উজনি অসমত ভয়ংকৰ জাল হানি ট্ৰেপিং চক্ৰৰ দপদপনি

উজনি অসমত ভয়ংকৰ জাল হানি ট্ৰেপিং চক্ৰৰ দপদপনিঃ এনজিঅ' আৰু আৰক্ষীৰ সহযোগত পৰিচালিত এই চক্ৰঃ বিস্ফোৰক তথ্য ফাদিল

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৭ ফেব্ৰুৱাৰী : উজনি অসমত শিৱসাগৰৰ পৰা  নিয়ন্ত্ৰিত হয় হানি ট্ৰেপিং চক্ৰৰ জাল ৷ 
শিৱসাগৰত সক্ৰিয় হানি ট্ৰেপিং চক্ৰৰ নায়িকা উষা বেগম | বেগমৰ নেতৃত্বতে অসমত হানি  ট্ৰেপিঙতো সক্ৰিয় একাংশ যৌন কৰ্মী,দেহ ব্যৱসায়ত জড়িত মহিলা | এই চক্ৰটোৱে 
কিদৰে কৰা হয় হানি ট্ৰেপিঙৰ পৰিকল্পনা ?  সংবাদ মাধ্যমৰ হাতত পৰিছে শিহৰণকাৰী ভিডিঅ' |
ভিডিঅ'টোৱে দিছে সম্পুৰ্ণ তথ্য , গাৰ নোম শিয়ৰাই তোলা এক অবাঞ্চিত কাহিনী  ৷  কি দৰে যুৱতীৰ প্ৰলোভনৰে জালত পেলোৱা হয় যুৱক, অথবা পুৰুষক ৷ ব্লেকমেইলিঙৰে  সৰ্বস্বান্ত কৰা হয় হানি ট্ৰেপিং চক্ৰৰ জালত ভৰি দিয়া সকলক ৷
হানি ট্ৰেপিঙৰ পৰিকল্পনা কৰা মহিলাৰ মুখত আৰক্ষী আৰু চেপ এনজিঅ'ৰ নাম ৷ এইডচ নিয়ন্ত্ৰণৰ গইনা লৈ চেপ এনজিঅ'ই এনে দুষ্কাৰ্য কৰি অহাৰ গুৰুতৰ অভিযোগ ৷ এই ঘটনাৰ সম্পুৰ্ণ পোহৰলৈ আনিছে ঐক্য সেনা,অসম নামৰ সংগঠনটোৱে , সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে ইতিমধ্যে  শিৱসাগৰ সদৰ থানাত এই সম্পৰ্কত এজাহাৰ দাখিল কৰি সমাজ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিৰ প্ৰতি  সচেস্ত হোৱাৰ দিশ পৰ্দশন কৰিলে |
কিদৰে আৰক্ষীয়ে সহায় কৰে হানি ট্ৰেপিং চক্ৰক ৷ হানি ট্ৰেপিং চক্ৰৰে কিদৰে জড়িত অভিযোগ উত্থাপন হোৱা চেপ এনজিঅ'?
কি দৰে যুগুত হয় হানি ট্ৰেপিঙৰ ভয়ংকৰ পৰিকল্পনা ৷ সকলো ফাদিল কৰিলে সংবাদ মাধ্যমৰ  সন্মুখত ৷ হানি ট্ৰেপিঙৰ পৰিকল্পনাকাৰী মহিলাৰ মুখত আখৈ ফুটাদি ফুটিছে আৰক্ষীৰ নাম ৷ ৰংপুৰ ইনিচেয়েটিভ নামৰ অনুষ্ঠানে চলোৱা ষ্টিং অ'পাৰেচনত ফাদিল ভয়াৱহ তথ্য ৷ ৰংপুৰ ইনিচিয়েটিভক হানি ট্ৰেপিঙত জড়িত হোৱাৰ প্ৰস্তাৱ দিলে চক্ৰটোৰ নায়িকাই  ৷ 
 ৰংপুৰ ইনিচিয়েটিভৰ সাধাৰণ সম্পাদক গৰাকীয়েও এই হানি টেপিং ঘটনা সমুহৰ সবিশেষ জনালে সংবাদ মাধ্যমৰ আগত |
পূৰ্বেও অভিযুক্ত মহিলা উষা বেগম জড়িত অসামাজিক কাৰ্যত ৷ আৰক্ষীৰে সুসম্পৰ্ক থকা উষা বেগমৰ বিৰোদ্ধে একাধিক বাৰ উত্থাপন হৈছে এনে দুষ্কাৰ্যত জড়িত থকাৰ অভিযোগ ৷ কিন্তু আৰক্ষীৰে সুসম্পৰ্কৰ সুবাদত সাৰি যায় উষা বেগম ৷ মহিলা গৰাকীৰ বিৰোদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে হাৰাশাস্তি চলাই উষা বেগমৰ অসামাজিক কাৰ্যৰ বিৰোদ্ধে মাত মতা মহিলা সংগঠনৰ বিষয়ববীয়াৰ বিৰোদ্ধে ৷ মহিলা সংগঠনৰ বিষয়ববীয়াক উষা বেগমৰ দেহ ব্যৱসায়ত লিপ্ত হবলৈ প্ৰস্তাৱ ৷ বিস্ফোৰক অভিযোগ মহিলাৰ ৷
 শিৱসাগৰ সদৰ আৰক্ষী থানাত উষা বেগমৰ বিৰোদ্ধে এজাহাৰ ঐক্য সেনা ‌অসমৰ ৷ হানি ট্ৰেপিঙৰে চেপ এনজিঅ' আৰু  আৰক্ষী জড়িত থকাৰ অভিযোগ ৷ উক্ত অভিযোগত উষা বেগমক শিৱসাগৰ সদৰ আৰক্ষীয়ে সোধা- পোছাৰ বাবে আজি আটক কৰিছে |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা