নলবাৰীত ৯ ফেব্ৰুৱাৰীত সদৌ অসম পশুপালন শ্রমিক সন্থাৰ সাধাৰণ সভা

নলবাৰীত ৯ ফেব্ৰুৱাৰীত সদৌ অসম পশুপালন শ্রমিক সন্থাৰ সাধাৰণ সভা


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৬ ফেব্ৰুৱাৰী*


অসম চৰকাৰৰ কর্মচাৰীসকলৰ অন্য এটা সংগঠন সদৌ অসম পশুপালন শ্রমিক সংগ্রাম সমিতি ৷ সদৌ অসম কর্মচাৰী পৰিষদৰ অর্ন্তভূক্ত এই সংগঠনটোৰ বিভিন্ন সমস্যা চৰকাৰে আলোচনাৰ মাধ্যমেৰে সমাধান কৰি পশুপালন শ্রমিকসকলৰ বহুখিনি অভাৱ আতৰায় যদিও আৰু বহুখিনি অভাৱ বাকী আছে ৷ গতিকে বাকী থকা অভাৱসমুহ পূৰণ কৰাৰ বাবে সদৌ অসম পশুপালন শ্রমিক সন্থাৰ এখন সাধাৰণ সভা অহা ৯ ফেব্ৰুৱাৰীত নলবাৰীৰ বেচিক ট্রেইনিং চেন্টাৰত দিনৰ ১১ বজাত অনুস্থিত হ'ব বুলি নলবাৰী জিলা পশুপালন শ্রমিক সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন কলিতাই লিখিতভাৱে জনাইছে ৷ সভাত সমিতিৰ বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰিব ৷ সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি/সম্পাদকৰ লগতে অন্য বিষয়াসকল উপস্থিত থাকিব ৷ সকলো সদস্যকে সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰিছে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা