গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ

গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ   তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ 

ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত গোলাঘাটৰ এ.ভি.ভি. হলত অনুষ্ঠিত হয় এক যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ ৷ “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” (Youth Leadarship  & Community Development) শীৰ্ষক প্ৰশিক্ষণত প্ৰথম দিনা গোলাঘাট জিলাৰ বিভিন্ন ব্লকৰ পৰা যুৱক যুৱতীসকলৰ নাম পঞ্জীয়ন আৰু প্ৰীতি চিনাকি চ’ৰা অনুষ্ঠিত হয় ৷
দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ৷ এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কৰিস্মা শইকীয়া, সুদক্ষিণা শইকীয়া, অপূৰ্ব শইকীয়া, দীপ হেষ্টিংছ বৰি আৰু দিনমণি ফুকনে ৷ তেওঁলোকে যুৱক যুৱতীসকলক যুৱ নেতৃত্ব, জাতি আৰু সমাজ গঠন, ব্যক্তিত্ব আৰু দক্ষতা বিকাশ, ৰাষ্ট্ৰ নিৰ্মাণ, দৰ্যোগ নিৰ্বাপন, সংস্কৃতি আৰু পৰম্পৰা বিষয়ক গভীৰ প্ৰশিক্ষণ দিয়ে ৷ 
অন্তিম দিনা যুৱ-যুৱতীসকললৈ প্ৰশংসা পত্ৰ বিতৰণ কৰা হয় ৷ উক্ত সভাত বিশিষ্ট ব্যক্তি হিচাপে গোলাঘাট জিলাৰ প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামী, সমাজকৰ্মী ৰাজু গগৈ, অসম ৰাজ্যিক পৰিৱহণ গোলাঘাটৰ সহকাৰী অধ্যক্ষ প্ৰদীপ কলিতৰ লগতে সমল ব্যক্তিসকল উপস্থিত থাকে ৷ শেষত অনুষ্ঠানটো সুন্দৰকৈ সম্পন্ন হোৱাত আয়োজক ফালৰ পৰা অৰুণ চক্ৰৱৰ্তীয়ে সকলোকে শলাগ লয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা