কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত চৰকাৰে বিলম্ব কৰাত অসন্তুষ্ট তিনি সংগঠন

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত চৰকাৰে বিলম্ব কৰাত অসন্তুষ্ট তিনি সংগঠন  

বঙাইগাঁৱত অতুল ৰায় - বিশ্বজিৎ ৰায় আৰু ত্ৰৈলোক্য ৰায়ৰ যুটীয়া সংবাদ মেল

২২ ফেব্ৰুৱাৰীৰ ভিতৰত কে এ চিৰ ভিতৰৰ ব্যক্তিকলৈ অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠনৰ বাবে চৰকাৰক আহ্বান 


কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ হৈছে কোচ ৰাজবংশীসকলৰ মূল লক্ষ্যত উপনিত হোৱাৰ এটা আধাৰশিলা 

কোনো ব্যক্তি স্বাৰ্থ বা ব্যক্তি বিশেষক সংস্থাপিত কৰাৰ বাবে পৰিষদ নহয়


বঙাইগাঁও ২১ ফেব্ৰুৱাৰীঃ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ( কে এ চি)ৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন গঠনৰ ক্ষেত্ৰত এতিয়াও কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ মাজত মতানক্য অব্যাহত আছে ৷ ফলত জনগোষ্ঠীটোৰ দল- সংগঠনৰ এই মতানক্যৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিছে ৰাজনৈতিক দল তথা চৰকাৰে ৷ শেহতীয়াকৈ চৰকাৰে অন্তৰ্ৱৰ্তীকালীন পৰিষদখন গঠনৰ বাবে আগবাঢ়িছে যদিও কে এ চি এলেকাৰ বাহিৰৰ ব্যক্তিকলৈ গঠনৰ বিৰোধিতা কৰিছে জনগোষ্ঠীটোৰ তিনিটাকৈ সংগঠনে ৷ আজি গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত কোচ ৰাজবংশী সংগ্ৰাম সমিতি , সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু কোচ ৰাজবংশী জাতীয় মহাসভাই এখন যুটীয়া সংবাদ মেল আয়োজন কৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য আৰু অধ্যক্ষৰ দৰে মূল গুৰুত্বপূৰ্ণ পদ দুটাত পৰিষদীয় এলেকাৰৰ ভিতৰৰ ব্যক্তিক লৈ গঠন কৰাৰ বাবে বিজেপি দল ,অগপ দল আৰু চৰকাৰক আহ্বান জনায় ৷ যুটীয়া সংবাদ মেলত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় , কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে  কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন গঠনৰ ক্ষেত্ৰত চৰকাৰে বিলম্ব কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি কাইলৈৰ ভিতৰত অৰ্থাৎ ২২ ফেব্ৰুৱাৰীৰ ভিতৰতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ আইনৰ ৩৫ নং অনুচ্ছেদ অনুযায়ী পৰিষদৰ উপযুক্ত আৰু কোচ ৰাজবংশী সংগ্ৰামৰ লগত জড়িত ব্যক্তিকলৈ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন গঠন কৰিবলৈকো অসম চৰকাৰক আহ্বান জনায় ৷ সংবাদ মেলত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন ( কে এ চি )ইতিমধ্যে গঠন হ'ব লাগিছিল যদিও ৰাজনৈতিক কাৰণতেই হওক বা অন্যান্য কাৰণতেই হওক পৰিষদখনৰ গঠন প্ৰক্ৰিয়াত বিলম্ব হৈছে ,লেহেমীয়া হৈছে ৷ সেই কাৰণে আমি বিজেপি দল ,অগপ দল আৰু চৰকাৰক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ২২ ফেব্ৰুৱাৰীৰ ভিতৰত গঠন কৰাৰ বাবে আহ্বান জনাইছো ৷ সংগঠনটোৰ সভাপতিগৰাকীয়ে লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন গঠনৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাই এই অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ যি মুখ্য কাৰ্যবাহী সদস্য আৰু অধ্যক্ষ পদ আছে এই পদ দুটাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ভিতৰৰ এলেকাৰ ব্যক্তিক মনোনীত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ আমাৰ এই আহ্বানক বিজেপি আৰু অগপ দল তথা চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিব বুলিও আশা ব্যক্ত  কৰে নেতাগৰাকীয়ে ৷ লগতে কে এ চিৰ বাহিৰৰ লোকসকলৰ কাৰণে যিখন কোচ ৰাজবংশী উন্নয়ন পৰিষদ আছে ,সেইখনো অতিশীঘ্ৰে অধিক শক্তিশালী ৰূপত গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷  ইপিনে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সংবাদ মেলত কয় যে কোচ ৰাজবংশীসকলৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত যোৱা বৰ্ষৰ তিনি চেপ্টেম্বৰত অসম চৰকাৰে অসম বিধান সভাত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ বিধেয়ক উত্থাপন কৰি গৃহীত কৰাৰ পিছত অসম চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও আজিলৈকে অন্তৰ্ৱৰ্তীকালীল পৰিষদ গঠন নকৰিলে ৷ চৰকাৰৰ এনে কাৰ্যত নেতাগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে যাৰ বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে ৷ লগতে আগন্তুক বিধান সভা নিৰ্বাচনকলৈ বিজেপি নেতৃত্বাধানী চৰকাৰখনে কিবা সুবিধা গ্ৰহণ কৰিব বিচাৰিছে নেকি বা কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোক ঢাকি ৰাখিবৰ কাৰণে এই পৰিষদৰ টোপটো দিছে নেকি বুলি বিভিন্ন কথা বতৰা সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে বুলিও কয় ৷ আনহতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন ২২ ফেব্ৰুৱাৰীৰ ভিতৰত কে এ চি এলেকাৰ ভিতৰৰ ব্যক্তিকলৈ গঠন কৰাৰ বাবে চৰকাৰক আহ্বান জনাই সংবাদ মেলত বিশ্বজিৎ ৰায়ে কয় যে কে এ চি গঠন সন্দৰ্ভত যিখন আইন আছে তাত স্পষ্টকৈ উল্লেখ আছে যে কে এ  চিৰ অন্তৰ্গত ব্যক্তিসকলকলৈ হে কে এ চি গঠন হ'ব ৷ ৰাভা, তিৱা, মিচিং, ডিমা-হাচাও, কাৰ্বি আৰু বডো় স্বায়ত্ত্বশাসিত পৰিষদসমূহোতো পৰিষদৰ অন্তৰ্গত ব্যক্তিয়েহে উক্ত পৰিষদত নিৰ্বাচন খেলিব পাৰে তথা চৰকাৰী মনোনীত সদস্য হ'ব পাৰে ৷ লগতে পৰিষদৰ ভিতৰৰ মানুহে ভোট দিব পাৰে ৷ গতিকে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ যিহেতু উপগ্ৰহীয় (Satellite) নহয় আৰু অবিভক্ত গোৱালপাৰা জিলাৰ চাৰিখন জিলাকলৈহে এই স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছে ,গতিকে পৰিষদৰ মুখ্য পদাধিকাৰী দুগৰাকীক পৰিষদৰ উপযুক্ত আৰু সংগ্ৰামৰ লগত জড়িত ব্যক্তিকলৈ পৰিষদখন গঠন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক আহ্বান জনায় ৷ সংগঠনটোৰ সভাপতিগৰাকীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনত জড়িত থকা আৰু জাতীয় শ্বহীদ সকলৰ ত্যাগ আৰু বলিদানক সন্মান জনাই আৰু কয় যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ হৈছে কোচ ৰাজবংশীসকলৰ মূল লক্ষ্যত উপনিত হোৱাৰ এটা আধাৰশিলা ৷ কাৰো ব্যক্তি স্বাৰ্থ বা ব্যক্তি বিশেষক সংস্থাপিত কৰাৰ বাবে পৰিষদ নহয় ৷ গতিকে পৰিষদৰ আইনক সকলোৱে শ্ৰদ্ধা জনোৱা উচিত আৰু সকলো কোচ ৰাজবংশী দল-সংগঠনে উদাৰ আৰু বহল মানসিকতৰে সহযোগিতা কৰা উচিত ৷ নেতাগৰাকীয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু অধ্যক্ষগৰাকীৰ শিক্ষাগত অৰ্হতা কমেও স্নাতকোত্তৰ ডিগ্ৰীডাৰী হ'ব লাগে বুলিও কয় ৷ বাকীসকলৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত আমাৰ বিশেষ ক'বলগীয়া নাই বুলি কৈ বাকী পদত বিজেপি অগপ দলৰ দুই এজন ব্যক্তক সংস্থাপিত কৰিলেও আমাৰ আপত্তি কৰিবলগীয়া নাই বুলি কয় ৷ কিন্তু মূল পদবী দুটাৰ ব্যক্তি দুগৰাকী যাতে পৰিষদীয় এলেকাৰ হয় তাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায় ৷ সেইদৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে কয় যে কে এ চি গঠনৰ যি আইন আছে সেই আইনত স্পষ্টভাৱে উল্লেখ আছে যে কে এ চিৰ ভিতৰৰ মানুহৰ কাৰণেহে কে এ চি আৰু গোটেই প্ৰক্ৰিয়া কে এ চি ৰ ভিতৰৰ মানুহৰ দ্বাৰাই হ'ব লাগে ৷ কিন্তু সেয়া যেন এতিয়া হ'বলৈ যোৱা নাই ৷ কাৰণ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ যিখন অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠনৰ কুচকাৱাজ চলিছে এইক্ষেত্ৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ হস্তক্ষেপত কে এ চি যি আইন আছে সেই আইনক ভংগ কৰি পৰিষদ এলেকাৰ বাহিৰৰ বেছিভাগ মানুহৰ দ্বাৰাই গঠনৰ প্ৰক্ৰিয়া চলিছে ৷ আমাৰ চৰকাৰলৈ এটাই আহ্বান যে চৰকাৰে নিজেই যিহেতু কে এ চি আইনখন প্ৰস্তুত কৰিছে ,গতিকে চৰকাৰে যাতে আইনখন সম্পূৰ্ণৰূপে  মানি চলি পৰিষদখন গঠন কৰে ৷ কে এ চি গঠনৰ আৰম্ভণিতে যাতে মন্ত্ৰী চন্দন ব্ৰহ্মই আইনখন ভংগ কৰি পৰিষদীয় অঞ্চলটোৰ ৰাইজক উপলুঙা নকৰে  তাৰ বাবে আহ্বান জনায় ৷ কাৰণ এ কে চি ৰ বাহিৰৰ মানুহক আনি সংস্থাপিত কৰিব বিচৰা এই ব্যৱস্থাৰ বাবে এতিয়া এ কে চি এলেকাৰ ভিতৰৰ মানুহখিনিয়ে  উপেক্ষিত অনুভৱ কৰিছে ৷  সংবাদমেল যোগে তিনিওগৰাকী নেতাই কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ বাবে চলিত মাহৰ ভিতৰতে মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ আগতে দীৰ্ঘদিনীয়া দাবী অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰ আৰু অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰক আহ্বান জনায় ৷ লগতে এই সংবাদ মেলৰ পিচতে কে এ চিৰ বাহিৰৰ লোক তথা দুই এটা সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে বুলি কৈ বিশ্বজিৎ ৰায়ে কয় যে তেওঁলোকৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই ৷ বিগত সময়চোৱাত সংগঠনটোৰ প্ৰতি তথা জাতিৰ প্ৰতি যি অৰিহণা তাক আমি উলাই কৰা নাই ৷আমি তেওঁলোকক সন্মান জনাও আৰু একেলগে কাম কৰিছিলো ৷ কিন্তু যিহেতু পৰিষদ এলেকাৰ ভিতৰৰ ব্যক্তিৰ দ্বাৰাহে পৰিষদ গঠন কৰা হয় আৰু বাকী স্বায়ত্বশাসিত পৰিষদৰ ক্ষেত্ৰতো এই ব্যৱস্থা আছে ,সেয়ে এই ব্যৱস্থাটো ইয়াতো পালন কৰিব লাগে ৷ লগতে যিখন কোচ ৰাজবংশী উন্নয়ন পকিষদ আছে সেইখনৰ অধ্যক্ষজন বিটিচি এলেকাৰ চাৰিখন জিলাৰ ভিতৰৰ পৰা দিব লাগে আৰু প্ৰতিখন জিলাৰ পৰা দুজনকৈ সদস্য দিব লাগে বুলিও কয় ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা