তিনিমাহ পূৰ্বে বিবাহিত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা

*তিনিমাহ পূৰ্বে বিবাহিত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা*
*নলবাৰীৰ বাহঁজানীত শোকৰ ছাঁ*



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ ফেব্ৰুৱাৰী*



নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত মুগকুছিৰ প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী তথা শিক্ষাপ্ৰেমী সদ্যবিবাহিত মৃগেন ডেকাই যোৱানিশা আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰবৰহী যুৱকজনে কি কাৰণত কি পৰিস্থিতিত আত্মহননৰ পথ ল'লে সেয়া অদ্যপি পোহৰলৈ অহা নাই। উল্লেখনীয় যে তিনিমাহ পূৰ্বে অৰ্থাৎ যোৱা পহিলা ডিচেম্বৰত মৃগেন ডেকাই ধুমধামেৰে নিজৰ বিয়া পাতিছিল। আজি পুৱা ৯-৩০ মান বজাত যুৱকজনৰ চিপজৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় তেওঁৰ শোৱনি কোঠাত। লগত তেওঁৰ নৱবিবাহিতা পত্নী নাছিল। তেওঁ আল্লিয়াৰ মাতৃগৃহত আছিল। যোৱা ২৬ ফেব্ৰুৱাৰীত তেওঁ মাতৃগৃহলৈ গৈছিল। যুৱকজনৰ আত্মহত্যা ৰহস্যময় হৈ পৰিছে । ৰাইজে প্ৰকাশ কৰা মতে সাংসাৰিক সংঘাটৰ সুত্ৰপাতেই মূল কাৰণ । আন একাংশই কব খোজে টকা পইচাৰ ধাৰৰ বাবে যুৱকজনে এনে কঠোৰ সিদ্ধান্ত লৈছে। আজি পুৱা বহু সময়লৈকে যুৱকজন শোৱাপাটিৰ পৰা উঠি নহাত আৰু বাহিৰৰ পৰা মাতিও কোনো সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্ৰৱেশ কৰি তেওঁৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। পত্নীৰ চাদৰেৰে চিলিং ফেনত চিপজৰী লগাই আত্মহত্যা কৰে মৃগেনে। আজি এই আত্মহত্যাৰ বাতৰি বিয়পি পৰাত লোকে লোকাৰণ্য হৈ পৰে মৃগেন ডেকাৰ মুগকুছিৰ বাসগৃহ। দুপৰীয়াৰ ভাগত আৰক্ষীয়ে আহি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে। সৰুৰে পৰা ব্যৱসায়ত জড়িত হৈ ক্ৰমান্বয়ে নিজৰ ক্ষেত্ৰত উন্নতি সাধন কৰিবলৈ সক্ষম হোৱা সৰবৰহী যুৱকজনৰ এই আত্মহননৰ ঘটনাত ভিন্নজনে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বালা মুগকুছি চ'কত এখন গেলামাল দোকানৰ লগতে হাৰ্ডৱেৰ দোকান থকা মৃগেন ডেকা স্থানীয় জ্ঞানদ্বীপ জাতীয় একাডেমীৰ প্ৰশাসনিক সমিতিৰো অন্যতম বিষয়ববীয়া আছিল।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা