নলবাৰীৰ চামতাত *ৰ'দৰ আখৰ* কাব্যগ্ৰন্থ উন্মোচন

নলবাৰীৰ চামতাত *ৰ'দৰ আখৰ* কাব্যগ্ৰন্থ উন্মোচন


ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৪ ফেব্ৰুৱাৰীঃ পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ বিশিষ্ট কবি, সমালোচক ৰাজীৱ দত্তৰ সম্পাদিত কাব্যগ্ৰন্হ ৰ’দৰ আখৰা কালি উন্মোচন কৰা হয় ৷ এক ব্যতিক্ৰম অনুষ্ঠানৰ মাজেৰে কবিগৰাকীৰ কনিষ্ঠ ভাতৃ সীমান্ত দত্তৰ বিবাহ উপলক্ষে চামতাস্থ বাসভৱনত কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰমোদ হালৈৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে মধ্য কামৰূপ কলেজ, চেঙাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ফণিধৰ অধিকাৰী আৰু কবিৰ মাতৃ হিৰণ্ময়ী দত্ত ৷ বিশিষ্ট অতিথিদ্বয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰাজেন বৰুৱা আৰু বিশিষ্ট ভাষাতত্ত্ববিদ ড° ফণিন্দ্ৰ দত্ত বৰুৱা ৷ গ্ৰন্থ উন্মোচনৰ সৈতে সঙ্গতি ৰাখি কবি তথা ভাস্কৰ্য শিল্পী চম্পক শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবি সন্মিলনত প্ৰতুল কুমাৰ শৰ্মা, কৃষ্টি কানন দত্ত  ফণিধৰ অধিকিৰী, চম্পক শৰ্মা প্ৰমুখ্যে কে'বাগৰাকীও কবিয়ে কবিতা পাঠ কৰে ৷ গীত পৰিেশন কৰে কনকলতা দত্তই ৷ বাঁহী বাদন কৰে নিপেন বৰ্মনে ৷ অধ্যাপক জয়ন্ত শৰ্মাৰ মঙ্গলাচৰণেৰে অনুষ্ঠান আৰম্ভ হয় ৷

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা