অসমক আমি সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব - গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানত মুখ্যমন্ত্ৰী সোণোৱাল

অসমক আমি সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব - গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানত মুখ্যমন্ত্ৰী সোণোৱাল

----------------

 অসমক সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধ ভাৱে প্ৰচেষ্টা চলাব লাগিব ৷ তাৰ বাবে আমি মানৱীয় ধ্যান ধাৰণাৰ মাজেৰে কঠোৰ পৰিশ্ৰম কৰি আগুৱাই যাৱ লাগিব ৷  এই
মন্তব্য অসমৰ মূুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰৰ মহাপীঠস্থানত কালিৰে পৰা সাতদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱৰ আজি দ্বিতীয় দিনা তীৰ্থস্থান খনত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে ৷ উল্লেখ্য যে আজি পুৱা প্ৰায় ১১ বজাত হেলিকপ্টাৰেৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীসূৰ্য পাহাৰত উপস্থিত হয় ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকা সমন্বিতে মহাপীঠস্থান পৰিচালনা সমিতিয়ে আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীক ৷ মহাপীঠস্থান খনত উপস্থিত হৈয়ে তেওঁ প্ৰথমে বিষ্ণু পূজা কৰে ৷ ইয়াৰ পাছতে আৰম্ভ হোৱা বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰি আহুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মূখ্যমন্ত্ৰী গৰাকীয়ে  সাংবাদিকৰ আগত কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, আজি মই নিজকে ধন্য মানিছো শ্ৰীসূৰ্য পাহাৰত উপস্থিত হৈ ৷ কিয়নো বিষ্ণু যজ্ঞত দেশৰ লগতে দহৰ মংগলৰ বাবে এই আহুতি দিছোঁ ৷  বিষ্ণুয়ে যাতে আমাক অধিক শক্তি,জ্ঞান,বুদ্ধি দিয়ে তাৰ বাবে মই মূৰ দোৱাইছোঁ ৷ তেওঁ লগতে কয়- মানৱীয় ধ্যান ধাৰনাৰে আমি সকলোৱে আগুৱাই যাব লাগিব  ৷  তাৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ অসমক আমি এনেদৰেই সমগ্ৰ দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিশ্চয় সক্ষম হ’ম ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনঃ কয় যে শ্ৰী সূৰ্যপাহাৰত আমি আগতে ৫০ লাখ টকা আৱন্টন দিছিলোঁ যদিও সেয়া নিশ্চয় পৰ্যাপ্ত নহয় ৷ সেয়ে আমি পূৰাতত্ব বিভাগৰ সৈতে কথা পাতি শ্ৰীসূৰ্য পাহাৰ খনৰ আৰু অধিক উন্নত কৰাৰ বাবে কেনে পদক্ষেপ ল’ব পাৰিম সেয়া পৰিকল্পনা কৰিম ৷ ইফালে আজি মূখ্যমন্ত্ৰী গৰাকীৰ লগত একেলগে বিষ্ণু যজ্ঞত আহুতি দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৷ ইয়াৰ  পাছতে মূখ্যমন্ত্ৰী গৰাকী ৰাওনা হয় শ্ৰীসূৰ্য পাহাৰৰ সমীপতে থকা মৰনৈস্থিত সৈনিক স্কুললৈ ৷ সৈনিক স্কুলত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে স্কুল
খনত নৱনিৰ্মীত "ছুইমিং পুল” টো শুভ উদ্বোধন কৰে ৷ প্ৰণিধানযোগ্য যে, মাঘী পূৰ্ণিমা উপলক্ষে কালিৰে পৰা আৰম্ভ হোৱা শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থানৰ বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱত বিগত বছৰৰ দৰে এইবেলিও লক্ষাধিক লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ৷ হিন্দু,বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলন ভূমি গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী সূৰ্য পাহাৰ পীঠস্থানত বিশ্বশান্তিৰ বাবে প্ৰতিবছৰে পবিত্ৰ মাঘী পূৰ্নিমাত বিষ্ণুযজ্ঞ অনুষ্ঠিত হৈ আহিছে ৷ প্ৰায় ১৬০২৫ হেক্টৰ মাটিকালি আৱৰা উত্তৰ-পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীধাম হিচাপে খ্যাত শ্ৰী সূৰ্যপাহাৰত ইতিমধ্যে পুৰাতত্ত্ব বিভাগে খনন কাৰ্য চলাই বহু ঐতিহাসিক সমল উদ্ধাৰ কৰিছে ৷ উল্লেখ্য যে, ৯৯৯৯৯ টা শিলত কটা শিৱলিঙ্গসহ ভাস্কৰ্ষ বিদ্যমান বুলি প্ৰবাদ থকা শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানত বহু যুগ ধৰি মাঘী পূৰ্ণিমা তিথিত 
অনুষ্ঠিত হৈ আহিছে বিষ্ণুযজ্ঞ মহোৎসৱ ৷ বিগত বৰ্ষবোৰৰ দৰে এই বেলিও মাঘী পূৰ্নিমা মেলা- মহোৎসৱত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগমেৰে উদুলিমুদুলি হৈ উঠিছে শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা