বঙাইগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বঙাইগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল 

আত্মনিৰ্ভৰশীল অসম গঢ়াৰ আহ্বান 

বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি প্ৰকল্পৰ ২২ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে 

ৰাজ্য চৰকাৰখনে অসমৰ বৰাক - ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ সম বিকাশৰ বাবে দৃষ্টান্তমূলকভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি অসম উন্নয়নৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িব পাৰিছে- মুখ্যমন্ত্ৰী


অসমক আমি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ় দিয়াৰ আমাৰ লক্ষ্য আছে আৰু সেই কাম আমি নিষ্ঠাৰে কৰি যাম -- মুখ্যমন্ত্ৰী


বঙাইগাঁওঃ ১৬ ফেব্ৰুৱাৰীঃ আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ আজি বঙাইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই আহ্বান জনাই লগতে কয় যে   চৰকাৰ আৰু ৰাইজ ঐক্যবদ্ধ ভাবে আগুৱাই গলে এই আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোন পুৰণ হব ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনতাৰ মাজত সম বিকাশ আৰু সমমৰ্যাদাৰ নীতি আগত লৈ আগবঢ়া বুলিও তেওঁ কয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি কেবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু শুভাৰম্ভ কাৰ্যসূচী হাততলৈ আবেলিৰ ভাগত বঙাইগাঁও জিলাত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত বঙাইগাঁও দুগ্ধ সংসাধন আৰু পেকেজিং প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ শুভ উদ্বোধন কৰি নিজৰ ভাষণত দৈনিক ১০ হাজাৰ পেকেজিঙৰ সুবিধা উপলব্ধ এই প্ৰকল্পই অঞ্চলটোৰ যুৱক -- যুৱতীসকলক কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰিব বুলি কয় ৷ লগতে এনে পদক্ষেপে আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমুকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব বুলি কয় ৷ ইপিনে ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁও সদৰ থানা চৌহদ উপস্থিত হৈ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে ৷ লগতে মাণিকপুৰ থানাৰো নৱ নিৰ্মিত ভৱনটো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে ৷ তাৰ পিচতে মুখ্যমন্ত্ৰীগৰাকী চিআইডিএফ আঁচনিৰ অধীনত  উত্তৰ বঙাইগাঁও ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি বঙাগাঁও মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা  এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সভাত নিজৰ ভাষণত আৰু কয় যে তেওঁৰ নেতৃত্বত চলা চৰকাৰ খনৰ আমোলত কোনো গোষ্ঠী সংঘৰ্ষ হোৱা নাই ৷ এই কথাৰ পৰাই স্পষ্ট হৈ পৰে যে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখনে সকলোকে সম মৰ্যাদা প্ৰদান কৰা বুলি ৷ তেওঁ লগতে কয় যে মিত্ৰ জোঁটৰ চৰকাৰ খনৰ আমোলত ২০১৬ চনৰ পৰা ২০২১ চনলৈকে অসমৰ প্ৰতিখন জিলাতে যথেষ্ট উন্নয়ন মূলক কাম কৰা হৈছে আৰু ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ লোকে উন্নতিৰ জখলা বগাবলৈ সক্ষম হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ মিত্ৰ জোঁটৰ চৰকাৰৰ  আমোলত হোৱা কাম কাজৰ কিছু খতিয়ানো দাঙি ধৰি কয় যে তেওঁৰ আমোলত অসমত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৯ হেজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ৷ এহেজাৰ খন কাঠৰ দলং বীৰ লাচিত আৰু বীৰ চিলাৰায় নামাকৰনৰে পকী দলংলৈ উন্নীত কৰন কৰা হৈছে ৷ ৮ খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৯ খন ইঞ্জিনীয়াৰিং কলেজ ৩২ খন আইটিআই ৩০ খন পলিটেকনিক স্থাপন কৰা হৈছে ৷ তদুপৰি আন দুখন বিশ্ববিদ্যালয় স্থাপন কৰি অসমৰ ছাত্ৰ সমাজৰ মাজত উন্নত শিক্ষা আৰু উচ্চ শিক্ষাৰ শক্তিশালী আন্তৰ্গাথনি প্ৰতিষ্ঠা কৰাৰ কৌশল চৰকাৰে হাতত লৈছে ৷ তেওঁ লগতে কয় যে অসমত শিক্ষিত নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে অসমৰ কৃষি খণ্ডৰ অধীনত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন আঁচনি ৰূপায়ণ কৰা হৈছে আৰু ৫৫ হাজাৰ কোটি টকা ব্যয় কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৰ্তমান ২.৫ মিলিয়ন মেট্ৰিক টনৰ পৰা ৫  মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে ১০ হাজাৰ কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত  লৈছে ৷ অহা ২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনা বঙাইগাঁও শোধনাগাৰৰ এই প্ৰকল্পক বাবদ প্ৰাৰম্ভিক পৰ্যায়ৰ ৩ হাজাৰ কোটি টকাৰ কাম ধেমাজিৰ চিলাপথাৰৰ পৰা শুভাৰম্ভ কৰিব ৷ তেওঁ লগতে কয় যে অসমৰ ৩৬ খন জিলাৰ ভিতৰত বঙাইগাঁও অন্যতম জিলা ৷ এই জিলা খনক দেশ  তথা বিশ্বৰ বুকুত অন্যতম জিলা হিচাপে জনাজাত কৰিব লাগিব ৷ যোগীঘোপাত ৩৫০০ কোটি টকা ব্যয় কৰি মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ৷ এই লজিষ্টিক পাৰ্কৰ কাম সম্পূৰ্ণ হলে নদী পথত যোগাযোগৰ ক্ষেত্ৰত এক আন্তৰ্জাতিক ভূমিকা পালন কৰিব বঙাইগাঁও জিলাৰ এই যোগীঘোপাই ৷ লগতে বঙাইগাঁৱত স্থাপন হ'ব লগীয়া ইঞ্জিনিয়াৰিং কলেজৰ পাঠ্যক্ৰম আৰম্ভ হলে নিশ্চিত ভাবে বঙাইগাঁও দেশৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব ৷ তেওঁ আৰু কয় যে বৰ্তমান চৰকাৰৰ আমোলত চৰকাৰৰ পৰা ৪৮ লাখ হিতাধিকাৰীলৈ আধুনিক শৌচালয় নিৰ্মাণ কৰি দিছে আৰু প্ৰায় ৪০ লাখ মহিলাক বিনামূলীয়াভাবে ৰন্ধন গেছৰ যোগান ধৰা হৈছে ৷ প্ৰায় ৭ লাখ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত  নতুন ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে বুলিও তেওঁ জনায় ৷ অৰুনোদয় আচনিৰ জৰিয়তে প্ৰায় ২২ লাখ পৰিয়ালক মাহিলী ৮৩০ টকাৰ সাহায্য প্ৰদান কৰা হৈছে ৷ যাতে এওঁলোক অন্ন বস্ত্ৰ চিকিৎসাৰ পৰা বঞ্চিত নহয় এই লক্ষ্য আগতলৈয়ে এই আঁচনি ৰূপায়ণ কৰা হৈছে ৷ চাহ বাগিচাৰ গৰ্ভৱতী মহিলা সকলক ছয় মাহৰ বাবে উন্নত পুষ্টি আহাৰ গ্ৰহণৰ উদ্দেশ্য লৈ ১২ হেজাৰকৈ অৰ্থ সাহায্য প্ৰদান কৰা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় ৷ প্ৰায় ৪০ লাখ মহিলাৰ আত্মসহায়ক গোটৰ প্ৰতিটো গোটলৈ ২৫ হেজাৰ টকাৰ প্ৰথম পৰ্যায়ৰ আৰ্থিক সাহায্য প্ৰদান কৰা বুলিও তেওঁ কয় ৷ আজিৰ এই সভাত মন্ত্ৰী ফণীভূষন চৌধুৰী , প্ৰাক্তন বিধায়ক ভূপেন ৰায় , বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া , বিজেপিৰ বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰী , অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা ,জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকসহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে  সম্পূৰ্ণা প্ৰকল্পৰ অধীনত মৎস সম্পদা যোজনা আৰু আৰু  যাযাবৰ প্ৰকল্পৰো শুভাৰম্ভ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰস্বতী পূজা উপলক্ষে বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত হৈ সৰস্বতীক সেৱা জনোৱাৰ লগতে ছাত্ৰ- ছাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে ৷ ইপিনে সাংবাদিকৰ আগত মুখ্যমনত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰখনে অসমৰ বৰাক - ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ সম বিকাশৰ বাবে দৃষ্টান্তমূলকভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি অসম উন্নয়নৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িব পাৰিছে ৷ অসমৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাও এই ক্ষেত্ৰত প্ৰাণ পাই উঠিছে ৷ কংগ্ৰেছে ৫৫ বছৰ কাল ৰাজত্ব চলালে ,কিন্তু তেওঁলেকে কেতিয়াও অসমৰ সকলো জিলাৰ সম বিকাশৰ বাবে কাম কৰা নাছিল ৷সেই কাৰণে ৰাইজে তেওঁলোকক প্ৰত্যাক্ষান কৰিছে ৷ কংগ্ৰেছে কাম কৰাৰ পৰিৱৰ্তে ৰাজভঁৰালৰ ধন আত্মসাৎ কৰিলে ৷ ফলত অসমৰ জনগণ ক্ষতিগ্ৰস্ত হ'ল ৷ কিন্তু বিজেপিয়ে সততা আৰু নিষ্ঠাৰে কাম কৰাৰ বাবে আজি বহু উল্লেখযোগ্য পৰিৱৰ্তন অসমৰ ৰাইজক দিবলৈ সক্ষম হ'ল ৷ যাৰ ফলত অসমৰ বৰাক - ব্ৰহ্মপুত্ৰ ,পাহাৰ- ভৈয়াম এতিয়া প্ৰাণ পাই উঠিছে ,জাকত জিলিকা হৈ উঠিছে ৷ আগন্তুক দিনত এইখন অসমক আমি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ় দিয়াৰ আমাৰ লক্ষ্য আছে আৰু সেই কাম আমি নিষ্ঠাৰে কৰি যাম ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা