নলবাৰীত 'আপ্ জু'ৰ উদ্যোগত সাংবাদিক, লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

আজি নলবাৰীত 'আপ্ জু'ৰ উদ্যোগত সাংবাদিক, লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১১ ফেব্ৰুৱাৰী*



  অসম প্ৰদেশ সাংবাদিক সন্থা (আপ্ জু)ৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভবন বাকৰিত নলবাৰীৰ সমাজ জীৱনৰ  বিশিষ্ট ক্ৰীড়া সংগঠক, সাংবাদিক, লেখক অপূৰ্ব কুমাৰ শৰ্মাৰ সজল স্মৃতিত আজি এখন স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। প্ৰয়াত সাংবাদিকগৰাকীৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানটি বিয়লি ৩ বজাত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি বিয়লি ৩ বজাত প্ৰয়াত অপূৰ্ব কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিণী গীতাঞ্জলি গোস্বামীয়ে। বিয়লি ৩-১৫ বজাত প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট পুথি প্ৰকাশক তথা জাৰ্নাল এম্প'ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য, বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা শিক্ষক গংগাধৰ বৰ্মণ, সমন্বয় গ্ৰন্থালয়ৰ স্বত্বাধিকাৰী জিতেন ডেকা, 'আমাৰ নলবাৰী'ৰ কাৰ্যবাহী সম্পাদক এম মহিবৰ ৰহমান, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷ বিয়লি ৩ বজাত সাংবাদিক শশাংক শৰ্মাই আঁত ধৰা অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সভাপতি চম্পক বৈশ্যৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভা আৰু বঁটা প্ৰদান অনুষ্ঠান আনুষ্ঠানিকভাবে উদ্বোধন কৰে জিলা উপায়ুুুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে। উক্ত অনুষ্ঠানত সাংবাদিক কামিনীকান্ত মিশ্ৰক প্ৰদান কৰা হয় 'সাংবাদিক অপূৰ্ব কুমাৰ শৰ্মা স্মাৰক বঁটা'। এই বঁটাটিত আছে এখনি মানপত্ৰ, এখনি ফুলাম গামোচা, কলম-কিতাপৰ এটি টোপোলা, জাপি, শৰাই আৰু নগদ ধন ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, নিৰ্দিষ্ট বক্তাৰূপে সাহিত্যাচাৰ্য নলবাৰী ৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট অতিথি ৰূপে জ্যেষ্ঠ সাংবাদিক পৰেশ চন্দ্ৰ শৰ্মা আৰু অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি অৰূপ ৰঞ্জন বৰ্মন, বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দিনমনি ভাগৱতী, অসমীয়া প্ৰতিদিনৰ সাংবাদিক আলতাফ হুচেইন, শিশু সাহিত্যিক, চিত্ৰকৰ, সাংবাদিক দিগন্ত বৰ্মণ,
ভৱদেৱ বেজবৰুৱা, প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ সদস্যসকল উপস্থিত থাকে। উল্লেখ্য যে প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি জীপাল কৰি ৰখাৰ সদিচ্ছাৰে নাট্যকাৰ জিতেন শৰ্মাই ভাষণত নিজৰ বক্তব্য প্ৰকাশ কৰে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা