নিজ পকোৱা তাঁতিপাৰাৰ নাগাৰা নামৰ জেষ্ঠ পাঠক শিল্পী গিৰীন্দ্ৰ সাউদৰ দেহাৱসান

 নিজ পকোৱা তাঁতিপাৰাৰ নাগাৰা নামৰ জেষ্ঠ পাঠক শিল্পী গিৰীন্দ্ৰ সাউদৰ দেহাৱসান


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ফেব্ৰুৱাৰী*

নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীৰ জেষ্ঠ নাগাৰা নামৰ পাঠক শিল্পী গিৰীন্দ্ৰ সাউদৰ যোৱা নিশা প্ৰায় ৮ মান বজাত দেহাৱসান ঘটে ৷ আজি দীৰ্ঘদিন ধৰি স্নায়ুৰোগত ভূগি থকা প্ৰয়াত সাউদৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷ শিশু কালৰে পৰা সংস্কৃতিৰ পথাৰখনত অহোপুৰুষাৰ্থ চেষ্টা আৰু কষ্ট কৰা পাঠক শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৫ বছৰ ৷ পাঠক শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন লোকসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে আৰু সোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী পুত্ৰ সহিতে আত্মীয়স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ আজি দিনৰ ১১.৩০ বজাত তেওঁৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷




*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা