সত্ৰীয়া পৰম্পৰাৰে গুৰুজনাৰ জন্মভূমিত সৰস্বতী পূজা পালন

 গুৰুজনাৰ জন্মভূমিত পুৰণি পৰম্পৰা অক্ষুন্ন ৰাখি অনুষ্ঠিত সৰস্বতী সৱাহ≈≈কোনো শিক্ষানুষ্ঠানত উদযাপিত নহ’ল সৰস্বতী পূজা #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ চৌদিশে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হয় যদিও সম্পূৰ্ণ এক বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত ৷ চাৰিওফালে উদ্ভৱ হোৱা পূজাকেন্দ্ৰীক উখল-মাখল পৰিবেশৰ বিপৰীতে বটদ্ৰৱাত পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰেহে উদ্ যাপন কৰা হয় সৰস্বতী সবাহ ৷ জানিব পৰা মতে, পুৱাৰে পৰা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ পুৰণি পৰম্পৰা সম্পূৰ্ণৰূপে অক্ষুন্ন ৰাখি শিক্ষানুষ্ঠানসমূহে পালন কৰিলে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ সবাহভাগী ৷ বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়, সতী ৰাধিকা ছোৱালী হাইস্কুল, বৰভেটী নিম্ন বুনিয়াদী বিদ্যালয়, শঙ্কৰদেৱ শিশু নিকেতন, বটদ্ৰৱা জাতীয় বিদ্যালয় প্ৰমুখ্যে কৰি বটদ্ৰৱাৰ শিক্ষানুষ্ঠানসমূহত পূৰ্বপৰম্পৰা অটুট ৰাখি সত্ৰীয়া ৰীতি-নীতিৰে খোল প্ৰসংগ কৰাৰ অন্তত নাম-কীৰ্তন কৰা হয় ৷ এই মৰ্মে, সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক তথা সত্ৰৰ ভকত-আইমাতৃসকলেও অংশগ্ৰহন কৰা পৰিলক্ষিত হয় ৷ নাম-কীৰ্তনৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল শৈক্ষিক ভৱিষ্যৰ অৰ্থে হৈ-ধ্বনী দি নামলগোৱাই আৰ্শীষ নিৰ্মালী প্ৰদান কৰে ৷ উল্লেখ্য যে বটদ্ৰৱা সৰুহিছা অংগনবাড়ী কেন্দ্ৰৰ লগতে অন্যান্য অংগনবাড়ী কেন্দ্ৰসমূহতো পুৱাৰ ভাগতে কন-কন শিশুসকলৰ উপস্থিতিত সৰস্বতী সবাহ অনুষ্ঠিত কৰি শিশুসকলৰ কুশল মংগল কামনা কৰা হয় ৷ উল্লেখ্য, পূৰ্বৰে পৰা বছৰ বছৰ ধৰি বটদ্ৰৱাত সৰস্বতী পূজাৰ বিপৰীতে সেই দিনটোত সৰস্বতী সবাহহে উদযাপন কৰি অহা হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা