বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আজিৰেপৰা তিনিদিনীয়া আৰম্ভ

বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে  অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আজিৰেপৰা তিনিদিনীয়া আৰম্ভ 

পঙ্কজ নাথ, চাংসাৰি, ২৮ ফেব্ৰুৱাৰী :

বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আজিৰেপৰা আৰম্ভ হৈছে । বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত পোন প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ  মহাযজ্ঞ অহা  ১ মাৰ্চত মহাবিষ্ণু যজ্ঞৰ  সম্পন্ন হব। আজি দেৱালয় প্ৰাংগণত পুৱা ১০ বজাত ধৰ্ম ধ্বজা উত্তোলনৰে সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই শুভাৰম্ভ কৰে ।ইয়াৰ পিছতে পাচ শতাধিক লোকৰ অংশগ্ৰহণৰে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। আয়তীৰ নাম কীৰ্তন, শঙ্খ, ঘন্টা ধ্বনিত এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। ইয়াৰ পিছতে দেৱালয় প্ৰাংগণত কুলেন বড়োৰ নেতৃত্বত গছপুলি ৰোপন কৰা হয় । অশ্বক্লান্ত দেৱালয়ত সমীন, অশোক , ৰুদ্ৰাক্ষ, চন্দন আৰু বটগছৰ পুলি ৰোপন কৰা হয়।ইয়াৰ পিছতে ভক্তসকলক ভোগ বিতৰণ কৰা হয়। 

মহাযজ্ঞত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তৰ লগতে ভক্তসকলে অংশগ্ৰহণ কৰিব।    দ্বিতীয় দিয়া ৮ বজাত শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আৰম্ভ হব। বিয়লি ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল জগদীশ মুখী ।মুঠ ৫০০০০ হাজাৰ আহুতিৰ অন্তত ১ মাৰ্চত পূৰ্ণাহুতিৰে প্ৰথম বাৰৰ বাবে আয়োজিত মহাযজ্ঞ সম্পন্ন হব ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা