অসম দৰ্শন'ৰ সফল ৰূপায়ণৰ বাবে তৎপৰ ৰঙিয়া প্ৰশাসন

অসম দৰ্শন'ৰ সফল ৰূপায়ণৰ বাবে তৎপৰ ৰঙিয়া প্ৰশাসন

কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ দীপ্তেশ্বৰী মন্দিৰৰ আন্তঃগাঁথনি পৰ্য্যবেক্ষণ

প্ৰতিবেদক, ৰঙিয়া, ২৮ ফেব্ৰুৱাৰী : অসমৰ সাংস্কৃতিক, ধৰ্মীয় আৰু ঐতিহাসিক পৰ্যটনস্থলী সমূহৰ সামগ্ৰিক উন্নয়ন সাধনৰ উদ্দেশ্যে ৰাজ্যচৰকাৰে শুভাৰম্ভ কৰা 'অসম  দৰ্শন' আচঁনিৰ সফল ৰূপায়ণৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতাত ৰঙিয়া মহকুমা প্ৰশাসনে বিশেষ উদ্যোগ হাতত লৈছে ।  আজি  ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত  ডা: বেদাংগ তালুকদাৰে ৰঙিয়াৰ গোঁসাই শলমাৰী গাৱঁৰ নকুলত অৱস্থিত   শ্ৰী শ্ৰী দীপ্তেশ্বৰী মন্দিৰ কৰ্তৃপক্ষ আৰু  স্থানীয় ৰাইজৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আলোচনা কৰে ।  স্মৰ্তব্য যে, ২৬ ফেব্ৰুৱাৰীত কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই দীপ্তেশ্বৰী মন্দিৰ প্ৰাংগণত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ সৈতে উপস্থিত হৈ মন্দিৰ কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত বুজ লয় । 'অসম দৰ্শন'  আঁচনিৰ জৰিয়তে অহা ধনৰ যাতে সফল ৰূপায়ণ হয় তাৰ বাবে উপায়ুক্তগৰাকীয়ে ৰাইজক আহাবান জনায় । উল্লেখ্য যে, অসমচৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন, গড়কাপ্তানী আৰু ৰাজহ বিভাগে একত্ৰিত ভাৱে ৰূপায়ণ কৰিব লগীয়া এই 'অসম দৰ্শন'  আঁচনিত ৰাজহ বিভাগৰ দ্বাৰা ৰূপায়িত "দেৱালয়লৈ বাৰ্ষিক অনুদান" শিতানত অসমৰ বিভিন্ন জিলাৰ লগতে  কামৰূপ জিলাৰ ৩৪টা ধৰ্মীয় অনুষ্ঠান , ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত "ধৰ্মীয় স্থান সমূহত বুনিয়াদী আন্তঃগাথঁনিৰ উন্নয়ন" শিতানত জিলাখনৰ ৫৮ টা ধৰ্মীয় স্থান,  গড়কাপ্তানি বিভাগৰ  দ্বাৰা ৰূপায়িত "ধৰ্মীয় স্থানসমূহৰ আন্তঃগাথঁনিৰ উন্নয়ন" শিতানত ৩২  টা ধৰ্মীয় স্থানক  লক্ষ্য কৰি লোৱা হৈছে । কাজেই, কামৰূপৰ  উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ পৰামৰ্শ অনুযায়ী  ৰঙিয়া মহকুমাৰ  ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে আজি অনুষ্ঠিত কৰে ধৰ্মীয় স্থানৰ আন্তঃগাঁথনিৰ উন্নয়ন সন্দৰ্ভত প্ৰথমখন  তদাৰকী    বৈঠক  । বৈঠকত স্থানীয় ৰাইজৰ লগতে মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত ৰিপন জ্যোতি নাথও উপস্থিত থাকে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা