বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মঞ্চৰ ধৰ্ণা

নিউ বঙাইগাঁওস্থিত ৰে'লৱে ডবা মেৰামতি কাৰখানা বি টি আৰ ত অন্তৰ্ভুক্তিকৰণৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

বঙাইগাঁওঃ২৮ ফেব্ৰুৱাৰীঃসদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিক সম্পূৰ্ণভাৱে উলংঘা কৰি ষড়যন্ত্ৰমূলকভাৱে বঙাইগাঁৱৰ নিউ বঙাইগাঁওস্থিত ডবা মেৰামতি কাৰখানাটো বি টি আৰত অন্তৰ্ভুক্তিকৰণৰ প্ৰতিবাদত আজি কোচ ৰাজবংশী জাতীয় মঞ্চৰ বঙাইগাঁও জিলা সমিতিয়ে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাওঁ চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে অভিযান্ত্ৰিক কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে পাঁচ দফীয়া দাবী সম্বলিত সম্পাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰতসংগঠনটোৰ  জিলা সমিতিয়ে নিউ বঙাইগাঁওস্থিত ৰে'লৱে ডবা মেৰামতি কাৰখানাটো বি টি আৰত অন্তৰ্ভুক্তিকৰণ বন্ধ কৰা ,ভূমিশ্বৰ পাহাৰখন বি টি এ ডিৰ পৰা তৎকালীনভাৱে  কৰ্তন কৰা , প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সংলগ্ন কোচ ৰাজবংশী গাঁওসমূহ বি টি এ ডিৰ পৰা কৰ্তন কৰা ,বড়ো আন্দোলনত সৰ্বহাৰা হোৱা ৬৪৩ টা শৰণাৰ্থী পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰা আৰু বামুণটিলা ,বিদ্যাপুৰ আৰু পশ্চিম ভাদ্ৰাগাঁৱৰ শৰণাৰ্থী শিবিৰত থকা ৬৪৩ টা পৰিয়ালক উপযুক্ত সংস্থাপন দি মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী জনায় ৷ উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে হাহে হাতে বিভিন্ন প্লেকাৰ্ডলৈ নানা শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ধৰ্ণা কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি ৰমেশ সৰকাৰ ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদত ৰাতুল চন্দ্ৰ ৰায় , কেন্দ্ৰীয় সমিতিৰ সভাপতি বিমল কুমাৰ বৰ্মন ,সাধাৰণ সম্পাদক ভূপেন ৰায় ,কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ আদিও অংশ গ্ৰহণ কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা