ভৱানীপুৰত বিজেপিৰ 'আইদেউৰ বুলনি' অনুষ্ঠান

"ভৱানীপুৰত বিজেপিৰ 'আইদেউৰ বুলনি' অনুষ্ঠান"

আইদেউৰ বুলনিৰে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ৰক্ষাৰ সবল বিপ্লৱ সৃষ্টি কৰা হৈছে : মনোজ বৰুৱা

সঞ্জীৱ দাস, ভৱানীপুৰ, ৬ ফেব্ৰুৱাৰীঃ আজি বিজেপিৰ ভৱানীপুৰ মণ্ডল সমিতিৰ উদ্যোগত আৰু ভৱানীপুৰ মণ্ডল মহিলা মৰ্চাৰ সহযোগত আয়োজিত আইদেউৰ বুলনিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ এই উদ্বোধনী অনুষ্ঠানটো বিজেপিৰ ভৱানীপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক অকন ডেকাই আঁত ধৰে আৰু ভৱানীপুৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মৃদুলা অধিকাৰীয়ে আদৰণী ভাষণ পাঠ আৰু উদ্দেশ্য বাখ্যা কৰে। উদ্বোধনী অনুষ্ঠানৰ বিশিষ্ট অতিথিৰ ভাষণত আজি "সাম্প্ৰতিক সময়ছোৱাত ভাৰতীয় সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ অৱদান উল্লেখনীয়। তেনেদৰে ভাৰতীয় জনতা পাৰ্টি আৰু এই দলৰ নেতৃত্বাধীন চৰকাৰখনে অসমতো বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয় ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা তথা আঁচনি গ্ৰহণ আৰু ৰূপায়ণ অব্যাহত ৰাখিছে। সমগ্ৰ অসমত আইদেউৰ বুলনি অনুষ্ঠান ৰূপায়ণেৰে বিজেপিয়ে বৃহত্তৰ অসমীয়া জাতীয় ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাত এক সুস্থ-সবল বিপ্লৱ সৃষ্টি কৰিছে" - এইদৰে কয় বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ তথা অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাই। আনহাতে, 'আইদেউৰ বুলনি' উদ্বোধন কৰি দিয়া ভাষণত বিজেপি বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী কয় যে- "বিজেপি দলৰ চৰকাৰখন হৈছে সৰ্বস্তৰৰ জনতাক কথা দি কথা ৰখা চৰকাৰ। বিজেপি চৰকাৰখন সংস্কাৰমুখী চৰকাৰ। সৰ্বস্তৰৰ ৰাইজৰ বিকাশ আৰু কল্যানৰ বাবে কৃষ্টি-সংস্কৃতি আৰু কৰ্ম সংস্কৃতি গঢ়ি তুলি দেশক আগুৱাই নি আছে বিজেপি দল আৰি চৰকাৰে। ৰাইজৰ বাবে ৰূপায়ণ কৰা আঁচনিয়ে প্ৰমান কৰিছে যে বিজেপিৰ দিনত ভাৰতবৰ্ষত প্ৰগতি থমকি নৰয়।" উদ্বোধনী অনুষ্ঠানৰ আন এগৰাকী অতিথি বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ভৱানীপুৰ সমষ্টিৰ দলীয় তত্বাৱধায়ক গোপীৰাম নাথে তেওঁৰ ভাষণত কয় যে- "আইদেউৰ বুলনিৰে মহিলাৰ মানসিক বিকাশ সাধন কৰাৰ এক সবল চিন্তাৰ মূল ব্যক্তিগৰাকী হ'ল অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাস। তেনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ নেতৃত্বত অসমৰ বিজেপি দল আৰু চৰকাৰৰ প্ৰতিটো চিন্তা-পদক্ষেপেই উন্নয়নমুখী চিন্তা-পদক্ষেপ।" উল্লেখ্য যে, আজিৰ অনুষ্ঠানতোত দলীয় নেতা-নেত্ৰী ক্ৰমেঃ মামনী পাটগিৰি, সঞ্জীৱ নাথ, ধীৰুমণি(ববী) ৰয়, নাগেশ কুমাৰ বৈশ্যকে ধৰি বহুকেইজন লোক অতিথিৰূপে উপস্থিত থাকে। দিনজোঁৰা কাৰ্যক্ৰমণিকাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, বন্তি প্ৰজ্বলন, মাল্যদান আদি ৰূপায়িত কৰাৰ লগতে মহিলাৰ দিহানাম আৰু ঘোষানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধশতাধিক মহিলা নামতী দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দিহানাম, ঘোষানাম পৰিৱেশন কৰে। দিনৰ এঘাৰ বজাৰ পৰা নিশাৰ ভাগলৈ অনুষ্ঠিত হয় দিহানাম আৰু ঘোষানাম প্ৰতিযোগিতা। আজিৰ এই 'আইদেউৰ বুলনি' অনুষ্ঠানত অগণন ৰাইজৰ সমাৱেশ ঘটে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা