Posts

Showing posts from February, 2020

নলবাৰীত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান

*নলবাৰীত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান*  *কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ কৰেক্সৰ বটল* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১ মাৰ্চ* ক্ৰমান্বয়ে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নলবাৰীত যোৱা নিশা নলবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বহু পৰিমানৰ নিচাসক্ত কৰেক্সৰ বটল । বৃহস্পতিবাৰে নিশা কলিতাকুছিৰ পৰা নলবাৰীলৈ লৈ অহা মুহুৰ্তত চহৰখনৰ কলেজ ৰোডত ১৩ গ্ৰাম ব্ৰাউন চুগাৰসহ দীপাংকৰ মেধি আৰু দ্বীপজ্যোতি মেধিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘন্টা পিছত পুনৰ অভিযান চলাই মোজাম্মিল আলী নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ গৃহৰ পৰা আৰক্ষীয়ে কাৰ্টুনে কাৰ্টুনে নিচাসক্ত কৰেক্সৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাবে কালি নিশাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মোজাম্মিল আলী চুৰি ডকাইতিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যত জড়িত বুলিও আৰক্ষীৰ আগত নিজ মুখে স্বীকাৰ কৰিছে । ইফালে ধৃত মোজাম্মিল আলীয়ে অবৈধভাবে ড্ৰাগছসমুহ ক্ৰয় কৰে আদাবাৰীৰ মন্টু কলিতা নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা । ইতিমধ্যে মোজাম্মিল আলী নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনে দিয়া স্বীকাৰোক্তিমতে তেওঁৰ পৰা পশ্চিম নলবাৰীৰ দেব শৰ্মা ন

তিনিমাহ পূৰ্বে বিবাহিত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা

Image
*তিনিমাহ পূৰ্বে বিবাহিত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা* *নলবাৰীৰ বাহঁজানীত শোকৰ ছাঁ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ ফেব্ৰুৱাৰী* নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত মুগকুছিৰ প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী তথা শিক্ষাপ্ৰেমী সদ্যবিবাহিত মৃগেন ডেকাই যোৱানিশা আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰবৰহী যুৱকজনে কি কাৰণত কি পৰিস্থিতিত আত্মহননৰ পথ ল'লে সেয়া অদ্যপি পোহৰলৈ অহা নাই। উল্লেখনীয় যে তিনিমাহ পূৰ্বে অৰ্থাৎ যোৱা পহিলা ডিচেম্বৰত মৃগেন ডেকাই ধুমধামেৰে নিজৰ বিয়া পাতিছিল। আজি পুৱা ৯-৩০ মান বজাত যুৱকজনৰ চিপজৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় তেওঁৰ শোৱনি কোঠাত। লগত তেওঁৰ নৱবিবাহিতা পত্নী নাছিল। তেওঁ আল্লিয়াৰ মাতৃগৃহত আছিল। যোৱা ২৬ ফেব্ৰুৱাৰীত তেওঁ মাতৃগৃহলৈ গৈছিল। যুৱকজনৰ আত্মহত্যা ৰহস্যময় হৈ পৰিছে । ৰাইজে প্ৰকাশ কৰা মতে সাংসাৰিক সংঘাটৰ সুত্ৰপাতেই মূল কাৰণ । আন একাংশই কব খোজে টকা পইচাৰ ধাৰৰ বাবে যুৱকজনে এনে কঠোৰ সিদ্ধান্ত লৈছে। আজি পুৱা বহু সময়লৈকে যুৱকজন শোৱাপাটিৰ পৰা উঠি নহাত আৰু বাহিৰৰ পৰা মাতিও কোনো সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্ৰৱেশ কৰি তেওঁৰ

তিনিমাহ পূৰ্বে বিবাহিত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা

*তিনিমাহ পূৰ্বে বিবাহিত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা* *নলবাৰীৰ বাহঁজানীত শোকৰ ছাঁ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ ফেব্ৰুৱাৰী* নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত মুগকুছিৰ প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী তথা শিক্ষাপ্ৰেমী সদ্যবিবাহিত মৃগেন ডেকাই যোৱানিশা আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰবৰহী যুৱকজনে কি কাৰণত কি পৰিস্থিতিত আত্মহননৰ পথ ল'লে সেয়া অদ্যপি পোহৰলৈ অহা নাই। উল্লেখনীয় যে তিনিমাহ পূৰ্বে অৰ্থাৎ যোৱা পহিলা ডিচেম্বৰত মৃগেন ডেকাই ধুমধামেৰে নিজৰ বিয়া পাতিছিল। আজি পুৱা ৯-৩০ মান বজাত যুৱকজনৰ চিপজৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় তেওঁৰ শোৱনি কোঠাত। লগত তেওঁৰ নৱবিবাহিতা পত্নী নাছিল। তেওঁ আল্লিয়াৰ মাতৃগৃহত আছিল। যোৱা ২৬ ফেব্ৰুৱাৰীত তেওঁ মাতৃগৃহলৈ গৈছিল। যুৱকজনৰ আত্মহত্যা ৰহস্যময় হৈ পৰিছে । ৰাইজে প্ৰকাশ কৰা মতে সাংসাৰিক সংঘাটৰ সুত্ৰপাতেই মূল কাৰণ । আন একাংশই কব খোজে টকা পইচাৰ ধাৰৰ বাবে যুৱকজনে এনে কঠোৰ সিদ্ধান্ত লৈছে। আজি পুৱা বহু সময়লৈকে যুৱকজন শোৱাপাটিৰ পৰা উঠি নহাত আৰু বাহিৰৰ পৰা মাতিও কোনো সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্ৰৱেশ কৰি তেওঁৰ

গ্ৰিথন বনাম ভৰলু

https://youtu.be/o2cMASpDRZk https://youtu.be/o2cMASpDRZk

নলবাৰীত সমন্বয় গ্ৰন্থমেলাত উন্মোচন হ'ব ব্যতিক্ৰমী উপন্যাস "নলবাৰী কলেজ"

নলবাৰীত সমন্বয় গ্ৰন্থমেলাত উন্মোচন হ'ব ব্যতিক্ৰমী উপন্যাস "নলবাৰী কলেজ" *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ ফেব্ৰুৱাৰী* অহা ৩ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ নলবাৰীৰ নাট্যমন্দিৰ প্ৰাঙ্গনত আয়োজন কৰা হ'ব অষ্টম সমন্বয় গ্ৰন্থমেলা ৷ এইবাৰৰ সমন্বয় গ্ৰন্থমেলাত সামাজিক, শৈক্ষিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত সমন্বয় গোষ্ঠীয়ে ৰূপায়ণ কৰিব ৷ অহা ৩ মাৰ্চৰ বিয়লি ২ বজাত গ্ৰন্থমেলা উদ্বোধন কৰিব বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেবচৌধুৰী ৷ অষ্টম সমন্বয় গ্ৰন্থমেলা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, চিত্ৰাঙ্কন, কবিতা আবৃত্তি ইত্যাদি প্ৰতিযোগিতাৰো দিহা কৰা হৈছে ৷ গ্ৰন্থমেলাৰ প্ৰাঙ্গনত প্ৰতিদিনে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, অন্তৰঙ্গ আলাপ, কবি সন্মিলন আদিও অনুষ্ঠিত হ'ব ৷ একেদৰে প্ৰতি সন্ধিয়া মুকলি প্ৰশ্নমঞ্চ অনুষ্ঠিত হ'ব ৷ গ্ৰন্থমেলাৰ বিপনীত অসমৰ আগশাৰীৰ সকলো প্ৰকাশকৰ গ্ৰন্থ বিশেষ ৰেহাই মূল্যত সহজলভ্য হ'ব ৷ দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থাকিবলগীয়া এ

বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আজিৰেপৰা তিনিদিনীয়া আৰম্ভ

বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে  অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আজিৰেপৰা তিনিদিনীয়া আৰম্ভ  পঙ্কজ নাথ, চাংসাৰি, ২৮ ফেব্ৰুৱাৰী : বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আজিৰেপৰা আৰম্ভ হৈছে । বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত পোন প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ  মহাযজ্ঞ অহা  ১ মাৰ্চত মহাবিষ্ণু যজ্ঞৰ  সম্পন্ন হব। আজি দেৱালয় প্ৰাংগণত পুৱা ১০ বজাত ধৰ্ম ধ্বজা উত্তোলনৰে সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই শুভাৰম্ভ কৰে ।ইয়াৰ পিছতে পাচ শতাধিক লোকৰ অংশগ্ৰহণৰে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। আয়তীৰ নাম কীৰ্তন, শঙ্খ, ঘন্টা ধ্বনিত এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। ইয়াৰ পিছতে দেৱালয় প্ৰাংগণত কুলেন বড়োৰ নেতৃত্বত গছপুলি ৰোপন কৰা হয় । অশ্বক্লান্ত দেৱালয়ত সমীন, অশোক , ৰুদ্ৰাক্ষ, চন্দন আৰু বটগছৰ পুলি ৰোপন কৰা হয়।ইয়াৰ পিছতে ভক্তসকলক ভোগ বিতৰণ কৰা হয়।  মহাযজ্ঞত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তৰ লগতে ভক্তসকলে অংশগ্ৰহণ কৰিব।    দ্বিতীয় দিয়া ৮ বজাত শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আৰম্ভ হব। বিয়লি ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থা

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মঞ্চৰ ধৰ্ণা

নিউ বঙাইগাঁওস্থিত ৰে'লৱে ডবা মেৰামতি কাৰখানা বি টি আৰ ত অন্তৰ্ভুক্তিকৰণৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বঙাইগাঁওঃ২৮ ফেব্ৰুৱাৰীঃসদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিক সম্পূৰ্ণভাৱে উলংঘা কৰি ষড়যন্ত্ৰমূলকভাৱে বঙাইগাঁৱৰ নিউ বঙাইগাঁওস্থিত ডবা মেৰামতি কাৰখানাটো বি টি আৰত অন্তৰ্ভুক্তিকৰণৰ প্ৰতিবাদত আজি কোচ ৰাজবংশী জাতীয় মঞ্চৰ বঙাইগাঁও জিলা সমিতিয়ে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাওঁ চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে অভিযান্ত্ৰিক কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে পাঁচ দফীয়া দাবী সম্বলিত সম্পাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰতসংগঠনটোৰ  জিলা সমিতিয়ে নিউ বঙাইগাঁওস্থিত ৰে'লৱে ডবা মেৰামতি কাৰখানাটো বি টি আৰত অন্তৰ্ভুক্তিকৰণ বন্ধ কৰা ,ভূমিশ্বৰ পাহাৰখন বি টি এ ডিৰ পৰা তৎকালীনভাৱে  কৰ্তন কৰা , প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সংলগ্ন কোচ ৰাজবংশী গাঁওসমূহ ব

বঙাইগাঁৱত আছাৰ উদ্যোগত গণ বিক্ষোভ কাৰ্যসূচী

বঙাইগাঁৱত আছাৰ উদ্যোগত গণ বিক্ষোভ কাৰ্যসূচী  চলিত বৰ্ষৰ ভিতৰতে আদিবাসীসকলক জনজাতিকৰণ নকৰিলে ২০২১ত বিজেপি চৰকাৰক বিদায় দিয়াতো খাটাং--মানচুখ চাংখাৰীকা বড়ো শান্তি চুক্তিৰ নামত চৰকাৰে হত্যাকাৰীসকলকহে ন্যায় দিলে যদিও হত্যাৰ বলি হোৱাসকলে ন্যায় নাপালে--সমৰেন্দ্ৰ কিস্কু বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰীঃ আমাৰ মূল দাবী হ'ল জনজাতিকৰণ ৷ কিন্তু জাতি- মাটি - ভেটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে আজিলৈ আদিবাসীসকলৰ জনজাতিকৰণকে ধৰি বিভিন্ন দাবীসমূহৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়ে আমি চৰকাৰক সকিয়াই দিছো যে এই ২০২০ চনৰ ভিতৰতে যদি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে , তেতিয়াহ'লে কিন্তু ভয়ানক আন্দোলন গঢ়ি তোলাৰ লগতে অহা ২০২১ ত বিজেপি চৰকাৰক বিদায় দিয়াতো খাটাং ৷ এই মন্তব্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ৰ প্ৰচাৰ সম্পাদক মানচুখ চাংখাৰীকাৰ ৷ আজি বঙাইগাঁও চহৰৰ বীৰঝৰা চাহ বাগিছাৰ ৰাজহুৱা খেল পথাৰত সদৌ বঙাইগাঁও জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গণ বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে ৷ মূলত আদিবাসীসকলক ভাৰতীয় সংবিধানৰ অধীনত অতিশীঘ্ৰে জনজাতিকৰণ কৰা , চাহ শ্ৰমিক

নলবাৰী জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

নলবাৰী জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ ফেব্ৰুৱাৰী* আজি সমগ্র দেশে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰাৰ লগতে নলবাৰীৰ অন্যতম শিক্ষানুষ্ঠান নলবাৰী জাতীয় বিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় । নলবাৰী জাতীয় বিদ্যালয়ৰ জেষ্ঠ শিক্ষক আলতাফ হুছেইনৰ পৌৰাহিত্যত আৰু শিক্ষক ৰূপক বৈশ্য আৰু দ্বীপজ্যোতি ডেকাৰ নেতৃত্বত অনুষ্ঠিত দিৱসটোৰ তাৎপর্য বাখ্যা কৰে শিক্ষক দ্বীপজ্যোতি ডেকাই৷ তাৰ পিচতেই বিজ্ঞান সম্বন্ধীয় প্ৰায় সকলো কথাকে সামৰি কম সময়ৰ ভিতৰতে বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হোৱাৰ বাবে বৰ সাৰুৱাভাৱে আলোকপাত কৰি ভাষণ প্ৰদান কৰে শিক্ষক ৰূপক বৈশ্যই ৷ বিভিন্ন পেলনীয়া সামগ্রীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পৰ ওপৰত বিজ্ঞানৰ ক্রিয়া শৈলী ছাত্র-ছাত্রীৰ আগত মনোগ্রাহীকৈ প্রদর্শন কৰাৰ লগতে পৰীক্ষামূলক ভাৱে দেখুৱাই দিয়ে উক্ত দুয়োগৰাকী শিক্ষকে ৷ কার্বন ডাই-অক্মাইড, হাইড্ৰ'জেন  গেছ আদি ক'ত কেনেদৰে ব্যবহাৰ কৰা হয় সকলো বিতংকৈ বক্তব্যৰে প্ৰকাশ কৰে ৷ বর্তমান পৃথিৱীখন যে বিজ্ঞানৰ ওপৰত নির্ভৰশীল বাস্তৱ ক্ষেত্রত বুজাই দিয়ে ৷

অসম দৰ্শন'ৰ সফল ৰূপায়ণৰ বাবে তৎপৰ ৰঙিয়া প্ৰশাসন

Image
অসম দৰ্শন'ৰ সফল ৰূপায়ণৰ বাবে তৎপৰ ৰঙিয়া প্ৰশাসন কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ দীপ্তেশ্বৰী মন্দিৰৰ আন্তঃগাঁথনি পৰ্য্যবেক্ষণ প্ৰতিবেদক, ৰঙিয়া, ২৮ ফেব্ৰুৱাৰী : অসমৰ সাংস্কৃতিক, ধৰ্মীয় আৰু ঐতিহাসিক পৰ্যটনস্থলী সমূহৰ সামগ্ৰিক উন্নয়ন সাধনৰ উদ্দেশ্যে ৰাজ্যচৰকাৰে শুভাৰম্ভ কৰা 'অসম  দৰ্শন' আচঁনিৰ সফল ৰূপায়ণৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতাত ৰঙিয়া মহকুমা প্ৰশাসনে বিশেষ উদ্যোগ হাতত লৈছে ।  আজি  ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত  ডা: বেদাংগ তালুকদাৰে ৰঙিয়াৰ গোঁসাই শলমাৰী গাৱঁৰ নকুলত অৱস্থিত   শ্ৰী শ্ৰী দীপ্তেশ্বৰী মন্দিৰ কৰ্তৃপক্ষ আৰু  স্থানীয় ৰাইজৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আলোচনা কৰে ।  স্মৰ্তব্য যে, ২৬ ফেব্ৰুৱাৰীত কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই দীপ্তেশ্বৰী মন্দিৰ প্ৰাংগণত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ সৈতে উপস্থিত হৈ মন্দিৰ কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত বুজ লয় । 'অসম দৰ্শন'  আঁচনিৰ জৰিয়তে অহা ধনৰ যাতে সফল ৰূপায়ণ হয় তাৰ বাবে উপায়ুক্তগৰাকীয়ে ৰাইজক আহাবান জনায় । উল্লেখ্য যে, অসমচৰকাৰৰ ৰূপান্

অসম দৰ্শন'ৰ সফল ৰূপায়ণৰ বাবে তৎপৰ ৰঙিয়া প্ৰশাসন

অসম দৰ্শন'ৰ সফল ৰূপায়ণৰ বাবে তৎপৰ ৰঙিয়া প্ৰশাসন কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ দীপ্তেশ্বৰী মন্দিৰৰ আন্তঃগাঁথনি পৰ্য্যবেক্ষণ প্ৰতিবেদক, ৰঙিয়া, ২৮ ফেব্ৰুৱাৰী : অসমৰ সাংস্কৃতিক, ধৰ্মীয় আৰু ঐতিহাসিক পৰ্যটনস্থলী সমূহৰ সামগ্ৰিক উন্নয়ন সাধনৰ উদ্দেশ্যে ৰাজ্যচৰকাৰে শুভাৰম্ভ কৰা 'অসম  দৰ্শন' আচঁনিৰ সফল ৰূপায়ণৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতাত ৰঙিয়া মহকুমা প্ৰশাসনে বিশেষ উদ্যোগ হাতত লৈছে ।  আজি  ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত  ডা: বেদাংগ তালুকদাৰে ৰঙিয়াৰ গোঁসাই শলমাৰী গাৱঁৰ নকুলত অৱস্থিত   শ্ৰী শ্ৰী দীপ্তেশ্বৰী মন্দিৰ কৰ্তৃপক্ষ আৰু  স্থানীয় ৰাইজৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আলোচনা কৰে ।  স্মৰ্তব্য যে, ২৬ ফেব্ৰুৱাৰীত কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই দীপ্তেশ্বৰী মন্দিৰ প্ৰাংগণত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ সৈতে উপস্থিত হৈ মন্দিৰ কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত বুজ লয় । 'অসম দৰ্শন'  আঁচনিৰ জৰিয়তে অহা ধনৰ যাতে সফল ৰূপায়ণ হয় তাৰ বাবে উপায়ুক্তগৰাকীয়ে ৰাইজক আহাবান জনায় । উল্লেখ্য যে, অসমচৰকাৰৰ ৰূপান্

খণ্ড ভিত্তিক যুৱ সংসদ উদযাপন

আইদুল হুছেইন, ডিপ্তা, নলবাৰী: নলবাৰী জিলাৰ নেহৰু যুৱ কেন্দ্ৰ ৰ উদ্যোগ ত আৰু শিক্ষা বিকাশ মঞ্চ ডিপ্তা বৰজাৰ সহযোগত জ্ঞানদোয় জাতিয় বিদ্যালয় চৌহদত আজি ৰাতিপুৱা ৮ বজাত যুৱ সংসদ অনুষ্ঠিত হয় উক্ত অনুষ্ঠান ত যোগ প্ৰশিক্ষণ দিয়া হয়. প্ৰশিক্ষণ দিয়ে অচ্যত মেধীয়ে..উক্ত অনুষ্ঠানটো শুভৰম্ভণী কৰে জ্ঞানদোয় জাতিয় বিদ্যালয় ৰ প্ৰধান শিক্ষক সম্ভূ ৰাজবংশী যে .অনুষ্ঠানটো আগধৰে  শিক্ষা বিকাশ মঞ্চ সভাপতি  ইনজানমানুৰ হকে .ইয়াৰ লগতে শিক্ষা বিকাশ মঞ্চ ৰ সম্পাদক সহ বিষয়বৱীয়া সকল আইদুল হুছেইন  হাফিজুল হক  আকিদুল হুছেইন আৰৱাজ খান নাজিদুল আমিনুৰ ধনেশ্বৰ  আজমিন আদি কৰি সমূহ ৰাইজ উপস্হিত থাকে

নলবাৰীৰ বাঁহজানীত প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

নলবাৰীৰ বাঁহজানীত প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ ফেব্ৰুৱাৰী* নলবাৰী জিলাৰ বাঁহজানীস্থিত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী দেশপ্ৰাণ নগেন শৰ্মাৰ বৃহস্পতিবাৰে ২০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। দক্ষিণ নলবাৰী মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰাতিপুৱা ৭-৩০ বজাত প্ৰয়াত নগেন শৰ্মাৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰকাশ ডেকাই। শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বৃহত্তৰ বাঁহজানী নাগৰিক মঞ্চৰ সভাপতি  কুশল কুমাৰ মজুমদাৰে। ইয়াৰ পিচতে ৮ বজাত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ থানেশ্বৰ শৰ্মা, উক্ত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাধানাথ কলিতা, দক্ষিণ নলবাৰী মহাবিদ্যালয় (জ্যেষ্ঠ শাখা) পৰিচালনা সমিতিৰ উপ-সভাপতি নৰেন্দ্ৰ নাথ শৰ্মা, শিক্ষক কুশল কুমাৰ মজুমদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আটায়ে প্ৰয়াত মন্ত্ৰী নগেন শৰ্মাৰ জীৱন আৰ

ৰাজ্যসভা নিৰ্বাচনক লৈ বিজেপিৰ স্থিতি কি : শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব

*শিৱসাগৰত হিমন্ত--প্ৰনৱ গগৈক শ্ৰদ্ধাঞ্জলি : ৰাজ্যসভা নিৰ্বাচন-উপ নিৰ্বাচনৰ সম্পৰ্কত মন্তব্য মন্ত্ৰী শৰ্মাৰ- বেতন বঞ্চিত শিক্ষকৰ সমস্যা সন্দৰ্ভত ইতিবাচক শিক্ষামন্ত্ৰী : আৰক্ষী- প্ৰশাসনৰ বেহু ফালি হিমন্তক আছুৰ ক'লা পতাকা - গ' বেক ধ্বনি* ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৮ ফেব্ৰুৱাৰী : শিৱসাগৰত আজি বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হয় বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা | প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মৃত্যুত পৰিয়ালক সমবেদনা জনাবলৈ আহিল মন্ত্ৰী গৰাকী | শিৱসাগৰৰ অ'এনজিচিৰ হেলিপেডত মন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰে অৱতৰণ কৰাৰ পাছত অ'এনজিচিৰ প্ৰৱেশ দ্বাৰতে আছুৱে ক'লা পতাকা প্ৰদৰ্শন কৰে মন্ত্ৰী গৰাকীক ৷ হিমন্ত বিশ্ব গ'বেক ধ্বনিৰে আছুৱে উত্তাল কৰিলে শিৱসাগৰ | উল্লেখ্য যে শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ আগমনৰ বাবে শিৱসাগৰত আৰক্ষী-চি আৰ পিএফৰ নিচ্ছিদ্ৰ বেহু গঢ়ি তুলিছিল ৷ মন্ত্ৰী গৰাকীৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনৰ আশংকাতে আৰক্ষী প্ৰশাসনে গঢ়ি তুলিছে এই বেহু ৷ কিন্তু আৰক্ষীৰ বেহু ফালি আছুৱে ক'লা পতাকাৰে আদৰণি জনায় মন্ত্ৰী গৰাকীক | প্ৰয়াত প্ৰনৱ গগৈৰ ঘৰলৈ আহি তেওঁৰ প্ৰ

শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত সুৰ্য নমস্কাৰ মহাযজ্ঞ সামৰণি পৰ্বৰ বিশাল আয়োজন

শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত সুৰ্য নমস্কাৰ মহাযজ্ঞ সামৰণি পৰ্বৰ বিশাল আয়োজন।  পঙ্কজ নাথ, চাংসাৰি, ২৭ ফেব্ৰুৱাৰী : ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী।সমগ্ৰ দেশতে বিদ্যা ভাৰতীৰ অন্তৰ্গত বিদ্যালয়সমূহত বিদ্যাৰ্থীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে সূৰ্য্য নমস্কাৰ অভ্যাস কৰোৱা হয়। যোৱা ২২ তাৰিখৰ পৰা অসমতো শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত বিদ্যা সমূহত সূৰ্য্য নমস্কাৰ মহাযজ্ঞৰ আৰম্ভ হৈছে। সূৰ্য নমস্কাৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠান গুৱাহাটীঁত  অহা 2 মাৰ্চ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থ  পশু ধন আৰু পশু চিকিৎসা বিভাগৰ খেল পথাৰত অনুষ্ঠিত কৰাৰ বাবে আয়োজন কৰা হৈছে । শিশু   শিক্ষা  সমিতিৰ অন্তৰ্গত গুৱাহাটী স্কুলৰ ১৫ খন নিকেতনৰ ২০০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু প্ৰায় ৫০০ গৰাকী আচাৰ্য-আচাৰ্যা, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই কাৰ্যক্ৰমত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰিব ক্ৰীড়া ভাৰতীৰ সাংগঠনিক সম্পাদক মনোজ মহান্তিয়ে । এই কাৰ্যক্ৰমত বিভিন্ন নিকেতনৰ ছাত্ৰ-ছাত

দিল্লীত জনতাৰ তেজৰ ৰাঙলীক ভ্ৰুক্ষেপ নকৰি মোডী- ট্ৰাম্পৰ ৰাজকীয় ভোজ মেল- হেমেন দাস

Image
*দিল্লীত জনতাৰ তেজৰ ৰাঙলীক ভ্ৰুক্ষেপ নকৰি মোডী- ট্ৰাম্পৰ ৰাজকীয় ভোজ মেল- হেমেন দাস * *নলবাৰীত চি পি আই (এম)ৰ সহস্ৰাধিকৰ সমাবেশ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ ফেব্ৰুৱাৰী* দিল্লীত সম্প্ৰতি ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। সাধাৰণ নিৰীহৰ ৰক্তৰে ৰাজপথ ৰাঙলী হৈছে। জনতা সন্ত্ৰাসীত এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পৰ সৈতে ৰাসংগীঁ ভোজত মিলিত হৈছে। জনতাৰ ক্ষোভক লৈ শাসকসকলৰ কোনো ভ্ৰুক্ষেপ নাই। সাম্প্ৰদায়িকতাৰ বিষবাষ্পৰে জনসাধাৰণৰ মাজত বিভেদ সৃষ্টি কৰি শাসন-লুন্ঠন বাধাহীনভাবে চলাই যোৱাৰ চক্ৰান্তত লিপ্ত মোডী-অমিত শ্বাহ যুটীৰ চৰকাৰ তথা সংগীসকল। আজি বুধবাৰে নলবাৰীৰ পৰিদৰ্শন বাংলাৰ সন্মুখত চি পি আই (এম) দলৰ জিলা সমিতিৰ উদ্যোগত তথা বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত এখন সমাবেশত ভাষণ প্ৰদান কৰি বৰ্ষীয়ান বাওঁপন্থী নেতা, প্ৰাক্তন বিধায়ক হেমেন দাসে এইদৰে কয়। তেওঁ মোডী-সৰ্বানন্দ সোনোৱালৰ ভেল্কিবাজিত ভোল নাযাবলৈও ৰাইজক আহ্বান জনায়। সমাবেশত বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰই ভাষণত কয় যে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত চলা আন্দোলন দূৰ্বল কৰাৰ বাবে বিজেপিৰ কেন্দ্ৰ তথা

উজনি অসমত ভয়ংকৰ জাল হানি ট্ৰেপিং চক্ৰৰ দপদপনি

উজনি অসমত ভয়ংকৰ জাল হানি ট্ৰেপিং চক্ৰৰ দপদপনিঃ এনজিঅ' আৰু আৰক্ষীৰ সহযোগত পৰিচালিত এই চক্ৰঃ বিস্ফোৰক তথ্য ফাদিল ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৭ ফেব্ৰুৱাৰী : উজনি অসমত শিৱসাগৰৰ পৰা  নিয়ন্ত্ৰিত হয় হানি ট্ৰেপিং চক্ৰৰ জাল ৷  শিৱসাগৰত সক্ৰিয় হানি ট্ৰেপিং চক্ৰৰ নায়িকা উষা বেগম | বেগমৰ নেতৃত্বতে অসমত হানি  ট্ৰেপিঙতো সক্ৰিয় একাংশ যৌন কৰ্মী,দেহ ব্যৱসায়ত জড়িত মহিলা | এই চক্ৰটোৱে  কিদৰে কৰা হয় হানি ট্ৰেপিঙৰ পৰিকল্পনা ?  সংবাদ মাধ্যমৰ হাতত পৰিছে শিহৰণকাৰী ভিডিঅ' | ভিডিঅ'টোৱে দিছে সম্পুৰ্ণ তথ্য , গাৰ নোম শিয়ৰাই তোলা এক অবাঞ্চিত কাহিনী  ৷  কি দৰে যুৱতীৰ প্ৰলোভনৰে জালত পেলোৱা হয় যুৱক, অথবা পুৰুষক ৷ ব্লেকমেইলিঙৰে  সৰ্বস্বান্ত কৰা হয় হানি ট্ৰেপিং চক্ৰৰ জালত ভৰি দিয়া সকলক ৷ হানি ট্ৰেপিঙৰ পৰিকল্পনা কৰা মহিলাৰ মুখত আৰক্ষী আৰু চেপ এনজিঅ'ৰ নাম ৷ এইডচ নিয়ন্ত্ৰণৰ গইনা লৈ চেপ এনজিঅ'ই এনে দুষ্কাৰ্য কৰি অহাৰ গুৰুতৰ অভিযোগ ৷ এই ঘটনাৰ সম্পুৰ্ণ পোহৰলৈ আনিছে ঐক্য সেনা,অসম নামৰ সংগঠনটোৱে , সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে ইতিমধ্যে  শিৱসাগৰ সদৰ থানাত এই সম্পৰ্কত এজাহাৰ দাখিল কৰি সমাজ জীৱনৰ প্ৰতি

শিৱসাগৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হৃদয়হীন কাৰ্য: ধন দিবলৈ অসমৰ্থ বাবেই ৪৫ মিনিট সময় বিনা চিকিৎসাই চোতালতে পেলাই ৰাখিলে দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত মুমূৰ্ষু মহিলাক

শিৱসাগৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হৃদয়হীন কাৰ্য:  ধন দিবলৈ অসমৰ্থ বাবেই ৪৫ মিনিট সময় বিনা চিকিৎসাই চোতালতে পেলাই ৰাখিলে দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত মুমূৰ্ষু মহিলাক:  সাংবাদিকৰ কেমেৰা দেখিহে দিলে প্ৰাথমিক চিকিৎসা  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ ,২৭ ফেব্ৰুৱাৰী : শিৱসাগৰৰ নগৰৰ সমীপৱৰ্তী বাইপাছৰ অনামিকা ডিলাৰৰ সন্মুখত সংঘটিত এক  পথ দূৰ্ঘটনা সংঘটিত হয় | উক্ত ঘটনাটো সংঘটিত কৰা তীব্ৰ বেগী বাহনখনে খুন্দিয়াই থৈ গল এগৰাকী মহিলাক | ঘটনাটোত গুৰুত্ব ভাবে আঘাটপ্ৰাপ্ত মহিলাগৰাকী বৰ্তমানলৈকে চিনাক্ত হোৱা নাই | আনহাতে গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত অচিনাক্ত মহিলাগৰাকীক দুজন হৃদয়বান লোকে নিজা বাহনত চিকিৎসাৰ বাবে লৈ আহে ঘটনাস্থলীৰ পৰা ৫০০ মিটাৰ নিলগৰ প্ৰগতি নাৰ্চিং হোমলৈ | আচৰিত কাণ্ড যে এই মহিলাগৰাকীক ধনৰ লালসাত বন্দী নাৰ্চিং হোম কৰ্তৃপক্ষই অভিভাৱক নথকাৰ অজুহাতত ৪৫ মিনিট ধৰি প্ৰাথমিক চিকিৎসাই প্ৰদান নকৰিলে দূৰ্ঘটনাগ্ৰস্ত মহিলাগৰাকীক | যন্ত্ৰনাত চটফটাই থকা মহিলা গৰাকী তেজৰে লুটুৰি পুতুৰী অৱস্থাতে পৰি থাকিল বিনাচিকিৎসাই চিকিৎসালয়খনৰ বাহিৰৰ চোতালত | দুৰ্ঘটনাৰ খবৰ পাই প্ৰগতি নাৰ্চিং হোমত উপস্থিত সাংবাদিকৰ দল ৷ চিক

অসম আন্দোলনৰ কৰ্মী,'মানুহৰ পৃথিৱী'ৰ কবি নৰেন হাজৰিকাৰ মৃত্যু

অসম আন্দোলনৰ কৰ্মী,'মানুহৰ পৃথিৱী'ৰ কবি নৰেন হাজৰিকাৰ মৃত্যু৷ #শোকস্তব্দ্ধ জামুগুৰিহাট   ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৭ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,'মানুহৰ পৃথিৱী'ৰ কবি নৰেন হাজৰিকা আৰু নাই।বিগত কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা আজীৱন সমাজসেৱী,সমাজহিতৈষী ব্যক্তি গৰাকীৰ কালি সন্ধিয়া জামুগুৰিহাটৰ কমাৰচুকৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৭৮ বছৰ।অসমৰ ভাষা আন্দোলন,মাধ্যম আন্দোলন,অস্তিত্ব ৰক্ষাৰ আন্দোলন সকলোতে আগভাগ লোৱা সৰ্বজনপ্ৰিয় সমাজ হিতৈষী ব্যক্তি গৰাকীৰ কালি সন্ধিয়া মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই অগনন গুণমুগ্ধৰে তেওঁৰ জামুগুৰিহাটৰ কমাৰচুক গাৱঁৰ বাসভৱন ভৰি পৰে।আজি পুৱা সমাজ হিতৈষী নৰেন্দ্ৰ হাজৰিকাৰ বাসভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ওপজা গাঁৱৰ গাওঁ উন্নয়ন কমিটি,মহিলা সমিতি আৰু প্ৰাথমিক সমাজ,তেখেতৰ কৰ্মস্থলী মধ্য জামুগুৰি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়,বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি সাহিত্য সভা,সদৌ জামুগুৰি ছাত্ৰ সন্থা, নদুৱাৰ জাতীয় বিদ্যালয়,পশ্চিম জামুগুৰি সাহিত্য সভা,পশ্চিম জামুগুৰি ক

ডিব্ৰুগড়ৰ কুৰি বছৰীয়া চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত আলোচনা চক্ৰ আৰু সম্বৰ্ধনাৰ প্ৰস্তুতি

ডিব্ৰুগড়ৰ কুৰি বছৰীয়া চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত আলোচনা চক্ৰ আৰু সম্বৰ্ধনাৰ প্ৰস্তুতি চাবুৱাঃ ২৭ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত অহা ১৪আৰু ১৫ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুযায়ী ১৪ মাৰ্চত নালিয়াপুলত থকা প্ৰগতিবাদী মুছলিম নাগৰিক ফৰামৰ প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু ইয়াত বছৰেকীয়া হিচাপ আৰু প্ৰতিবেদন দাখিল কৰিব। ১৫ মাৰ্চত গ্ৰাহাম বজাৰত থকা কেন্দ্ৰীয় ঈদগাহ কমিউনিটি প্ৰেক্ষাগৃহত দিনৰ ১১বজাৰ পৰা আলোচনা চক্ৰ  অনুষ্ঠিত হ'ব । ইয়াত "স্বচ্ছতা, চিকিৎসা বিজ্ঞান আৰু ইছলাম শীৰ্ষক আলোচনা" সঞ্চালনা কৰিব অসম চিকিৎসা মহাবিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত শৈল চিকিৎসক ডাক্তৰ জি এম এছ চৌধুৰী য়ে।  মুখ্য বক্তা ৰূপে উপস্থিত থাকিব কটন বিশ্ব বিদ্যালয়ৰ পাৰ্চী বিভাগৰ সহযোগী অধ্যাপক ডঃ পইনুৰুদ্দিন আহমেদে ।এই সভাতে প্ৰথিত যশা সাহিত্যিক ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা, ডঃ নগেন শইকীয়াক অসমীয়া সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ উত্তৰণৰ বাবে আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে

গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ

Image
গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ   তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ  ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত গোলাঘাটৰ এ.ভি.ভি. হলত অনুষ্ঠিত হয় এক যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ ৷ “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” (Youth Leadarship  & Community Development) শীৰ্ষক প্ৰশিক্ষণত প্ৰথম দিনা গোলাঘাট জিলাৰ বিভিন্ন ব্লকৰ পৰা যুৱক যুৱতীসকলৰ নাম পঞ্জীয়ন আৰু প্ৰীতি চিনাকি চ’ৰা অনুষ্ঠিত হয় ৷ দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ৷ এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কৰিস্মা শইকীয়া, সুদক্ষিণা শইকীয়া, অপূৰ্ব শইকীয়া, দীপ হেষ্টিংছ বৰি আৰু দিনমণি ফুকনে ৷ তেওঁলোকে যুৱক যুৱতীসকলক যুৱ নেতৃত্ব, জাতি আৰু সমাজ গঠন, ব্যক্তিত্ব আৰু দক্ষতা বিকাশ, ৰাষ্ট্ৰ নিৰ্মাণ, দৰ্যোগ নিৰ্বাপন, সংস্কৃতি আৰু পৰম্পৰা বিষয়ক গভীৰ প্ৰশিক্ষণ দিয়ে ৷  অন্তিম দিনা যুৱ-যুৱতীসকললৈ প্ৰশংসা পত্ৰ বিতৰণ কৰা হয় ৷ উক্ত সভাত বিশিষ্ট ব্যক্তি হিচাপে গোলাঘাট জিলাৰ প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামী, সমাজকৰ্মী ৰা

গোলাঘাটত লাহন বংশৰ সভা ; গোলাঘাট জিলা সমিতি গঠন

Image
গোলাঘাটত লাহন বংশৰ সভা ; গোলাঘাট  জিলা সমিতি গঠন ।                                                     গোলাঘাট ২৫ ফেব্ৰুৱাৰী       আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালৰ সাতঘৰীয়া ৰাজ পৰিয়ালৰ অন্যতম লাহন পৰিয়াল। এই লাহন বংশধৰ সকলে শিপাৰ সন্ধানত এতিয়া অসমৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা বংশধৰ সকলক একত্ৰিকৰণৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা কৰিছে।  কালি গোলাঘাট জিলাৰ পুলিবৰত তেনে  উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ বিশিষ্ট নাগৰিক বেনীমাধব লাহনৰ বাসগৃহত এই উদ্দেশ্যৰে অনুস্থিত হোৱা সভাত উজনি অসমৰ জিলা কেইখনৰ লাহন বংশৰ লোক সকল উপস্থিত আছিল । সভা খনত লাহন বংশৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শৈলেন লাহনৰ সভাপতিত্বত অনুস্থিত সভা খনত এই বংশৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সূন্দৰ জ্যোতি লাহন সম্পাদক যাদব লাহন , অনুজ লাহন , দেৱজিৎ লাহন আদিয়ে অসমৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা লাহন সকলক একত্ৰিত কৰি আৰ্থ সামাজিক , সাহিত্য , সাংস্কৃতিক আদিৰ দিশত আগুৱাই নিয়াৰ বাবে বিশদ ভাবে আলোচনা কৰে । লাহন সকলৰ সৰ্বাংগীন বিকাশৰ বাবে আয়োজিত এই সভাত শৈলেন লাহনক সভাপতি পৰাগ লাহন আৰু নিতীশ লাহনক যুটীয়া সম্পাদক গৌতম  লাহনক

বঙাইগাঁৱত অ- প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদী সমদল

Image
বঙাইগাঁৱত অ- প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদী সমদল  মুখ্যমন্ত্ৰী- শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলা অ-প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাই আজি বঙাইগাঁৱত সন্থাৰ ছয় দফীয়া দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ উদ্দেশ্যে জিলা উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় ৷ এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীৰ অংশ হিচাপে চহৰখনৰ বৰপাৰা ইন্দোৰ ষ্টেডিয়ামৰ ওচৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা প্ৰতিবাদী সমদলত অংশ লোৱা শিক্ষকসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ আমাৰ দাবী নাৰ্য দাবী , আমাৰ দাবী মানি লওক ,বিত্তীয় সাহাৰ্য আৰু মধ্যহ্ন ভোজনপ্ৰাপ্ত  প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰক, জিলা অ-প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ ছয় দফীয়া দাবী পূৰণ কৰক, ২০১০- ১১ বৰ্ষৰ ডাইচ কোড থকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পদ প্ৰাদেশীকৰণ কৰক আদি বিভিন্ন দাবীত শ্লোগান দি সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যায়ৰ সন্মুখত উপস্থিত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে ৷ পিছত সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ ছয় দফীয়া দাবী সম

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীঃ সদৌ অসম মটক ছাত্ৰ সন্থাৰ

নলবাৰীৰ নিজ পকোৱাত ২৯ মাৰ্চত 'বসন্তৰ এদিন'ত লোক-সঙ্গীতৰ সাধক প্ৰভাত শৰ্মালৈ ভবেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা-২০২০- বঁটা প্ৰদান কৰিব খ্যাতনামা কণ্ঠশিল্পী ড৹ অণিমা চৌধুৰীয়ে

কৃষ্ণাই মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষঃদৃষ্টিনন্দন শোভাযাত্ৰাই মুহিলে অঞ্চল বাসীক

BREAKING মৰিগাঁওত শোকা বহ পথ দূৰ্ঘটনা

Image
ম ৰিগাঁওত শোকা বহ পথ দূৰ্ঘটনা  চাজিদ আহমেদ : ডাম্পাৰ আৰু বাইকৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা  মৰিগাৱৰ শিৱ মন্দিৰৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা  থিতাতে নিহত দুজন বাইক আৰোহি  জানিব পৰা মতে ডাম্পাৰ খনে পলাব চেষ্টা কৰে যদিওঁ মৰিগাৱৰ আৰক্ষীয়ে আতক কৰিবলৈ সক্ষ্যম হৈছে বাহন খন   বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই নিহত কেইজনক

ৰঙিয়াত বন্ধন বেংকৰ উদ্যোগত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় স্বাক্ষৰতা শিবিৰৰ সামৰণি

Image
ৰঙিয়াত বন্ধন বেংকৰ উদ্যোগত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় স্বাক্ষৰতা শিবিৰৰ সামৰণি  প্ৰতিবেদক, ৰঙিয়া,১৩ ফেব্ৰুৱাৰীঃ বিত্তীয় সচেতনতাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সমূহক মূল বিষয় হিচাপে লৈ বন্ধকীবিহীন ঋণ, ব্যৱসায়ৰ পৰা প্ৰাপ্ত ৰেহাইৰ ব্যৱস্থা,ইয়াৰ আনুষ্ঠানিকৰণ আৰু সময়মতে ঋণ পৰিশোধ তথা বেংকিং ব্যৱস্থাৰ অংশ হৈ থাকি কিদৰে লাভান্বিত হ'ব পাৰি সেইবোৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় সচেতনতা অভিযান চলি আছে৷ বন্ধন বেংকৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযান চলি আছে৷ইপিনে বন্ধন বেংকৰ ৰঙিয়া শাখাৰ উদ্যোগত আজি ৰঙিয়া মহাবিদ্যালয়ত বিত্তীয় স্বাক্ষৰতা অভিযান শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়৷ বন্ধন বেংকৰ ৰঙিয়া শাখাৰ শাখা পৰিচালক অজয় কুমাৰ শীলে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ৰিজাৰ্ভ বেংকৰ এফ আই ডি ডিৰ সহকাৰী মহাপ্ৰবন্ধক তাপস ভৌমিক মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সমূহ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সমূহৰ ক্ষেত্ৰত বিধিবন্ধকৰণে বেংকৰ পৰা ঋণ পোৱাৰ বাবে গ্ৰাহকৰ ওপৰত পেলোৱা

নলবাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাগ্মিতা প্ৰতিযোগিতা

নলবাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাগ্মিতা প্ৰতিযোগিতা *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১২ ফেব্ৰুৱাৰী* ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ অধীনত আৰু সমগ্ৰ শিক্ষা, নলবাৰীৰ পৰিচালনাত আজি নলবাৰীৰ নদলাৰ শঙ্কৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাগ্মিতা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ ভাষণ প্ৰসঙ্গত তেওঁ কয় যে শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণ দুয়োটাই হ'ব লাগিব আনন্দদায়ক, তেতিয়াহে শিক্ষা পদ্ধতিৰ উদ্দেশ্য সফল হ'ব ৷ কুইজ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ড উপায়ুক্তগৰাকীয়ে পৰিচালনাও কৰে ৷ কুইজত অংশগ্ৰহণ কৰে বিভিন্ন শিক্ষাখণ্ডৰ কুইজত প্ৰাথমিক পৰ্যায়ত শ্ৰেষ্ঠ হোৱা দলসমূহে ৷ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে ৷               আনহাতে, যোৱা ৭ ফেব্ৰুৱাৰীত বাগ্মিতা প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত যোগ্যতা অৰ্জন কৰা ৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে আজিৰ বাগ্মিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল-বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক অ

সৰস্বতী বন্দনা, মাঙ্গলিক ধ্বনি, বিহু নৃত্যৰে মুখৰিত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন

Image
সৰস্বতী  বন্দনা, মাঙ্গলিক ধ্বনি, বিহু নৃত্যৰে মুখৰিত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন শিক্ষাৰ ক্ষেত্ৰত  ছাত্ৰ ছাত্ৰী সকলে অধিক গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী - কেভিএছ উপায়ুক্ত   প্ৰতিবেদক, ৰঙিয়া ১১ ফেব্ৰুৱাৰীঃ সৰস্বতী বন্দনা, মাঙ্গলিক ধ্বনি আৰু বিহু নৃত্যৰে আজি  মুখৰিত হৈ পৰিল  ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন। উত্তৰ পুৱ সীমান্ত  ৰেলৰ তত্বাৱধানত  পৰিচালিত  ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱনত  আনুষ্ঠানিক ভাবে  প্ৰৱেশ কৰা উপলক্ষেে আয়োজিত কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰী সকলে মাঙ্গলিক ধ্বনিৰে সৰস্বতী বন্দনাৰে  বিদ্যালয় ভৱন মুখৰিত কৰাৰ উপৰিও বিহু নৃত্যৰ আয়োোজন কৰিছিল। আজি  কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী মণ্ডলৰ উপায়ুক্ত বৰুণ মিত্ৰ বিদ্যালয়খনৰ  অধ্যক্ষ পুৰুষোত্তম সিনহাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে প্ৰথমতে  আনুষ্ঠানিক ভাবে প্ৰৱেশ কৰে । ছাত্ৰ ছাত্ৰী সকলে  বিহু নৃত্যৰে বিদ্যালয়ৰ উপায়ুক্ত গৰাকীক নৱ নিৰ্মিত  ভৱনলৈ  আঁদৰি নিয়ে । বিভাগীয়  উপায়ুক্ত মিত্ৰই নতুন ভৱনত পদাৰ্পণ কৰি উৎফুল্লিত হৈ পৰে। তেওঁ সম্পূৰ্ণ ভৱনটো পৰ্যবেক্ষন কৰাৰ উপৰিও  এই বেলি কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা  দশম আৰু

নলবাৰীত 'আপ্ জু'ৰ উদ্যোগত সাংবাদিক, লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

Image
আজি নলবাৰীত 'আপ্ জু'ৰ উদ্যোগত সাংবাদিক, লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১১ ফেব্ৰুৱাৰী*   অসম প্ৰদেশ সাংবাদিক সন্থা (আপ্ জু)ৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভবন বাকৰিত নলবাৰীৰ সমাজ জীৱনৰ  বিশিষ্ট ক্ৰীড়া সংগঠক, সাংবাদিক, লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ সজল স্মৃতিত আজি এখন স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। প্ৰয়াত সাংবাদিকগৰাকীৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানটি বিয়লি ৩ বজাত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি বিয়লি ৩ বজাত প্ৰয়াত অপূৰ্ব কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিণী গীতাঞ্জলি গোস্বামীয়ে। বিয়লি ৩-১৫ বজাত প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট পুথি প্ৰকাশক তথা জাৰ্নাল এম্প'ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য, বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা শিক্ষক গংগাধৰ বৰ্মণ, সমন্বয় গ্ৰন্থালয়ৰ স্বত্বাধিকাৰী জিতেন ডেকা, 'আমাৰ নলবাৰী'ৰ কাৰ্যবাহী সম্পাদক এম মহিবৰ ৰহমান, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্

জামুগুৰিহাটৰ চৰ-চাপৰিৰ ২ শতাধিক লোকক উচ্ছেদ

Image
#জামুগুৰিহাটৰ চৰ চাপৰিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ #জেচিবিৰে ভাঙিলে দুই শতাধিক পৰিয়ালৰ বাসগৃহ৷ #চৰ চাপৰিত পুণৰ বেদখল কৰিলে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব৷ ফাষ্ট নিউজ,জামুগুৰিহাট,১০ জানুৱাৰী : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ চৰ চাপৰিৰ চৰকাৰী মাটি অবৈধভাৱে বে-দখল কৰি বসতি স্থাপন কৰা প্ৰায় ২ শতাধিক পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলাই শোণিতপুৰ জিলা প্ৰশাসনে৷শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নোমল মাহাতুৰ নেতৃত্বত যোৱা প্ৰশাসনৰ লোকে দিনৰ ১১ বজাৰপৰা চৰ চাপৰি অঞ্চলত এই অভিযান চলাই৷প্ৰায় ৬ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ চলোৱা এই উচ্ছেদ অভিযানত ৪ খনকৈ জেচিবি আৰু ৭ খনকৈ ট্ৰেক্টৰো ব্যৱহাৰ কৰা হয়৷প্ৰথমেই চৰ চাপৰিৰ মকুৱা চাপৰিত অভিযানকাৰী দলে শতাধিক ঘৰ উচ্ছেদ চলোৱাৰ পিছত চিৰুৱানী আৰু বিহিয়া চাপৰিত এই অভিযান চলাই৷অৱশ্যে অভিযানৰ আগতীয়া উমান পাই একাংশ বেদখলকাৰী পুৱাৰ ভাগতেই নিজৰ নিজৰ বাসগৃহ এৰি আচবাব সমুহ লৈ সেই স্থান ত্যাগ কৰে যদিও আন একাংশ লোক সেই স্থানতে খোপনি পুতি থকাত প্ৰশাসনৰ লোকে জেচিবিৰ সহায়ত সেইসকল অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে৷জামুগুৰিহাটৰ চৰ চাপ

নিজ পকোৱা তাঁতিপাৰাৰ নাগাৰা নামৰ জেষ্ঠ পাঠক শিল্পী গিৰীন্দ্ৰ সাউদৰ দেহাৱসান

Image
 নিজ পকোৱা তাঁতিপাৰাৰ নাগাৰা নামৰ জেষ্ঠ পাঠক শিল্পী গিৰীন্দ্ৰ সাউদৰ দেহাৱসান *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ফেব্ৰুৱাৰী* নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীৰ জেষ্ঠ নাগাৰা নামৰ পাঠক শিল্পী গিৰীন্দ্ৰ সাউদৰ যোৱা নিশা প্ৰায় ৮ মান বজাত দেহাৱসান ঘটে ৷ আজি দীৰ্ঘদিন ধৰি স্নায়ুৰোগত ভূগি থকা প্ৰয়াত সাউদৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷ শিশু কালৰে পৰা সংস্কৃতিৰ পথাৰখনত অহোপুৰুষাৰ্থ চেষ্টা আৰু কষ্ট কৰা পাঠক শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৫ বছৰ ৷ পাঠক শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন লোকসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে আৰু সোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী পুত্ৰ সহিতে আত্মীয়স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ আজি দিনৰ ১১.৩০ বজাত তেওঁৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ তোৰণৰ আধাৰশিলা স্থাপন

Image
শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ তোৰণৰ আধাৰশিলা স্থাপন সঞ্জীৱ দাস, ভৱানীপুৰ, ১০ ফেব্ৰুৱাৰীঃ আজি পুৰণ ভৱানীপুৰস্থিত শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ দ্বিতীয়খন তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰ মাহতলীহাটিৰ নিবাসী ধৰ্মকান্ত তালুকদাৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই দান কৰা শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ দ্বিতীয়খন তোৰণৰ আধাৰশিলা উক্ত সত্ৰৰ মুখ্য পাঠক ৰজনীকান্ত বৰা, গোপাল আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ বৰ্মন, সম্পাদক প্ৰাণেশ্বৰ দাসৰ লগতে সদস্যসকলৰ উপস্থিতিত ধৰ্মকান্ত তালুকদাৰে আজি পুৱা স্থাপন কৰে। ইয়াৰ পাচতেই ভৱানীপুৰৰ ভকত কৃষ্ণকান্ত নাথৰ দ্বাৰা সত্ৰত নাম-প্ৰসংগ কৰা হয় আৰু হৰি নামেৰে মুখৰতি হৈ পৰে শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ চৌহদ। উল্লেখ্য, শতাধিক ভক্তপ্ৰাণ ৰাইজ আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানটিত উপস্থিত থাকে। ph. 8721957517

লংকেশ্বৰ গোঁহাই ৰাজ্যিক প্ৰাইজমনি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অসম আৰক্ষীৰ জয়

Image
লংকেশ্বৰ গোঁহাই ৰাজ্যিক প্ৰাইজমনি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অসম আৰক্ষীৰ জয় চাবুৱাঃ ১০ ফেব্ৰুৱাৰীঃ অষ্টম বাৰ্ষিক ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ৰাজ্যিক পয্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমনি ভলীবল প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত অসম আৰক্ষী ভলীবল দলে সৰভোগ ভলীবল দলক দুই- এক চেটৰ ব্যৱধানত পৰাস্ত কৰে। সৰভোগ দলৰ চাৰি নং জাৰ্চীৰ হিতেশ ৰয়ৰ আপ্ৰাণ চেষ্টাও দলটোক উদ্ধাৰ কৰিব নোৱাৰিলে। আজি চূড়ান্ত খেলখনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিচালকে হিতেশ ৰয়কে নিৰ্বাচিত কৰে। নতুন ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পাথাৰত অসম ভলীবল সন্থাৰ তত্বৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নুতন ৰঙাগড়া আঞ্চলিক মিলন সংঘৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাখনিত অসমৰ আগশাৰীৰ বচা বচা তেৰটি দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলখন পৰিচালনা কৰে পৰিচালক চিত্ৰ বৰা, বাস্তৱ গগৈ, গৌৰৱ বৰুৱা, ৰাজেশ মৰাণ, কেশৱ বৰা, ধ্ৰুৱজ্যোতি বৰুৱা, চিত্ৰত্ৰৰঞ্জণ গগৈ  আৰু কেশৱ চেতিয়াই। আজি চূড়ান্ত খেলখনিত আগমহূত্বত তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুক উদ্যোক্

গোৱালপাৰাত জিলা প্ৰশাসনৰ চিলাই মেচিন বিতৰণ অনুষ্ঠান

Image
গোৱালপাৰাত জিলা প্ৰশাসনৰ চিলাই মেচিন বিতৰণ অনুষ্ঠান ------- গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে এক সাহায্য বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত জিলাখনৰ মুঠ ১৪ গৰাকী বিশেষ ভাৱে সক্ষম মহিলাৰ মাজত একোটাকৈ চিলাই মেচিন বিতৰণ কৰা হয় ৷ সিদিনা দিনৰ প্ৰায় ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই চিলাই মেচিন বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে জিলা প্ৰশাসনৰ কেবা গৰাকীও উচ্চ পদস্থ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

নলবাৰীৰ বৰতলাত পোষণ অভিযান- সুস্থ মানসিকতাই সুস্থ সমাজ গঢ়ে- ডিম্বেশ্বৰ মহন্ত

Image
নলবাৰীৰ বৰতলাত পোষণ অভিযান- সুস্থ মানসিকতাই সুস্থ সমাজ গঢ়ে- ডিম্বেশ্বৰ মহন্ত *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ফেব্ৰুৱাৰী* "শিক্ষা অবিহনে সুস্থ-সবল সমাজ ব্যৱস্থা সম্ভৱ নহয় ৷ সেয়েহে সমাজৰ প্ৰতিগৰাকী পুৰুষ-মহিলাই সুস্থ মানসিকতাৰে নিজৰ নিজৰ ঘৰখনক গঢ় দিব পাৰিলেহে এখন সুস্থ সমাজ আৰু সমাজত সুস্থ নাগৰিকৰ জন্ম লাভ কৰিব ৷"- আজি নলবাৰী জিলাৰ বৰতলা ১নং অংগনৱাড়ী কেন্দ্ৰত মুক্তাৰাম বৰ্মনৰ পৌৰাহিত্যত বহা সভাত নিৰ্দিষ্ট বক্তা হিচাপে বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন বিষয়া ডিম্বেশ্বৰ মহন্তই এইদৰে কয় ৷ সভাত বক্তাগৰাকীয়ে পুষ্টিকৰ খাদ্যৰ ওপৰতো উপস্থিতসকলৰ মাজত সজাগতা বৃদ্ধি কৰে ৷ সভাত  ১২নং চক্ৰৰ  মুখ্যসেৱিকা মঞ্জুলা পাঠক, পোষণ অভিযানৰ বৰক্ষেত্ৰীৰ ব্লক সমন্বয়ক দ্বীপ দাস, কাৰ্যালয়ৰ কৰ্মচাৰী বুবুল শৰ্মা, সমাজকৰ্মী উপেন্দ্ৰ নাথ চৌধুৰী, আশাকৰ্মী সংগীতা বৰ্মন, নমিতা বৰ্মন আদি কেইবাগৰাকীও উপস্থিত থাকে ৷ সভাত প্ৰকল্প বিষয়াগৰাকীয়ে মাতৃসকলক উদ্দেশ্যি পোষণ সম্পৰ্কে সম্যক জ্ঞান দি বিজ্ঞানসন্মতভাৱে নিজৰ সন্তানৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় ৷ *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, নলবাৰীৰ বহু বিদ্যালয়ত সংস্কৃত, হিন্দী আৰু আৰৱী বিষয় শিক্ষক নাই- পাঠগ্ৰহণ অবিহনে পৰীক্ষাগৃহত পৰীক্ষাৰ্থী *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ফেব্ৰুৱাৰী* ৰাজ্যখনৰ আন বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলাতো আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে ৷ নলবাৰী জিলাৰ একাংশ বিদ্যালয়ত সংস্কৃত, হিন্দী আৰু আৰৱী বিষয়ৰ শিক্ষক নোহোৱাকৈয়ে আৰু পাঠগ্ৰহণ নকৰাকৈয়ে শ শ ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত বহিবলগা কাৰ্যত বিপাঙত পৰিছে বিদ্যালয়ৰ মুৰব্বী, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকল ৷ উল্লেখযোগ্য যে নলবাৰী জিলাৰ মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়(বানেকুছি)ৰ অধ্যক্ষ নৱ কুমাৰ শৰ্মাই জানিবলৈ দিয়ামতে এই বিদ্যালয়খনত সংস্কৃত আৰু আৰৱী বিষয়ৰ শিক্ষকে কেইবাবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে ৷ ইপিনে ১৯১৩ চনত প্ৰতিষ্ঠিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰৱী শিক্ষক পদৰ লগতে ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি জিলাখনৰ বহু বিদ্যালয়ত আজিকোপতি সংস্কৃত, হিন্দী আৰু আৰৱী বিষয়ৰ শিক্ষকৰ পদ একাংশ খালী হৈ থকাৰ বাবে শ শ ছাত্ৰ-ছাত্ৰীয়ে আজি অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ

ৰঙিয়াৰ স্বস্তি হাস্পতালত প্ৰসৱ কৰোৱা নৱজাতকৰ প্ৰতীক্ষা হাস্পতালত মৃত্যুৰ ঘটনাক লৈ চিকিৎসকৰ সংবাদমেল

Image
ৰঙিয়াৰ স্বস্তি হাস্পতালত প্ৰসৱ কৰোৱা নৱজাতকৰ প্ৰতীক্ষা হাস্পতালত মৃত্যুৰ ঘটনাক লৈ চিকিৎসকৰ সংবাদমেল  প্ৰতিবেদক, ৰঙিয়া, ৯ ফেব্ৰুৱাৰীঃ  কিদৰে মৃত্যু হৈছিল ৰঙিয়াৰ স্বস্তি হাস্পতালত প্ৰসৱ কৰোৱাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত নিয়া নৱজাতকৰ? আজি এই সন্দৰ্ভত সমগ্ৰ ঘটনা  বিৱৰি ক'লে এক সংবাদমেলৰ আয়োজন কৰি ৰঙি য়াৰ স্বস্তি হাস্পতালৰ চিকিৎসালয় স্বত্বাধিকাৰী তথা অভিজ্ঞ চিকিৎসক ডাঃহিতেন্দ্ৰ কলিতাই। গৰ্ভৱতী মহিলা গৰাকী প্ৰথম ছয়-সাত মাহ ভালে আগবাঢ়ি আছিল। যাৱতীয় পৰীক্ষা গোটেই খিনি কৰা হৈছিল। সাতমাহৰ পিছত লাহে লাহে মহিলা গৰাকীৰ অকণমান হাইপ্ৰেছাৰ দেখা গৈছিল। পিছৰফালে অকমান কমিছে আৰু সেই মৰ্মে আমি আলোচনা মাধ্যমৰে প্ৰসূতি গৰাকীক তাৰিখতকৈ প্ৰায় দুসপ্তাহ আগতে হস্পিতালত ভৰ্তি কৰাওঁ। আগদিনা গধূলি সাত বজাত ভৰ্তি কৰোৱাৰ পিছত পিছদিনা দূপৰীয়া এক মান বজাত প্ৰসৱ কৰোৱা হয়। আমাৰ চিকিৎসালয় অভিজ্ঞতা সম্পন্ন ডাক্তৰৰ দলে প্ৰসৱটো কৰাইছে। সেইখিনি সময়ত মহিলা চিকিৎসক হস্পিতালৰ ডঃ আছমা শৰ্মাও আছিল। ঠিক জন্মৰ লগে লগে মন কৰিলে যে শিশুটিয়ে ভালকৈ উশাহ লব পৰা নাই। লগতে শিশুটিয়ে পেটৰ ভিতৰতে পাইখ

বাংলীপাৰাত শ্ৰীশ্ৰীমদন মোহন গোঁসাই সত্ৰত বাৰ্ষিক নাম-কীৰ্তন মহোৎসৱ

Image
বাংলীপাৰাত শ্ৰীশ্ৰীমদন মোহন গোঁসাই সত্ৰত বাৰ্ষিক নাম-কীৰ্তন মহোৎসৱ সঞ্জীৱ দাস, ভৱানীপুৰ, ৯ ফেব্ৰুৱাৰীঃ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বাংলীপাৰা গাঁওত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমদন মোহন গোঁসাই থান সত্ৰত প্ৰতি বছৰৰ দৰে এই বছৰো নাম-কীৰ্তন মহোৎসৱ উপলক্ষে আজি দহ হেজাৰ ভক্তৰ আগমন, নাম-কীৰ্তন, ধৰ্ম সভা আদিৰে মুখৰিত হয় সত্ৰ চৌহদ তথা বৃহত্তৰ বাংলীপাৰা অঞ্চল। কালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে শ্ৰীশ্ৰীমদন মোহন গোঁসাই সত্ৰত ৬৫ সংখ্যক নাম-কীৰ্তন মহোৎসৱত হেজাৰ হেজাৰ লোকৰ সমাগম, নাম-কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় বাংলীপাৰা অঞ্চল। আজি পুৱাৰ ভাগত ভকত-আয়তীয়ে ঊষা কীৰ্তন পৰিৱেশন কৰাৰ পাছতেই শৰাই স্থাপন কৰে শ্ৰীশ্ৰীমদন মোহন গোঁসাই থান সত্ৰৰ সত্ৰাধিকাৰ মহেশ্বৰ দাসে লগতে দিগন্ত কলিতাৰ পৰিচালনাত নাম-প্ৰসংগ কৰা হয়। ইয়াৰ পাছতেই বাংলীপাৰা অঞ্চলত উলিওৱা ভাগৱত লৈ শোভাযাত্ৰা কাৰ্যসূচী উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক কিশোৰ কুমাৰ মেধিয়ে। সহস্ৰাধিক ভকত-আয়তী, যুৱক-যুৱতীয়ে নাম-কীৰ্তন পৰিৱেশনেৰে ভাগৱত লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। তদুপৰি মহোৎসৱস্থলীত শ্ৰুতিমধুৰভাৱে ভাগৱত পাঠ কৰি লক্ষীমপুৰৰ নাৰায়ণপু

অসমক আমি সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব - গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানত মুখ্যমন্ত্ৰী সোণোৱাল

Image
অসমক আমি সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব - গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানত মুখ্যমন্ত্ৰী সোণোৱাল ----------------  অসমক সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধ ভাৱে প্ৰচেষ্টা চলাব লাগিব ৷ তাৰ বাবে আমি মানৱীয় ধ্যান ধাৰণাৰ মাজেৰে কঠোৰ পৰিশ্ৰম কৰি আগুৱাই যাৱ লাগিব ৷  এই মন্তব্য অসমৰ মূুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰৰ মহাপীঠস্থানত কালিৰে পৰা সাতদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱৰ আজি দ্বিতীয় দি না তীৰ্থস্থান খনত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে ৷ উল্লেখ্য যে আজি পুৱা প্ৰায় ১১ বজাত হেলিকপ্টাৰেৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীসূৰ্য পাহাৰত উপস্থিত হয় ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকা সমন্বিতে মহাপীঠস্থান পৰিচালনা সমিতিয়ে আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীক ৷ মহাপীঠস্থান খনত উপস্থিত হৈয়ে তেওঁ প্ৰথমে বিষ্ণু পূজা কৰে ৷ ইয়াৰ পাছতে আৰম্ভ হোৱা বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰি আহুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মূখ্যমন্ত্ৰী গৰাকীয়ে

বিজনীত নকল পিষ্টল আৰু ড্ৰাগছসহ এজনক আটক

Image
বিজনীত নকল পিষ্টল আৰু  ড্ৰাগছসহ এজনক আটক বঙাইগাঁওঃ ৮ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বিজনী- গেৰুকাবাৰী পথত আজি সন্ধিয়া ৭ মান বজাত বিজনী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক হয় । ধৃত সৰবৰাহকাৰীটো বিজনীৰ কাৱাটিকা নিবাসী ছাইবুল ইছলাম (২১) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ , এটা নকল পিষ্টল, মোবাইল আৰু এ এচ ১৯ জি ৩১৩৪ নম্বৰৰ এখন মটৰচাইকেল উদ্ধাৰ কৰে । প্ৰণৱ কুমাৰ ডেকা

শিৱসাগৰ আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ

শিৱসাগৰ আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ  ফাৰ্ষ্ট নিউজ  শিৱসাগৰ , ৮ ফেব্ৰুৱাৰী  টীয়ক চাহবাগিছাৰ মেনেজাৰ তথা এম'ৱে এজেন্ট হীৰেন বৰাক জালত পেলাবলৈ গৈ নিজে জালত সোমাল তিনি দুৰ্বৃত্ত জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰে হানি ট্ৰেপিং চক্ৰটোক চক্ৰটোৰ দুগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ যোৰহাট জিলাৰ টীয়ক চাহবাগিছাৰ মেনেজাৰ হীৰেন বৰাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ চক্ৰটোক আৰক্ষীৰ জালত চৰিফুল আলী ( কোঁৱৰপুৰ, শেনছোৱা গাঁও) , নাছিম আলী ওৰফে মামুন (চিন্তামনি গড়,গৌৰীসাগৰ) আৰু মাৰ্জিনা বেগম ( ৰংঘৰ চাৰিআলি) ৷ তিনিও দুৰ্বৃত্তই দীৰ্ঘদিনে বিভিন্ন পুৰুষক জালত পেলাই ব্লেকমেইলিঙৰে ধন সৰকাই অহাৰ লগতে শেহতীয়াভাবে টীয়ক চাহবাগিচাৰ মেনেজাৰ হীৰেন বৰাক জালত পেলাইছিল ৩ ফেব্ৰুৱাৰীত তলাতল ঘৰলৈ মাতি আনি প্ৰৱন্ধক হীৰেন বৰাক জালত পেলাইছিল হানি ট্ৰেপিং চক্ৰটোৱে  মেনেজাৰ গৰাকীৰ এজাহাৰৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে ১৬১/ ২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ ( B)/ ৪২০ / ৩৮৪ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে হানিট্ৰেপিঙত জড়িত তিনি দুৰ্বৃত্তক উল্লেখ্য যে হা

ভেলাখামাৰত জে ই টিকাকৰণ অভিযান আৰম্ভ

Image
ভেলাখামাৰত জে ই টিকাকৰণ অভিযান আৰম্ভ ----- ৰাজ্যখনৰ বিভিন্ন জিলাত বিগত বহু বছৰ ধৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে সূচনা কৰা জে ই টিকাকৰণ অভিযান ২০২০ বৰ্তমানে চলি আছে গোৱালপাৰা জিলাত ৷ এই জে ই টিকাকৰণ অভিযান কালিৰ পৰা আৰম্ভ হৈছে জিলাখনৰ মৰনৈ পি এইছ চিৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱত ৷ ভেলাখামাৰ স্বাস্থ্য উপকেন্দ্ৰত কালি পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ অনুষ্ঠিত হয় এই টিকাকৰণ ৷ টিকাকৰণ অভিযানৰ কালি প্ৰথম দিনা স্বাস্থ্য উপকেন্দ্ৰৰ অন্তৰ্গত মুঠ ৬৫০ গৰাকী লোকৰ ভিতৰত মুঠ ২০০ গৰাকী লোকে এই টিকা গ্ৰহণ কৰে ৷ আজিও অব্যাহত আছে এই টিকাকৰণ ৷ টিকাকৰণ অভিযানত অংশ লৈছে ক্ৰমে ছফিয়া নুৰ (এ এন এম), ফুলেশ্বৰী নাথ (এ এন এম),ভুৱনেশ্বৰী ৰায় (আশা ছুপাৰ ভাইজাৰ),প্ৰণৱজ্যোতি নাথ (এম পি ডব্লিউ),অনুপমা নাথ (আশা কৰ্মী) আৰু গীতুমণি ডেকা নাথ (অংগনবাদী কৰ্মী) ৷ ফুলেশ্বৰী নাথে জানিবলৈ দিয়া মতে , অহা ১৩ ফেব্ৰুৱাৰীলৈ এই অভিযান চলিব যদিও ৰবিবাৰ আৰু বুধবাৰে এই অভিযান বন্ধ থাকিব ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ First News Report

মৰিগাঁওত জঘন্য ঘটনা । এগৰাকী কণমানিক ঘৰ্ষণ কৰি হত্যা

মৰিগাঁওত জঘন্য ঘটনা । এগৰাকী কণমানিক ঘৰ্ষণ কৰি হত্যা  মৰিগাঁওত সংঘটিত হৈছে এক জঘন্য ঘটনা । বৃহস্পতিবাৰে মৰিগাঁওৰ শ’লমাৰীৰ কৰাইবাৰী তথা উজানমাৰীৰ নুৰ মহমদৰ কণ্যা সন্তান কণমানি তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰী শ’লমাৰীৰ সংযুক্ত প্ৰাথমিক বিদ্যালয়লৈ গৈ আবেলি ঘৰলৈ  ঘূৰি নহাত পৰিয়ালৰ লোকে বিছাৰি চলাথ কৰে,কিন্তুু  কোনো সন্ধান নোলাল দিনৰ ভাগত ছাত্ৰী গৰাকীৰ । বহু বিছাৰ খোচাৰৰ অন্তত  এডোখৰ নিজান ঠাইত উলংগ অৱস্থাৰ উদ্ধাৰ কৰে কিশোৰী গৰাকীক । কোনো লম্পটে  ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । উল্লেখ্য্য যে এবছৰমান আগৰ পৰা উক্তস্থানত মত্স্য ব্যৱসায়ৰ লগত জৰিত হৈ থকা পৰিয়ালতোৰ ৮ বছৰীয়া শিশু গৰাকীক দুৰ্বৃত্তই  চাৰিতা জেউঁৰা সুতিত বান্ধি ধৰ্ষণ কৰি জেউঁৰা সুতিৰে হানি সুচী হত্যা কৰি উলংগ অৱস্থাত পেলাই থৈ যায় ৷  বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল কন্যা গৰাকী ৷ স্কুলৰ পৰা ঘৰমূৱা অৱস্থাত অপহৰণ কৰি নিৰ্জন ঠাইত ধৰ্ষণ কৰি হত্যা সন্দেহ ৷   মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘ

নলবাৰীৰ মহিনা-শান্তিপুৰত দৌল উৎসৱৰ আয়োজন

নলবাৰীৰ মহিনা-শান্তিপুৰত দৌল উৎসৱৰ আয়োজন *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৭ ফেব্ৰুৱাৰী* নলবাৰী আৰু বাগ্ সা জিলাৰ সীমান্তত মহিনা-শান্তিপুৰত দৌল উৎসৱ অনুষ্ঠিত কৰাৰ বাবে আয়োজন চলিছে ৷ বসন্ত পুখুৰীপাৰ দৌল মন্দিৰ প্ৰাঙ্গণত অহা ৮ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ এই দৌল উৎসৱ অনুষ্ঠিত হ'ব বুলি মন্দিৰ সমিতিৰ স্থায়ী সভাপতি শ্ৰীকান্ত বৈশ্য আৰু সম্পাদক সত্যৰাম বৈশ্যই জনাইছে ৷ ইতিমধ্যে দৌল উৎসৱ পৰিচালনা কৰাৰ বাবে ভূৱনেশ্বৰ কলিতা(ধন)ক সভাপতি, বিপুল বৈশ্যক সম্পাদক, মানিক বৈশ্য আৰু যোগেশ্বৰ বৈশ্যক উপ-সভাপতি, নিতুল বৈশ্য আৰু সৌৰভ বৈশ্যক সহকাৰী সম্পাদকৰূপে লৈ এখন উদযাপন সমিতি গঠন কৰা বুলি প্ৰচাৰ সম্পাদক ৰাতুল বৈশ্যই জানিবলৈ দিয়ে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে ৮ মাৰ্চত বহ্নি উৎসৱ, আতচবাজী, যাত্ৰাপাৰ্টি, নিশা শিল্পী নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ আৰু ভৱেন মেধিৰ দ্বাৰা নাম পৰিৱেশন হ'ব ৷ পাছৰ কাৰ্যসূচীত মহিলা শিল্পী নাগাৰা নামৰ পাঠিকা কুসুম দেৱীৰ দ্বাৰা নাম পৰিৱেশন, ৰৌমাৰীৰ শঙ্কৰজ্যোতি নাট্য সমাজৰ ঢুলীয়া ভয়নুৰ আলীৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন হ'ব বুলি উদযাপন সমিতিৰ সভাপতি ভূৱনেশ্বৰ কলিতাই জনাইছে ৷ অনুষ্ঠানৰ

জামুগুৰিহাটত আজিৰপৰা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস

#জামুগুৰিহাটত আজিৰপৰা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস৷ ফাষ্ট নিউজ,জামুগুৰিহাট, ৬ ফেব্ৰুৱাৰী: অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নতিৰ হকে গঠন হোৱা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱ কাইলৈৰপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে জামুগুৰিহাটত অনুষ্ঠিত হ'ব৷ইতিমধ্যে এই অনুষ্ঠান উদযাপনৰ বাবে গোলাপ কলিতাক সভাপতি, ডা: হৰেন শইকীয়াক কাৰ্যকৰী সভাপতি, ৰঞ্জিত বৰঠাকুৰ আৰু চাৰুকমল নেওগক প্ৰধান সম্পাদক হিচাপে লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তাসকলে। প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱৰ কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে মুখ্য দ্বাৰ উদ্ঘাটন কৰাৰ পাছত প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰিব শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে।পুৱা ১১ বজাত উদযাপন সমিতিৰ সভাপতি গোলাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া উদ্বোধনী আৰু সম্বৰ্ধনা সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা৷দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পূৰ্ণেশ্বৰ নাথে

ভৱানীপুৰত বিজেপিৰ 'আইদেউৰ বুলনি' অনুষ্ঠান

Image
"ভৱানীপুৰত বিজেপিৰ 'আইদেউৰ বুলনি' অনুষ্ঠান" আইদেউৰ বুলনিৰে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ৰক্ষাৰ সবল বিপ্লৱ সৃষ্টি কৰা হৈছে : মনোজ বৰুৱা সঞ্জীৱ দাস, ভৱানীপুৰ, ৬ ফেব্ৰুৱাৰীঃ আজি বিজেপিৰ ভৱানীপুৰ মণ্ডল সমিতিৰ উদ্যোগত আৰু ভৱানীপুৰ মণ্ডল মহিলা মৰ্চাৰ সহযোগত আয়োজিত আইদেউৰ বুলনিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ এই উদ্বোধনী অনুষ্ঠানটো বিজেপিৰ ভৱানীপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক অকন ডেকাই আঁত ধৰে আৰু ভৱানীপুৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মৃদুলা অধিকাৰীয়ে আদৰণী ভাষণ পাঠ আৰু উদ্দেশ্য বাখ্যা কৰে। উদ্বোধনী অনুষ্ঠানৰ বিশিষ্ট অতিথিৰ ভাষণত আজি "সাম্প্ৰতিক সময়ছোৱাত ভাৰতীয় সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ অৱদান উল্লেখনীয়। তেনেদৰে ভাৰতীয় জনতা পাৰ্টি আৰু এই দলৰ নেতৃত্বাধীন চৰকাৰখনে অসমতো বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয় ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা তথা আঁচনি গ্ৰহণ আৰু ৰূপায়ণ অব্যাহত ৰাখিছে। সমগ্ৰ অসমত আইদেউৰ বুলনি অনুষ্ঠান ৰূপায়ণেৰে বিজেপিয়ে বৃহত্তৰ অসমীয়া জাতীয় ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাত এক সুস্থ-সবল বিপ্লৱ সৃষ্টি কৰিছে" - এইদৰে কয় বি

ভৰলী চাপৰি আৰু মকুৱা চাপৰি অঞ্চল অন্তৰ্ভুক্ত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷

Image
#জামুগুৰিহাটৰ চৰ চাপৰি পুণৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ৷ #ভৰলী চাপৰি আৰু মকুৱা চাপৰি অঞ্চল অন্তৰ্ভুক্ত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ #চৰ অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে চিআৰপিএফ কেম্পৰ আধাৰশিলা স্থাপন৷ ফাষ্ট নিউজ,জামুগুৰিহাট,৬ ফেব্ৰুৱাৰী: বিগত বৰ্ষৰ ৬ ডিচেম্বৰত চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলৰ চৰ চাপৰিত চৰকাৰী ভুমি বেদখল কৰি বসবাস কৰা  ৫ শ ঘৰ লোকক উচ্ছেদ চলাইছিল যদিও উচ্ছেদিত একাংশ লোক পৰৱৰ্তী সময়ত সেই অঞ্চলসমুহতে পুণৰ বসতি স্থাপন কৰিবলৈ লোৱাৰ লগতে চতিয়া আৰু তেজপুৰ সমষ্টিৰ সীমামুৰীয়া অঞ্চল মকুৱা চাপৰিত জুপুৰি সদৃশ গৃহ নিৰ্মাণ কৰি থাকিবলৈ আৰম্ভ কৰে৷প্ৰশাসনৰ বাৰম্বাৰ সকিয়নীৰ পাছতো উচ্ছেদিত এইসকল লোকে চৰকাৰী ভূমিতে খোপনি পুতিবলৈ অপ্ৰাণ চেষ্টা  অব্যাহত ৰখাৰ সময়তে আজি জামুগুৰিহাটৰ এই চৰ চাপৰি অঞ্চলসমুহ পৰিদৰ্শন কৰে শোণিতপুৰ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং সহিতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷দিনৰ ১ বজাত বন বিভাগ,কৃষি বিভাগ,ৰাজহ বিভাগকে ধৰি কেবাটাও বিভাগৰ উচ্চপদস্থ বিষয়া সকলক লগত লৈ কৰা এই পৰিদৰ্শন কালত শোণিতপুৰ জিলা উপায়ুক্তগৰাকীয়ে চৰ চাপৰি অঞ্চলৰ গাঁওবুঢ়া,গ

নলবাৰীত ৯ ফেব্ৰুৱাৰীত সদৌ অসম পশুপালন শ্রমিক সন্থাৰ সাধাৰণ সভা

নলবাৰীত ৯ ফেব্ৰুৱাৰীত সদৌ অসম পশুপালন শ্রমিক সন্থাৰ সাধাৰণ সভা *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৬ ফেব্ৰুৱাৰী* অসম চৰকাৰৰ কর্মচাৰীসকলৰ অন্য এটা সংগঠন সদৌ অসম পশুপালন শ্রমিক সংগ্রাম সমিতি ৷ সদৌ অসম কর্মচাৰী পৰিষদৰ অর্ন্তভূক্ত এই সংগঠনটোৰ বিভিন্ন সমস্যা চৰকাৰে আলোচনাৰ মাধ্যমেৰে সমাধান কৰি পশুপালন শ্রমিকসকলৰ বহুখিনি অভাৱ আতৰায় যদিও আৰু বহুখিনি অভাৱ বাকী আছে ৷ গতিকে বাকী থকা অভাৱসমুহ পূৰণ কৰাৰ বাবে সদৌ অসম পশুপালন শ্রমিক সন্থাৰ এখন সাধাৰণ সভা অহা ৯ ফেব্ৰুৱাৰীত নলবাৰীৰ বেচিক ট্রেইনিং চেন্টাৰত দিনৰ ১১ বজাত অনুস্থিত হ'ব বুলি নলবাৰী জিলা পশুপালন শ্রমিক সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন কলিতাই লিখিতভাৱে জনাইছে ৷ সভাত সমিতিৰ বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰিব ৷ সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি/সম্পাদকৰ লগতে অন্য বিষয়াসকল উপস্থিত থাকিব ৷ সকলো সদস্যকে সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰিছে ৷ *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*