হাজাৰ হাজাৰ গুণমুগ্ধৰ চকুলোৰ মাজেৰে বিদায় ললে প্ৰণৱ গগৈয়ে

জীৱন নাট সামৰিলে প্ৰণৱ গগৈয়ে:  হাজাৰ হাজাৰ গুণমুগ্ধৰ চকুলোৰ মাজেৰে বিদায় ললে ৰংপুৰীয়াৰ প্ৰিয় নেতা গৰাকীয়ে:  ৩৬ জাঁই টোপ ধ্বনিৰে ৰাজ্যিক মৰ্যাদা:  পিতৃ ভূমি হাঁহাচৰা যাঠিপতীয়াত শেষকৃত্য সম্পন্ন


ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ৫ ফেব্ঞ্চৰুৱাৰী : পঞ্চভূতত বিলীন বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ,  শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ নশ্বৰদেহ

পিতৃ ভূমি হাঁহচৰা যাঠিপতীয়া গাঁৱত সম্পন্ন জাতি প্ৰেমী নেতাগৰাকীৰ শেষকৃত্য

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন  শেষকৃত্য

৩৬ জাঁই টোপ ধ্বনিৰে সন্মান নেতাগৰাকীক

ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে শিৱসাগৰ জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়া উপস্থিত থাকে

আপোন ভূমিত প্ৰিয় নেতাগৰাকীৰ শেষ বিদায়ত শোকাকূল জনতা

চকুলোৰে বিদায় দিলে জনদৰদী নেতা তথা শিৱসাগৰ সমষ্টিৰ চাৰিটা কাৰ্যকালৰ অবিসম্বাদী নেতাগৰাকীক

ইফালে শিৱসাগৰৰ ৰেডক্ৰচ ৰোডস্থিত বিধায়কগৰাকীৰ বাসগৃহ লোকে লোকাৰণ্য হৈ পৰে 

পুৱা ৮ বজাৰ পৰা ১০ বজালৈ বাসগৃহত শতাধিক দল সংগঠন আৰু  সহস্ৰাধিক ব্যক্তিয়ে  ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায় নেতাগৰাকীক

প্ৰদেশ কংগ্ৰেছৰ এক সজাতী দলে প্ৰয়াত প্ৰণৱ গগৈৰ শিৱসাগৰ বাসগৃহত উপস্থিত হৈ দলটোৰ জ্যেষ্ঠ নেতা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, পৱনসিং ঘাটোৱাৰ, উপ দলপতি ৰকিবুল হুছেইন ,পৃথ্বী মাঝি, সুশান্ত বৰগোঁহাই, বিস্মিতা গগৈ,কল্যাণ গগৈ,ৰানা গোস্বামী আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷

বাসগৃহত শ্ৰদ্ধাঞ্জলিৰ পিছত নেতা গৰাকীক লৈ যোৱা হয় জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনলৈ ৷ দলীয় নেতা কৰ্মীয়ে ৰাজীৱ ভৱনতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে জ্যেষ্ঠ নেতাগৰাকীক

তাৰ পিছত নেতাগৰাকীক লৈ যোৱা হয় শিৱসাগৰ মহাবিদ্যালয়, নেতাগৰাকীৰ প্ৰথম কৰ্মস্থলী শিৱসাগৰ বাৰ এছচিয়েচনৰ কাৰ্যালয়লৈ ৷ তাতে এসময়ত অধিবক্তা হিচাপেও সুনাম থকা তথা শিৱসাগৰ বাৰ এছচিয়েচনৰ প্ৰাক্তন সভাপতি গৰাকীক শেষ সন্মান জনায় অধিবক্তা সমাজে ৷ উল্লেখ্য যে ৰাজনীতিৰ পৰা অৱসৰৰ পাছত পুনৰ উকালতিলৈ উভতি যোৱাৰ প্ৰতিশ্ৰুতি দিয়া নেতাগৰাকীয়ে অধিবক্তা হিচাপে বাৰ এছচিয়েচনৰ কাৰ্যালয়ত বহা আসন খন আজিকোপতি উকাকৈ ৰখা ( Fotage FTP ত)  অধিবক্তা সমাজ ম্ৰিয়মান হৈ পৰে প্ৰিয় সতীৰ্থ গৰাকীৰ মৃত্যুত ৷

ইয়াৰ পাছত পথৰ দাঁতিত ৰৈ থকা হাজাৰ হাজাৰ জনতাৰ শেষ শ্ৰদ্ধা গ্ৰহণ কৰাৰ পাছত নেতাগৰাকীক লৈ যোৱা হয় পিতৃভূমি হাঁহচৰা যাঠিপতীয়া গাঁৱলৈ ৷ তাৰ পাছতে ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা নেতাগৰাকীৰ নশ্বৰ দেহ তুলি দিয়া হয় চিতাত আৰু পঞ্চভূতত বিলীন হয় নেতাগৰাকী ৷ অৱসান ঘটে ৮৪ বছৰীয়া এক বৰ্ণময় যুগৰ ৷

Comments