ৰাজ্যসভা নিৰ্বাচনক লৈ বিজেপিৰ স্থিতি কি : শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব

*শিৱসাগৰত হিমন্ত--প্ৰনৱ গগৈক শ্ৰদ্ধাঞ্জলি : ৰাজ্যসভা নিৰ্বাচন-উপ নিৰ্বাচনৰ সম্পৰ্কত মন্তব্য মন্ত্ৰী শৰ্মাৰ- বেতন বঞ্চিত শিক্ষকৰ সমস্যা সন্দৰ্ভত ইতিবাচক শিক্ষামন্ত্ৰী : আৰক্ষী- প্ৰশাসনৰ বেহু ফালি হিমন্তক আছুৰ ক'লা পতাকা - গ' বেক ধ্বনি*


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৮ ফেব্ৰুৱাৰী : শিৱসাগৰত আজি বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হয় বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা |
প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মৃত্যুত পৰিয়ালক সমবেদনা জনাবলৈ আহিল মন্ত্ৰী গৰাকী | শিৱসাগৰৰ অ'এনজিচিৰ হেলিপেডত মন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰে অৱতৰণ কৰাৰ পাছত অ'এনজিচিৰ প্ৰৱেশ দ্বাৰতে আছুৱে ক'লা পতাকা প্ৰদৰ্শন কৰে মন্ত্ৰী গৰাকীক ৷ হিমন্ত বিশ্ব গ'বেক ধ্বনিৰে আছুৱে উত্তাল কৰিলে শিৱসাগৰ |
উল্লেখ্য যে শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ আগমনৰ বাবে শিৱসাগৰত আৰক্ষী-চি আৰ পিএফৰ নিচ্ছিদ্ৰ বেহু গঢ়ি তুলিছিল ৷ মন্ত্ৰী গৰাকীৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনৰ আশংকাতে আৰক্ষী প্ৰশাসনে গঢ়ি তুলিছে এই বেহু ৷ কিন্তু আৰক্ষীৰ বেহু ফালি আছুৱে ক'লা পতাকাৰে আদৰণি জনায় মন্ত্ৰী গৰাকীক |
প্ৰয়াত প্ৰনৱ গগৈৰ ঘৰলৈ আহি তেওঁৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জনাই তেওঁ কয় যে--প্ৰয়াত গগৈৰ দেশ আৰু জাতিৰ প্ৰতি মৰম আছিল।এই মৰমে তেওঁক ৰাজনীতিৰ পথাৰত উজ্বল জ্যোতিষ্ক কৰি ৰাখিছিল। আনহাতে
প্ৰয়াত গগৈৰ ঘৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ পেনেল নিৰ্দিষ্ট হৈ আছে । দুখন আসনৰ এখন সহযোগী বিপিএফক দিয়া হৈছে। তৃতীয় আসন যিহেতু বিজেপিৰ দখলত ৰাখিব পৰা নাযাব সেয়েহে বিৰোধীয়ে কাক মনোনীত কৰে সেয়া বিৰোধীৰ কথা। কা' আন্দোলনৰ সৈতে জড়িত কাৰোবাক দিয়ে অথবা আনক সেয়া তেওঁলোকে নিৰ্দিষ্ট কৰিব।
ইফালে শিৱসাগৰ সমষ্টিৰ উপ- নিৰ্বাচনৰ সন্দৰ্ভত শৰ্মাই কয় যে প্ৰনৱ গগৈৰ অকাল বিয়োগত এনে পৰিস্থিতি আহিছে । এই পৰিস্থিতি সুখৰ নহয় । তথাপিও নিৰ্বাচন আয়োগে ঠিক কৰিব উপ নিৰ্বাচন হ'ব নে নহয় । হলেও প্ৰনৱ গগৈৰ মৃত্যুৰ পাছত খালী হোৱা আসনক কেন্দ্ৰ কৰি বিশেষ ৰাজনৈতিক তৎপৰতাৰ সৃষ্টি নহয় বুলি তেওঁ মন্তব্য কৰে।
লগতে শিৱসাগৰৰ ১৫৩০ বেতন বঞ্চিত শিক্ষকৰ প্ৰসংগত তেওঁ কয় আমি এই বিষয় এজেণ্ডাত ৰাখিছো ।কিছু দিনৰ ভিতৰত এক ইতি বাছক ফলাফল বাহিৰ হব ।
শৰ্মাই আজি শিৱসাগৰত স্বাস্থ্য আৰু পথ উন্নয়ণৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । মন্ত্ৰী গৰাকীয়ে নাজিৰাৰ এক অনুষ্ঠানতো অংশ গ্ৰহণ কৰে ৷
তদুপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সময়ত নাজিৰাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় | নাজিৰাত
মন্ত্ৰী হিমন্তক আগভেটা দিয়ে দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ কৰ্মীয়ে |
নাজিৰাৰ দৈনিক বজাৰৰ সন্মুখত নাজিৰা বাসী ৰাইজৰ লগতে বিৰোধী দলৰ দলপতি নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ পথ অৱৰোধ কাৰ্যসূচীৰে মন্ত্ৰীৰ বাইক ৰেলী ৰুদ্ধ কৰে | এই লৈ বিজেপি- কংগ্ৰেছৰ সন্মুখ সমৰত লিপ্ত হৈ এক অৱাঞ্চিত পৰিবেশ সৃষ্টি হয় |
স্থানীয় ৰাইজ আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে হতাহতিৰ সৃষ্টি হয় আৰক্ষীৰ লগত ।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা