছে আৰু আজিৰ এই পৰ্যায়লৈ আনিছে ৷ 

ইপিনে বিগত ৩৫ টা বছৰে বঙাইগাঁও বিধান সভা সমষ্টিটো অগপ দলৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে দখল কৰি আছে যদিও কংগ্ৰেছ দলে সমষ্টিটো দখল কৰিবলৈ সক্ষম হোৱা নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত কংগ্ৰেছ বিধায়কগৰাকীয়ে কয় যে  হয় , আমি সমষ্টিটো দখল কৰিবলৈ পৰা নাই ৷ ফণীভূষণ চৌধুৰীয়ে একো কামো নকৰে ,অথচ আমি তেওঁৰ হাতৰ পৰা সমষ্টিটো কাঢ়ি ল'ব পৰা নাই ৷ এইক্ষেত্ৰত আমাৰো কিছু দুৰ্বলতা আছে , যাৰ বাবে আমি ৩৫ টা বছৰে সমষ্টিটো দখল কৰিব পৰা নাই ৷ এতিয়া আমি সবল বুলি ভাবো ৷ যি দুৰ্বলতা আছিল এতিয়া সবল বুলি ভাবো ৷ সাংগঠনিক স্থিতি পূৰ্বতকৈ বহুখিনি মজবুট হৈছে ৷ বিধায়কগৰাকীয়ে ফণীভূষণ চৌধুৰীক সমালোচনা কৰি কয় যে ফণীভূষণ চৌধুৰী এজন অকৰ্মণ্য বিধায়ক ৷ সাতবাৰকৈ  অৰ্থাৎ ৩৫ বছৰ ধৰি তেওঁ বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক হৈ থাকিল যদিও কোনো কাম নকৰে ৷ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে ৷ পাকঘৰত সোমাই ভাত বাঢ়ি খাই মামী ,খুড়ী, জেঠী বুলি সকলোকে মাতে আৰু আমাৰ সৰ্বসাধাৰণ মানুহখিনি তাতে ভোল যায় ৷ তেওঁৰ এনে সৰলতাৰ বাবে মানুহখিনিয়ে কেওঁক ভোট দিয়ে ৷ কামৰ ফালেদি একো নাই ৷ বঙাইগাঁও সমষ্টিৰ জনসাধাৰণে তেওঁৰ কামৰ খতিয়ান  নিবিচাৰে ৷ কিন্তু এইবেলি বঙাইগাঁৱৰ জনসাধাৰণে ৩৫ বছৰে তেওঁ কি কাম কৰিলে তাৰ ক্ষতিয়ান বিচাৰিব  ৷ মই বিগত ২০০৬ চনত যেতিয়া উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আছিলোঁ তেতিয়া প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল আৰু আমিহে মুখ্যমন্ত্ৰীগৰাকীক বঙাইগাঁৱত উৰণীয়া সেতু নিৰ্মাণ কৰিব লাগে , অসামৰিক চিকিৎসালয় নিৰ্মাণ কৰিব লাগে বুলি কৈ মিলি আগ্ৰহ সৃষ্টি কৰিছিলোঁ ৷ উৰণীয়া সেতুৰ আধাৰশিলাৰ সময়ত বিধাক ফণীভূষণ চৌধুৰীক আমন্ত্ৰণ কৰা হৈছিল যদিও নাহিল ৷ অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থপনৰ সময়তো তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল যদিও অহা নাছিল ৷ আনকি অসামৰিক চিকিৎসালয় আৰু উৰণীয়া সেতুৰ উদ্বোধন কৰাৰ সময়তো আমন্ত্ৰণ জনোৱাৰ পিচতো তেওঁ অনুষ্ঠানত উপস্থিত নাছিল ৷ গতিকে তেওঁৰ নিজৰ সমষ্টিৰ এটা উন্নয়নমূলক কাম চৰকাৰে নিজাববীয়াকৈ কৰাৰ বাবে চৰকাৰক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে আৰু অনুষ্ঠানত উপস্থিত থাকিব লাগে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁ ক'ব লাগিছিল যে মই নোকোৱা স্বত্বেও আপুনি এই কামখিনি কৰি দিয়াৰ বাবে মোৰ সমষ্টিৰ এলেকাৰ ৰাইজৰ উপকাৰ হ'ল ৷ তাৰ বাবে  আপোনাক ধন্যবাদ জনালোঁ ৷ কিন্তু ধন্যবাদ আৰু কৃতজ্ঞতাখিনিও তেওঁ জনাব নাজানে ৷ অৰ্থাৎ তেওঁ কোনো কামেই নকৰে ৷ তথাপি কিন্তু ৰাইজে তেওঁক ভোট দি আছে ৷ এইবেলি তেওঁৰ কামৰ ক্ষতিয়ান জনসাধাৰণে ল'ব আৰু সাংগঠনিক দিশত আমি যিমান শক্তিশালী হৈছো আৰু সংগঠিত হৈছো সেই ফালৰ পৰা মই আশাবাদী যে এইবাৰ বঙাইগাঁও সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰীক বিদায় দিম আৰু কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত হ'ব ৷ আনহাতে একালৰ কংগ্ৰেছ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই হকে বিহকে কংগ্ৰেছ দলক তুচ্ছ- তাচ্ছিল্য কৰি অহা সন্দৰ্ভত বিধায়ক আব্দুল হাইনাগৰিয়ে কয় যে এজন ব্যক্তিয়ে যদি তুচ্ছ- তাচ্ছিল্য কৰে সেয়া তেওঁৰ নিজা কথা ৷ তাত তেওঁৰ নিজৰ অশালীনতা প্ৰকাশ পায় ৷ তেওঁৰ সৌজন্যতা নাই ,ভদ্ৰতা নাই, তেওঁৰ কৃতজ্ঞতা জ্ঞান নাই ৷ কংগ্ৰেছ এনেকুৱা এটা দল নহয় যে তাক তুচ্ছ- তাচ্ছিল্য কৰিব ৷ এইটো দলৰ ইতিহাস আছে ৷ কংগ্ৰেছৰ নেতৃত্বত ৬৩ বছৰ কাল স্বাধীনতা সংগ্ৰাম কৰি এই দেশত আমি স্বাধীনতা লাভ কৰিছোঁ ৷ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন কৰি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে বুলিও কয় ৷ সেইদৰে সমাগত বিধান সভা নিৰ্বাচনকলৈ কংগ্ৰেছ দল প্ৰস্তুত বুলি কৈ নতুনকৈ প্ৰস্তুতি ল'ব লগা নাই বুলি কয় ৷ বিধায়কগৰাকীয়ে  কয় যে প্ৰস্তুতি আমি গোটেই বছৰটো কৰো আৰু পাঁচ বছৰে কৰো ৷ সেয়ে নিৰ্বাচন বুলি হঠাতে প্ৰস্তুতি ল'ব লগা নাই ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও হয়তো এই মাহৰ শেষৰ ফালে বা অহা মাহৰ প্ৰথম ভাগত হয়তো নিৰ্বাচনী অধিসূচনা জাৰি হ'ব যদিও আমি সম্পূৰ্ণ প্ৰস্তুত আছো ৷ কেৱল দলে আমাৰ প্ৰৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে আমি মনোনয়ন পত্ৰ দাখিল কৰিম ৷ প্ৰচাৰৰ বাবে আমি পিছুৱাই থকা নাই ৷ প্ৰচাৰ আমাৰ তুংগত আছে ৷ উল্লেখ্য যে বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদীপ লোধ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত বুথ সংকল্প শিবিৰত উদ্দেশ্য ব্যাখ্যা কৰে ডাংতল ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জয়নাল আবেদিনে ৷ শিবিৰত বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় মৃণাল অধিকাৰী, ভাস্কৰ সৰকাৰ , বিধায়ক আব্দুল হাইনাগৰি আদিয়ে বক্তব্য ৰাখে ৷ বিধায়কগৰাকীয়ে এতিয়া সভা পাতি থকাৰ সময় নাই বুলি কৈ কংগ্ৰেছ নেতা- কৰ্মীসকলক জনসাধাৰণৰ ঘৰে ঘৰে যাবলৈ আহ্বান জনায় ৷ লগতে প্ৰাৰ্থীত্ব কোনে পাব সেইটো নেভাবি প্ৰাৰ্থীত্বৰ দাবীদাৰসকলোকো প্ৰতিটো বুথত সোমাই দলীৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত লাগি পৰিবলৈ আহ্বান জনায় ৷ বিধায়কগৰাকীয়ে দলৰ প্ৰাৰ্থীসকলে কাম নকৰাৰ বাবেই বঙাইগাঁও সমষ্টিটো কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম নোহোৱা বুলিও মুকলিকৈ কয় ৷ লগতে সমষ্টিটো যি কোনো প্ৰকাৰে এইবাৰ দখল কৰিবলৈ সকলো কংগ্ৰেছ  নেতা- কৰ্মীক ঐক্যবদ্ধভাৱে কাম কৰিবলৈকো আহ্বান জনায় ৷ বিধায়কগৰাকীয়ে বৰ্তমানৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীক অকৰ্মাণ্য আখ্যা আৰু একো কাম নকৰা বুলি কৈ কেৱল পাকঘৰ ৰাজনীতি তথা সৰলতাৰ বাবেহে ৰাইজে তেওঁক ভোট দি অহা বুলি কয় ৷  শিবিৰত ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিয়ে প্ৰেৰণ কৰা তথা চত্তিশগড়ৰ পৰা অহা মাষ্টাৰ প্ৰশিক্ষক ৰাজেন্দ্ৰ চাহুৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সমষ্টিটোৰ পৰা এইবাৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ জ্যোতিৰ্ময় বৈশ্য আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ সামাজিক  মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ বীৰ কুমাৰ অধিকাৰীয়ে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ দিয়ে ৷  শিবিৰত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা সমষ্টিটোৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ গিৰীশ বৰুৱা , জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাৰ্থীত্বৰ দাবীদাৰ শংকৰ প্ৰসাদ ৰায় , আন এগৰাকী প্ৰাৰ্থীত্বৰ দাবীদাৰ শ্যামল নাৰায়ণ দেৱ, সেৱা দলৰ ৰাজ্যিক সম্পাদক সুব্ৰত আচাৰ্জীৰ লগতে ডাংতল আৰু বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সকল, বুথ কমিটিৰ সভাপতি-সম্পাদক, মহিলা কংগ্ৰেছ,জিলা যুৱ কংগ্ৰেছ,সমষ্টি যুৱ কংগ্ৰেছ,মণ্ডল যুৱ কংগ্ৰেছ,ইয়ং ব্ৰিগেড,সংখ্যালঘু কোষৰ বিষয়ববীয়া সকল, এন.এচ.ইউ.আইৰ কৰ্ম কৰ্তা সকল,আৰু প্ৰতিটো বুথ পৰ্য্যায়ৰ সমূহ নেতৃবৃন্দ তথা কৰ্ম কৰ্তাসকল উপস্থিত থাকে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা