ভৰলী চাপৰি আৰু মকুৱা চাপৰি অঞ্চল অন্তৰ্ভুক্ত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷

#জামুগুৰিহাটৰ চৰ চাপৰি পুণৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ৷
#ভৰলী চাপৰি আৰু মকুৱা চাপৰি অঞ্চল অন্তৰ্ভুক্ত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷
#চৰ অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে চিআৰপিএফ কেম্পৰ আধাৰশিলা স্থাপন৷

ফাষ্ট নিউজ,জামুগুৰিহাট,৬ ফেব্ৰুৱাৰী: বিগত বৰ্ষৰ ৬ ডিচেম্বৰত চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলৰ চৰ চাপৰিত চৰকাৰী ভুমি বেদখল কৰি বসবাস কৰা  ৫ শ ঘৰ লোকক উচ্ছেদ চলাইছিল যদিও উচ্ছেদিত একাংশ লোক পৰৱৰ্তী সময়ত সেই অঞ্চলসমুহতে পুণৰ বসতি স্থাপন কৰিবলৈ লোৱাৰ লগতে চতিয়া আৰু তেজপুৰ সমষ্টিৰ সীমামুৰীয়া অঞ্চল মকুৱা চাপৰিত জুপুৰি সদৃশ গৃহ নিৰ্মাণ কৰি থাকিবলৈ আৰম্ভ কৰে৷প্ৰশাসনৰ বাৰম্বাৰ সকিয়নীৰ পাছতো উচ্ছেদিত এইসকল লোকে চৰকাৰী ভূমিতে খোপনি পুতিবলৈ অপ্ৰাণ চেষ্টা  অব্যাহত ৰখাৰ সময়তে আজি জামুগুৰিহাটৰ এই চৰ চাপৰি অঞ্চলসমুহ পৰিদৰ্শন কৰে শোণিতপুৰ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং সহিতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷দিনৰ ১ বজাত বন বিভাগ,কৃষি বিভাগ,ৰাজহ বিভাগকে ধৰি কেবাটাও বিভাগৰ উচ্চপদস্থ বিষয়া সকলক লগত লৈ কৰা এই পৰিদৰ্শন কালত শোণিতপুৰ জিলা উপায়ুক্তগৰাকীয়ে চৰ চাপৰি অঞ্চলৰ গাঁওবুঢ়া,গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ আগৰণুৱা একাংশ লোকৰ লগতো এক আলোচনাত মিলিত হয়৷আলোচনাকালত জিলা উপায়ুক্তগৰাকীয়ে চৰ চাপৰি অঞ্চলৰ চৰকাৰী ভূমিৰপৰা উচ্ছেদিত একাংশ লোকে পুণৰ অবৈধভাৱে বেদখল কৰি আশ্ৰয় গ্ৰহণ কৰা লোকসকলক সেই স্থান ত্যাগ কৰাবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজনত পুণৰ সেই অঞ্চলসমুহত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি সদৰি কৰে৷পৰিদৰ্শনকালত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই তেজপুৰ আৰু চতিয়া সমষ্টিৰ সীমামুৰীয়া চৰ চাপৰি অঞ্চলত বিবাদমান হৈ থকা ভূমিৰ সীমাবিবাদটোও সোনকালেই নিষ্পত্তি হ’ব বুলি উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ সমীপৱৰ্তী এই চৰ চাপৰি অঞ্চলৰ অন্তৰ্গত মকুৱা আৰু ভৰলী চাপৰিৰ বৃহৎ অংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলি প্ৰকাশ কৰাৰ লগতে ইতিমধ্যে এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে৷সমষ্টিটোত কৃষি,গো-পালন,মৎস্য পালন আদিৰ জৰিয়তে এক অৰ্থঅনৈতিক বিপ্লৱৰ সুচনা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা বিধায়ক পদ্ম হাজৰিকাই অঞ্চলটোৰ নিবনুৱা যুৱকসকলক সংস্থাপিত কৰাৰ বাবে চৰ চাপৰি অঞ্চলৰ বিশেষকৈ নিৰ্মিয়মান অৱস্থাত থকা চাৰিলেন যুক্ত পথৰ দাঁতিকাষৰীয়া ভূমিত কৃষি ফাৰ্ম আদি নিৰ্মান  কৰাৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰে৷চতিয়া সমষ্টিৰ চৰ চাপৰি অঞ্চলৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলৰপৰা এশ শতাংশই মুক্ত কৰা হ’ব বুলি উল্লেখ কৰি চতিয়াৰ বিধায়কগৰাকীয়ে কয় যে এই অঞ্চলসমুহত য’তে ত’তে সিচৰিত হৈ বসবাস কৰা বৈধ লোকসকলক এটুকুৰা নিৰ্দিষ্ট স্থানত বসবাস কৰিবলৈ দি চৰকাৰী সকলো সা-সুবিধা প্ৰদান কৰি একোখন আদৰ্শ গাঁও গঠণ কৰাৰ পোষকতা কৰে৷ইফালে চৰ চাপৰি অঞ্চলত জনসাধাৰণৰ সা-সম্পত্তি নিৰাপত্তা তথা সুৰক্ষাৰ স্বাৰ্থত আজি জামুগুৰিহাটৰ ননকে গটাইমাৰীত শোণিতপুৰ জিলা উপায়ুক্তৰ দ্বাৰা  এটি অৰ্ধসামৰিক বাহিনীৰ কেম্পৰ আধাৰশিলাও স্থাপন কৰা হয়৷খুব কম দিনৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া এই কেম্পটোত ৰাইজৰ সুৰক্ষাৰ বাবে  এশ জনীয়া চিআৰপিএফৰ জোৱানৰ দল নিয়োজিত হ’ব বুলিও জানিব পৰা গৈছে৷মনকৰিবলগীয়া যে জামুগুৰিহাটৰ চৰ চাপৰিৰ চৰকাৰী ভূমিৰপৰা উচ্ছেদিত একাংশই তেজপুৰ সমষ্টিৰ সীমামুৰীয়া স্থানত পুণৰ বসতি কৰিবলৈ লৈছে যদিও চৰকাৰী ভূমিৰ সুৰক্ষাৰ স্বাৰ্থত এইসকল বেদখকাৰীক সেই স্থান ত্যাগ কৰিবলৈ বাৰে বাৰে মাইকযোগে প্ৰশাসণে ঘোষণা কৰি সেই অঞ্চলসমুহ ত্যাগ কৰিবলৈ আহবান জনাই আহিছিল৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা