বঙাইগাঁৱত আছাৰ উদ্যোগত গণ বিক্ষোভ কাৰ্যসূচী

বঙাইগাঁৱত আছাৰ উদ্যোগত গণ বিক্ষোভ কাৰ্যসূচী 

চলিত বৰ্ষৰ ভিতৰতে আদিবাসীসকলক জনজাতিকৰণ নকৰিলে ২০২১ত বিজেপি চৰকাৰক বিদায় দিয়াতো খাটাং--মানচুখ চাংখাৰীকা

বড়ো শান্তি চুক্তিৰ নামত চৰকাৰে হত্যাকাৰীসকলকহে ন্যায় দিলে যদিও হত্যাৰ বলি হোৱাসকলে ন্যায় নাপালে--সমৰেন্দ্ৰ কিস্কু

বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰীঃ আমাৰ মূল দাবী হ'ল জনজাতিকৰণ ৷ কিন্তু জাতি- মাটি - ভেটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে আজিলৈ আদিবাসীসকলৰ জনজাতিকৰণকে ধৰি বিভিন্ন দাবীসমূহৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়ে আমি চৰকাৰক সকিয়াই দিছো যে এই ২০২০ চনৰ ভিতৰতে যদি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে , তেতিয়াহ'লে কিন্তু ভয়ানক আন্দোলন গঢ়ি তোলাৰ লগতে অহা ২০২১ ত বিজেপি চৰকাৰক বিদায় দিয়াতো খাটাং ৷ এই মন্তব্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ৰ প্ৰচাৰ সম্পাদক মানচুখ চাংখাৰীকাৰ ৷ আজি বঙাইগাঁও চহৰৰ বীৰঝৰা চাহ বাগিছাৰ ৰাজহুৱা খেল পথাৰত সদৌ বঙাইগাঁও জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গণ বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে ৷ মূলত আদিবাসীসকলক ভাৰতীয় সংবিধানৰ অধীনত অতিশীঘ্ৰে জনজাতিকৰণ কৰা , চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত আয়োজিত গণ বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকগৰাকীয়ে কয় যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে আমাক প্ৰতিশ্ৰুতি দিছিল যে বিজেপি দলে চৰকাৰ গঠন কৰাৰ ছমাহৰ ভিতৰতে আদিবাসীসকলক জনজাতিকৰণ কৰিব ৷ কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ যাৰ ফলত আমি বিভিন্ন জিলা তথা অঞ্চলত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি আছো ৷ আমি এই গণ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক সকিয়াই দিছো যে এই ২০২০ চনৰ ভিতৰতে যদি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে , তেতিয়াহ'লে কিন্তু ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ৷ লগতে ২০২১ ত আমি বিজেপি চৰকাৰক বিদায় দিবলৈ বাধ্য হ'ম ৷ সেইদৰে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১টকা কৰিব বুলি বিজেপি চৰকৰে প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই ক্ষেত্ৰতো ভেকোভাওনা কৰিলে ৷ একেদৰে আদিবাসীসকলক মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰৰ কোনো সদিচ্ছা দেখা পোৱা নাই ৷ গতিকে আমাৰ দাবী যে অতিশীঘ্ৰে আমাৰ দাবীসমূহ সমাধান কৰিব লাগে ৷ তদুপৰি চলিত ২০২০ চনৰ ভিতৰতে আদিবাসীসকলৰ জনজাতিকৰণৰ দাবী পূৰণ কৰিব লাগে ৷ যদিহে বিজেপি চৰকাৰে নকৰে তেতিয়াহ'লে ২০২১ ত বিজেপি চৰকাৰক বিদায় দিয়াতো খাটাং ৷ আনহাতে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি সমৰেন্দ্ৰ কিস্কুই নিজৰ ভাষণত কয় যে আমি জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছো যদিও চৰকাৰে কিন্তু আমাক আজিলৈকে জনজাতিকৰণ নকৰিলে ৷ একেদৰে আন দাবীসমূহৰ প্ৰতিও কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ এয়া আমাৰ বাবে দুৰ্ভাগ্যৰ বিষয় ৷ কিন্তু আমি দেখিবলৈ পাইছো যে বিটিএডি কথা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বসবাস কৰা বড়োসকলৰ সমস্যাসমূহ সমাধানৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ত্ৰিপাক্ষীক আলোচনাৰ মাজেৰে শান্তি চুক্তি কৰি সমস্যাৰ সমাধান কৰিলে ৷ শান্তি চুক্তিৰ নামত চৰকাৰে হত্যাকাৰীসকলক ন্যায় প্ৰদান কৰিলে ৷ কিন্তু যিসকল হত্যাৰ বলি হ'ল তেওঁলোকক ন্যায় প্ৰদান কৰা নাই ৷ এয়া গণতন্ত্ৰৰ বাবে সঁচাকৈ দুৰ্ভাগ্যজনক বুলি আমি আদিবাসী ছাত্ৰ সন্থাই আখ্যা দিছো ৷ ন্যায় দিব লাগিছিল যিসকলক হত্যা কৰা হৈছে ৷ কিন্তু তেওঁলোকক ন্যায় নিদি যিসকলে হত্যা কৰিলে সেইসকলকহে ন্যায় দিয়া হ'ল ৷ গতিকে আমি এই গণ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক দাবী জনাইছো যাতে অতিশীঘ্ৰে আদিবাসীসকলক ন্যায় প্ৰদান কৰে ৷ লগতে আদিবাসীসকলৰ যি জনজাতিকৰণৰ মূল দাবী সেই দাবী পূৰণ কৰক ৷ কাৰণ অসমৰ বাহিৰে আদিবাসীসকল ভাৰতৰ অন্যান্য ৰাজ্যত জনজাতিকৰণৰ মৰ্যাদা ভোগ কৰি আহিছে ৷ উপ সভাপতিগৰাকীয়ে আৰু কয় যে সকলোৱে জানে যে আদিবাসীসকল শান্তিপ্ৰিয় জাতি ৷ আমি কাৰো অন্যায় নকৰো ৷ সেইবাবে আমি আজিলৈকে সংবিধান মানি চলি আমাৰ দাবী জনাই আহিছো ৷ কিন্তু এতিয়া আমি জাগিবৰ হ'ল ৷ আমি যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নাপাও তেতিয়ালৈকে আমাৰ আন্দোলন আব্যাহত থাকিব ৷ আমি আমাৰ দাবী পূৰণৰ বাবে সুযোগ গ্ৰহণ কৰিব লাগিব ৷ কাৰণ অহা ২০২১ ত নিৰ্বাচন আহি আছে ৷ গতিকে আমাক এই ২০২০ ৰ ভিতৰত জনজাতিকৰণ কৰিবই লাগিব ৷ অন্যথা অহা ২০২১ ত বিজেপি চৰকাৰক বিদায় দিবলৈ আমি সাজু হ'ব লাগিব বুলিও কয় ৷ আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে লগতে যুদ্ধবিৰতিত থকা পাঁচ আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে চৰকাৰক অতিশীঘ্ৰে শান্তি চুক্তি কৰি আদিবাসীসকলৰ সম্যাসমূহ সমাধান কৰিবলৈকো দাবী জনায় ৷ উল্লেখ্য যে অহা ১ মাৰ্চত জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত চিৰাং জিলাত গণ চৰকাৰক সকিয়াই দিছো যে এই ২০২০ চনৰ ভিতৰতে যদি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে , তেতিয়াহ'লে কিন্তু ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ৷ বিক্ষোভ কৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক ডেভিড তিৰ্কীয়ে কয় যে বাগানত আমি কাম নকৰিলে বাগান নাথাকিলেহেতেন ৷ আমি কাম কৰি দেশৰ অৰ্থনীতিত অৰিহনা যোগাও ৷ অথচ আমাৰ সমস্যামূহ কিন্তু সমাধান কৰা নহয় ৷ প্ৰতিখন চৰকাৰে কেৱল আমাক প্ৰকাৰণা কৰি আহিছে ৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰেও প্ৰতাৰণা কৰিলে ৷ গতিকে সময় আহিছে ৷ সন্মুখত নিৰ্বাচন আছে ৷ আমাক কৰা প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব যদিহে চলিত ২০২০ ৰ ভিৰতে আমাক জনজতিকৰণ নকৰে ৷ সাংস্কৃতিক সম্পাদকগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে ভাৱে যে কেৱল তেওঁলোকহে বুদ্ধিয়ক ৷ কিন্তু এইবাৰ আমি দেখুৱাই দিম আমাৰ শক্তি ৷ জনজাতিকৰণ নহলে বিজেপিক এনেদৰে ঝাড়ু মাৰিম যে বিজেপিয়ে এখন আসনতো বিজয়ী হ'ব নোৱাৰিব ৷ নেতাগৰাকীয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাৰ ধনৰ লোভত নিজৰ বিবেকক বিক্ৰী নকৰিবলৈকো জনগোষ্ঠীটোৰ লোকসকলক আহ্বান জনায় ৷ বিক্ষোভ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা হীৰু বাগদীয়ে নিজৰ ভাষণত কয় যে আমাকলৈ কেৱল সকলোৱে ৰাজনীতি কৰি আহিছে ৷ ৭০ বছৰ ধৰি আমাৰ অৱস্থা একেই আছে ৷ সেয়ে আমি নিজৰ দাবী পূৰণ কৰিবলৈ হলে ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব ৷ জিলা সমিতিৰ সভাপতি অমৃত জোজো আৰু সাধাৰণ সম্পাদক বুধু চাৱাচীয়ে আঁত ধৰা গণ বিক্ষোভ কাৰ্যসূচীত আদিবাসী গায়ক বাবুল চৰেনৰ সৈতে সাংস্কৃতিক সম্পাদক ডেভিড তিৰ্কীয়ে গীত পৰিৱেশনৰ জৰিয়তে জনজাতিকৰণৰ দাবী জনায় ৷ বিক্ষোভ কাৰ্যসূচীত জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰুস্তম সিং ৰাজগোড় আদিয়েও ভাষণ প্ৰদান কৰে ৷ কাৰ্যসূচীত কোকৰাঝাৰ , ধুবুৰী , চিৰাং আদি জিলাৰ বিষয়ববীয়াও উপস্থিত থাকে ৷ উল্লেখ্য যে গণ বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আদিবাসী জনগোষ্ঠীৰ লোকসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ আদিবাসীসকলক জনজাতিকৰণ কৰক , ন এছ টি ন ৰেষ্ট , উই ওৱান এচ টি , আদিবাসীসকলক মাটিৰ পট্টা প্ৰদান কৰক , জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ , চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ কাৰ্যসূচীৰ অন্তত ওপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা সমিতিয়ে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ ইপিনে অহা ১ মাৰ্চত চিৰাং জিলাত গণ হুংকাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা