নলবাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাগ্মিতা প্ৰতিযোগিতা

নলবাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাগ্মিতা প্ৰতিযোগিতা



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১২ ফেব্ৰুৱাৰী*


ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ অধীনত আৰু সমগ্ৰ শিক্ষা, নলবাৰীৰ পৰিচালনাত আজি নলবাৰীৰ নদলাৰ শঙ্কৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাগ্মিতা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ ভাষণ প্ৰসঙ্গত তেওঁ কয় যে শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণ দুয়োটাই হ'ব লাগিব আনন্দদায়ক, তেতিয়াহে শিক্ষা পদ্ধতিৰ উদ্দেশ্য সফল হ'ব ৷ কুইজ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ড উপায়ুক্তগৰাকীয়ে পৰিচালনাও কৰে ৷ কুইজত অংশগ্ৰহণ কৰে বিভিন্ন শিক্ষাখণ্ডৰ কুইজত প্ৰাথমিক পৰ্যায়ত শ্ৰেষ্ঠ হোৱা দলসমূহে ৷ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে ৷
              আনহাতে, যোৱা ৭ ফেব্ৰুৱাৰীত বাগ্মিতা প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত যোগ্যতা অৰ্জন কৰা ৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে আজিৰ বাগ্মিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল-বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে আমাৰ পৰিৱেশ শীৰ্ষক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ৷ বাগ্মিতা প্ৰতিযোগিতাখনৰ বিচাৰকৰ আসনত আছিল বৰপেটা জিলা শিক্ষক প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ কুলৰঞ্জন ডেকা আৰু দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া ড৹ জৱহিৰা তবচ্চুম ৷ কুইজ আৰু বাগ্মিতা প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নলবাৰী জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মণে ৷ আদৰণি ভাষণ দিয়ে নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই ৷ অনুষ্ঠানৰ শেষত কুইজ আৰু বাগ্মিতা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয় ৷ কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে অৰৰা জয়পালথান এম ভি স্কুলৰ বিস্মিতা কাশ্যপ, গৰিমা কলিতা আৰু নিবিড়জ্যোতি বেজবৰুৱাৰ দলে ৷ একেদৰে দ্বিতীয় পুৰস্কাৰ লাভ কৰে জনতা হাইস্কুলৰ মুন তাকিম, ইদুল হুছেইন আৰু নেকিবুৰ জামানৰ দলে ৷ প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰে মিলন আদাবাৰী এম ই স্কুলৰ কৰ্ণৱ বৰ্মণ, কাশ্যপ ৰাজবংশী আৰু সমীৰণ বৰ্মনৰ দলে ৷ আনহাতে শিক্ষকৰ বাগ্মিতা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে মালিকুছি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱনীতা ডেকা আৰু বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অংশুমান ডেকাই ৷ আকৌ তৃতীয় পুৰস্কাৰ লাভ কৰে বৰনৰ্দ্দী বালিকা মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিজৰা ডেকাই ৷ শঙ্কৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ শৰ্মাৰ শলাগৰ শৰাই প্ৰদানেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় ৷ 



*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা