শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ তোৰণৰ আধাৰশিলা স্থাপন

শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ তোৰণৰ আধাৰশিলা স্থাপন

সঞ্জীৱ দাস, ভৱানীপুৰ, ১০ ফেব্ৰুৱাৰীঃ আজি পুৰণ ভৱানীপুৰস্থিত শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ দ্বিতীয়খন তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰ মাহতলীহাটিৰ নিবাসী ধৰ্মকান্ত তালুকদাৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই দান কৰা শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ দ্বিতীয়খন তোৰণৰ আধাৰশিলা উক্ত সত্ৰৰ মুখ্য পাঠক ৰজনীকান্ত বৰা, গোপাল আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ বৰ্মন, সম্পাদক প্ৰাণেশ্বৰ দাসৰ লগতে সদস্যসকলৰ উপস্থিতিত ধৰ্মকান্ত তালুকদাৰে আজি পুৱা স্থাপন কৰে। ইয়াৰ পাচতেই ভৱানীপুৰৰ ভকত কৃষ্ণকান্ত নাথৰ দ্বাৰা সত্ৰত নাম-প্ৰসংগ কৰা হয় আৰু হৰি নামেৰে মুখৰতি হৈ পৰে শ্ৰীশ্ৰীগোপাল আতা সত্ৰৰ চৌহদ। উল্লেখ্য, শতাধিক ভক্তপ্ৰাণ ৰাইজ আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানটিত উপস্থিত থাকে।

ph. 8721957517

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা