টুপিয়া মুঢ়াদল সমবায় সমিতি কাৰ্যালয়ৰ প্ৰাঙ্গনত ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক কটাক্ষ বিধায়ক পদ্ম হাজৰিকাৰ

 চতিয়া সমষ্টিৰ অন্তৰ্গত টুপিয়া মুঢ়াদল সমবায় সমিতি কাৰ্যালয়ৰ প্ৰাঙ্গনত আজি শুক্ৰবাৰে মুঢ়াদল, চিলাবন্ধা, বৰভগীয়া আৰু নাগশংকৰ সমবায় সমিতিৰ সহযোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্ধোধন চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ । উক্ত সভাত সভাপতিৰ আসন অলংকৃত কৰে মুঢ়াদল সমবায় সমিতিৰ সভাপতি বিৰেন্দ্ৰ নেৱাৰে । উক্ত শুভ উদ্ধোধনী অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই প্ৰায় ৬ গৰাকী হিতাধীকাৰী লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন কাৰ্ড প্ৰদান কৰা পৰিলক্ষিত হয় । জানিব পৰা মতে চতিয়া সমষ্টিৰ অন্তৰ্গত মুঢ়াদল সমবায় সমিতিৰ পৰা মুঠ ৮৭৫৯, চিলাবন্ধা সমবায় সমিতিৰ পৰা মুঠ ৬৪০০, বৰভগীয়া সমবায় সমিতিৰ পৰা মুঠ ৬৩০০ আৰু নাগশংকৰ সমবায় সমিতিৰ পৰা মুঠ ১১০০০ হিতাধীকাৰী লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব । চতিয়া সমষ্টিৰ সৰ্বমুঠ ৩২,৪৫৯ জন হিতাধীকাৰী লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি আমাক জানিবলৈ দিয়ে মুঢ়াদল সমবায় সমিতিৰ সম্পাদক তপন শৰ্মাই । উক্ত সভাত আগন্তুক নিৰ্বাচনত চতিয়া সমষ্টিৰ পৰা প্ৰতিদণ্ডিতা কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাইছে  বিধায়ক পদ্ম হাজৰিকাই । ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয়-তেওঁৰ সৎ সাহস আছে যদি চতিয়ালৈ আহি আগন্তুক নিৰ্বাচনত মোৰ লগত প্ৰতিদণ্ডিতা কৰক । যিজন ৰিপুণ বৰাই ৰাজ্যিক সভাপতি হৈ নিজৰ পঞ্চায়তত নিজৰ ৱাৰ্ড মেম্বাৰকে জিকাব নোৱাৰিলে, সেইজন ৰিপুণ বৰাই চতিয়া সমষ্টিত কংগ্ৰেছ জিকাৰ কথা কোৱাটো হাস্যকৰ, ই এক অলিক কল্পনাহে ।বিধায়ক গৰাকীয়ে আৰু কয়- ৰিপুণ বৰা তিহাৰ জেলৰ পৰা ওলাই অহাৰ পাছতেই মুৰৰ বিকৃতি ঘটিছে সেইবাবেই কিছুদিন আগতে নিজ দলকে গালি পাৰি প্ৰলাপ বকিছে । ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিজেপিৰ বাবেই শুভ লক্ষণ বুলি উল্লেখ কৰি ৰিপুণ বৰাক কংগ্ৰেছত বিজেপিৰ এজেন্ট কৰি ৰাখিছো বুলিও কটাক্ষ কৰে বিধায়ক পদ্ম হাজৰিকাই ।

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments