সৰস্বতী বন্দনা, মাঙ্গলিক ধ্বনি, বিহু নৃত্যৰে মুখৰিত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন

সৰস্বতী  বন্দনা, মাঙ্গলিক ধ্বনি, বিহু নৃত্যৰে মুখৰিত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন

শিক্ষাৰ ক্ষেত্ৰত  ছাত্ৰ ছাত্ৰী সকলে অধিক গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী - কেভিএছ উপায়ুক্ত
 
প্ৰতিবেদক, ৰঙিয়া ১১ ফেব্ৰুৱাৰীঃ সৰস্বতী বন্দনা, মাঙ্গলিক ধ্বনি আৰু বিহু নৃত্যৰে আজি  মুখৰিত হৈ পৰিল  ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন। উত্তৰ পুৱ সীমান্ত  ৰেলৰ তত্বাৱধানত  পৰিচালিত  ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱনত  আনুষ্ঠানিক ভাবে  প্ৰৱেশ কৰা উপলক্ষেে আয়োজিত কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰী সকলে মাঙ্গলিক ধ্বনিৰে সৰস্বতী বন্দনাৰে  বিদ্যালয় ভৱন মুখৰিত কৰাৰ উপৰিও বিহু নৃত্যৰ আয়োোজন কৰিছিল। আজি  কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী মণ্ডলৰ উপায়ুক্ত বৰুণ মিত্ৰ বিদ্যালয়খনৰ  অধ্যক্ষ পুৰুষোত্তম সিনহাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে প্ৰথমতে  আনুষ্ঠানিক ভাবে প্ৰৱেশ কৰে । ছাত্ৰ ছাত্ৰী সকলে  বিহু নৃত্যৰে বিদ্যালয়ৰ উপায়ুক্ত গৰাকীক নৱ নিৰ্মিত  ভৱনলৈ  আঁদৰি নিয়ে । বিভাগীয়  উপায়ুক্ত মিত্ৰই নতুন ভৱনত পদাৰ্পণ কৰি উৎফুল্লিত হৈ পৰে। তেওঁ সম্পূৰ্ণ ভৱনটো পৰ্যবেক্ষন কৰাৰ উপৰিও  এই বেলি কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা  দশম আৰু দ্বাদশ শ্ৰেনীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা  ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময়  কৰে । বিদ্যালয়খনত  শিক্ষাৰ দিশত ছাত্ৰ ছাত্ৰী সকলে যাতে কোনো  ধৰণৰ অসুবিধাৰ সম্মুখীন  নহয় তাৰপ্ৰতি লক্ষ্য ৰাখিবলৈৈ উপায়ুক্ত গৰাকীয়ে  শিক্ষক শিক্ষয়ত্ৰী সকলক গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য  বিদ্যালয়খনৰ নিজস্ব ভৱন নথকাত দীৰ্ঘ দিনৰ পৰা  ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয় ৰেল সংমণ্ডলৰ কেইবাটাও কোঠাত সাময়িক ভাৱে পৰিচালিত হৈ আছিল। আজি নিজস্ব ভৱনত পাঠ গ্ৰহনৰ সুবিধা লাভ কৰাত ছাত্ৰ ছাত্ৰী সকলেও আনন্দত আত্মহাৰা হৈ পৰা দেখা যায় ।
     প্ৰেৰক, পহৰেদ আলী আহমেদ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা