ডিব্ৰুগড়ৰ কুৰি বছৰীয়া চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত আলোচনা চক্ৰ আৰু সম্বৰ্ধনাৰ প্ৰস্তুতি

ডিব্ৰুগড়ৰ কুৰি বছৰীয়া চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত আলোচনা চক্ৰ আৰু সম্বৰ্ধনাৰ প্ৰস্তুতি


চাবুৱাঃ ২৭ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত অহা ১৪আৰু ১৫ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুযায়ী ১৪ মাৰ্চত নালিয়াপুলত থকা প্ৰগতিবাদী মুছলিম নাগৰিক ফৰামৰ প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু ইয়াত বছৰেকীয়া হিচাপ আৰু প্ৰতিবেদন দাখিল কৰিব। ১৫ মাৰ্চত গ্ৰাহাম বজাৰত থকা কেন্দ্ৰীয় ঈদগাহ কমিউনিটি প্ৰেক্ষাগৃহত দিনৰ ১১বজাৰ পৰা আলোচনা চক্ৰ  অনুষ্ঠিত হ'ব । ইয়াত "স্বচ্ছতা, চিকিৎসা বিজ্ঞান আৰু ইছলাম শীৰ্ষক আলোচনা" সঞ্চালনা কৰিব অসম চিকিৎসা মহাবিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত শৈল চিকিৎসক ডাক্তৰ জি এম এছ চৌধুৰী য়ে।  মুখ্য বক্তা ৰূপে উপস্থিত থাকিব কটন বিশ্ব বিদ্যালয়ৰ পাৰ্চী বিভাগৰ সহযোগী অধ্যাপক ডঃ পইনুৰুদ্দিন আহমেদে ।এই সভাতে প্ৰথিত যশা সাহিত্যিক ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা, ডঃ নগেন শইকীয়াক অসমীয়া সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ উত্তৰণৰ বাবে আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। প্ৰতিবছৰে এই সংগঠনটিৰ ফালৰ পৰা একোখনকৈ মুখপত্ৰ "অনুভূতি"প্ৰকাশ কৰি আহিছে আৰু সেয়েহে যোৱা কুৰিটা বছৰৰ নিৰ্বাচিত  সম্ভাৰৰ লিখনি সমূহৰ  প্ৰায়
 চাৰে ছশ পৃষ্ঠাৰ "অনুভূতি"উন্মোচন কৰা হ'ব। চেহেৰ ইয়াৰ চুলতান আৰু এম হাছিম আলী সহযোগী সম্পাদক আৰু আব্দুল খালেকে সম্পাদনা কৰা  অনুভূতিৰ  সংকলনটি উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ,সাহিত্য সমালোচক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী প্রাধ্যাপক আনন্দ বৰমুদৈয়ে। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে উপস্থিতি কামনা কৰিছে চেণ্টাৰ ফ'ৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাক্তৰ আহমেদউল্লা খান আৰু সম্পাদক ছেহিৰ আহমেদে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা