শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত সুৰ্য নমস্কাৰ মহাযজ্ঞ সামৰণি পৰ্বৰ বিশাল আয়োজন

শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত সুৰ্য নমস্কাৰ মহাযজ্ঞ সামৰণি পৰ্বৰ বিশাল আয়োজন। 

পঙ্কজ নাথ, চাংসাৰি, ২৭ ফেব্ৰুৱাৰী :

ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী।সমগ্ৰ দেশতে বিদ্যা ভাৰতীৰ অন্তৰ্গত বিদ্যালয়সমূহত বিদ্যাৰ্থীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে সূৰ্য্য নমস্কাৰ অভ্যাস কৰোৱা হয়। যোৱা ২২ তাৰিখৰ পৰা অসমতো শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত বিদ্যা সমূহত সূৰ্য্য নমস্কাৰ মহাযজ্ঞৰ আৰম্ভ হৈছে। সূৰ্য নমস্কাৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠান গুৱাহাটীঁত  অহা 2 মাৰ্চ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থ  পশু ধন আৰু পশু চিকিৎসা বিভাগৰ খেল পথাৰত অনুষ্ঠিত কৰাৰ বাবে আয়োজন কৰা হৈছে । শিশু   শিক্ষা  সমিতিৰ অন্তৰ্গত গুৱাহাটী স্কুলৰ ১৫ খন নিকেতনৰ ২০০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু প্ৰায় ৫০০ গৰাকী আচাৰ্য-আচাৰ্যা, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই কাৰ্যক্ৰমত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰিব ক্ৰীড়া ভাৰতীৰ সাংগঠনিক সম্পাদক মনোজ মহান্তিয়ে । এই কাৰ্যক্ৰমত বিভিন্ন নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন  প্ৰকাৰৰ শাৰিৰীক  ব্যায়াম  প্ৰদৰ্শন কৰিব । সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে যোগ শাস্ত্ৰত সূৰ্য নমস্কাৰে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। ই এটা পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ ব্যায়াম। ইয়াক বিভিন্ন ভংগীত কৰা হয়। আৰম্ভণিৰ পৰা শেষলৈ সৰ্বমুঠ ১২ টা ভংগীত সূৰ্য নমস্কাৰ সমাপ্ত কৰা হয় বুলি জানিব পৰা গৈছে।

Comments