Posts

Showing posts from March, 2021

নগাঁৱত দুই ভাতৃৰ নিৰ্বাচনী যুঁজকলৈ সৰৱ চৰ্চা≈≈কোনে মাৰিব শেষ হাঁহি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ মাৰ্চঃ অসম বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহনলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী ৷ সেয়ে প্ৰাৰ্থীসকলৰ মাজত চলিছে কি দৰে প্ৰতিদণ্ডী প্ৰাৰ্থীক পৰাজিত কৰিব পাৰি তাৰেই আখৰা ৷ ইয়াৰ ব্যতিক্ৰম নহয় ৮৬ নং নগাঁও সদৰ সমষ্টিও ৷ দুই ভাতৃৰ প্ৰতিদণ্ডিতাক লৈ বেছ চৰ্চাত থকা সমষ্টিটোত  কংগ্ৰেছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই সমষ্টিৰ গৰিষ্টসংখ্যক কংগ্ৰেছ সমৰ্থকে যোৱা দিনবোৰত দল ত্যাগ কৰি বিজেপিমুখী ঢৌৰ সৃষ্টি কৰি সমষ্টিটোত কংগ্ৰেছৰ ভেটিত তীব্ৰ কঁপনি তুলিছে ৷ কাৰণ সুদীৰ্ঘ কাল ধৰি সুখ-দুখৰ সময়ত সততে সমষ্টিবাসীৰ কাষত ঠিয় দি অহা সমষ্টিটোৰ পূৰ্বৰ বিধায়ক তথা জনপ্ৰিয় কংগ্ৰেছী নেতা ডাঃ দুৰ্লভ চমুৱাক দলীয় টিকটৰ পৰা বঞ্চিত কৰাৰ ফলত সমষ্টিটোত কংগ্ৰেছ শিবিৰত গৰাখহনীয়া সৃষ্টি হোৱাৰ সমান্তৰালভাৱে মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ সমৰ্থনত তীব্ৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বিগত দিনবোৰত অশেষ শ্ৰম, ত্যাগ, কষ্ট স্বীকাৰ কৰি ডাঃ দুৰ্লভ চমুৱাই দলৰ ভেটি মজবুত কৰাত অহোপুৰুষাৰ্থ কৰি অহাৰ পিছতো অন্তিম মুহূৰ্তত সকলো আশা-আকাংক্ষাত চেঁচা পানী ঢালি তেওঁক নিধিৰা

নিশাৰ ভাগত ৰেলযাত্ৰা কৰাসকলৰ বাবে দু:খৱৰ

Image
নিশা ৰেলযাত্ৰা কৰা যাত্ৰীসকলৰ বাবে দুখৱৰ। এতিয়াৰে পৰা নিশাৰ ভাগত ৰেলত মোবাইল বা লেপটপ আদিৰ বেটেৰী চাৰ্জ কৰিব নোৱাৰিব। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ প্ৰযোজ্য হব এই নিয়ম। বিশেষকৈ অগ্নিকাণ্ডজনিত দূৰ্ঘটনাৰ পৰা যাত্ৰীসকলক সুৰক্ষা দিবলৈয়ে এই ব্যৱস্থা ভাৰতীয় ৰেলৱেৰ

মলয়াই কানে কানে কলে "বিহু বিহু লাগিছে গাত"

Image
দীপজ্যোতি ডেকা : এজাক পাতল বৰষুণে ধুৱাই গ'ল ধুলিৰে ধূসৰিত ধৰাক। বৰষুণৰ টোপালৰ পৰশত লাজুকীয়াকৈ ওলাইছে কুঁহিপাত। ৰিব ৰিবকৈ পৰিছে মলয়াৰ আচল খন। আনন্দতে মতলীয়া চৰাই চিৰিকতিয়ে গান গাইছে। মইয়ো আহিছো বুলি লাহেকৈ কুলিজনীয়েও মাত দিছে। বাহ কি যে মিঠা মিঠা বসন্তৰ অনুভৱ, এই অনুভৱৰ মাজতেই যেন সকলোকে মলয়াই কঢ়িয়াই অনা বতৰাটো দিছে যে "বিহু আহি পালেহি" । অসমীয়াৰ বাপোতি সাহোন বহাগৰ বিহুলৈ মাজত পষেকতকৈও কম সময়। তাতে প্ৰকৃতিৰ এই মনোমোহা সমাহাৰ। আজি আনন্দতে মতলীয়া হৈ পৰিছে কবি মন। নাচনীৰো যে নাচিবৰ মন। ঢুলীয়াত ঢোলটোৱো চাফা কৰিবৰ হল। মাকুৰ শব্দবোৰ ঘন হব ধৰিছে। মুঠতে নিৰ্বাচনী বতাহক পিছ পেলাই আজি আহিছে মলয়া। আৰু প্ৰকৃতিৰ বৰজীয়ৰী অসমীক কৈছে। "বিহু বিহু লাগিছে গাত"

বঙাইগাঁৱত পোষ্টেল বেলট সুবিধা কেন্দ্ৰ মুকলি

Image
বঙাইগাঁওঃ ৩০ মাৰ্চঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আজি ( মঙলবাৰে)  নিৰ্বাচনী কাৰ্যত নিয়োজিত বিষয়া -কৰ্মচাৰী সকলক তথা অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত কৰ্মীসকলক পোষ্টেল বেলটৰ যোগেদি ভোটদানৰ বাবে স্থানীয় বীৰঝৰা কন্যা মহাবিদ্যালয়ত পোষ্টেল বেলট সুবিধা কেন্দ্ৰ এটা মুকলি কৰা হয় ।  এই কেন্দ্ৰটো  অহা ১ এপ্ৰিললৈ বাহাল থাকিব । এই কেন্দ্ৰটোত পোষ্টেল বেলটেৰে ভোটদানৰ বাবে  অনুমোদিত ৫৩৭ গৰাকী নিৰ্বাচন কাৰ্যত জড়িত ভোটাৰ আৰু ১৫ গৰাকী অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ভোটাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ পোষ্টেল বেলটযোগে নিজৰ ভোট সাব্যস্ত কৰিব পাৰিব । ইয়াৰোপৰি ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ্যৰ আন আন বিধানসভা সমষ্টিত নিৰ্বাচন কাৰ্যত জড়িত ১৭৫ গৰাকী  ভোটাৰ যিসকলৰ ১২ নং ফৰ্ম অনুমোদিত হৈছে তেওঁলোকক ডাকঘৰৰ যোগেদি নিজৰ বৰ্তমানৰ ঠিকনাত পোষ্টেল বেলট পঠিওৱা হৈ আছে। প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও

বঙাইগাঁও বিধান সভা সমষ্টিত কংগ্ৰেছ জয়ী হোৱাটো খাটাং - শংকৰ প্ৰসাদ ৰায়

Image
ফণীভূষণ চৌধুৰীয়ে নিজৰ দলটোকে ঐক্যবদ্ধ কৰি ৰাখিব পৰা নাই  অগপ দল এইবাৰ দুটা ভাগত বিভক্ত হোৱাটো খাটাং বঙাইগাঁওঃ ৩০ মাৰ্চঃ অহা ছয় এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনকলৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান একপ্ৰকাৰ তুংগত উঠিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া দিনে নিশাই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ আজি (মঙলবাৰে ) সমষ্টিটোৰ অন্তৰ্গত ঢালিগাঁৱৰ দৰ্শজ্যোতি খেল পথাৰত মহাজোঁটবন্ধনৰ সমৰ্থিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ৰ সমৰ্থনত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও বিধান সভা সমষ্টি নিৰ্বাচনী কমিটিৰ সভাপতি জয়নাল আবেদীনৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে ৰাইজে পৰিৱৰ্তন বিচাৰিহে এই সভাত অংশ গ্ৰহণ কৰিছে আৰু ৰাইজৰ উপস্থিতি দেখি অনুভব কৰিছো এইবাৰ যে পৰিৱৰ্তন হ'ব সেয়া খাটাং ৷ মানুহৰ অন্তৰত এটাই কথা যে ফণীভূষণ চৌধুৰীৰ পৰা পৰিত্ৰাণ লাগে ৷ আমি পৰিৱৰ্তন বিচাৰিছো ৷ সভাত কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে আৰু কয় যে ফণীভূষণ চৌধুৰীয়ে কেৱল এমৰেগাৰ ফলক কেইখন লিখাৰ

ৰহা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী গুনেশ্বৰ দাসৰ মিত্ৰজোঁটলৈ সমৰ্থন≈≈মহাজোঁটত মহাসংকটৰ সৃষ্টিৰে বিষ্ণু দাসৰ মুখত উজলিছে হাঁহি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ মাৰ্চঃ অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৮২ নং অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰহা সমষ্টিৰ ২,১৭,৫৮২ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব চাৰি গৰাকী প্ৰাৰ্থীৰ । কালিলৈকে সমষ্টিটোত পাঁচগৰাকী লোক নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে চিহ্নিত আছিল যদিও শেহতীয়াকৈ সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী গুনেশ্বৰ দাসে বৰণ সলাই মিত্ৰজোঁটক সমৰ্থন জনোৱাৰ লগে লগে ৰহাত ব্যাপক ৰূপত সলনি হৈছে নিৰ্বাচনী প্ৰেক্ষাপট ৷ এইবাৰ নিৰ্বাচনত ১,১১,০৯৫ জন পুৰুষ আৰু ১,০৬,৪৮৪ গৰাকী মহিলাৰ লগতে ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰে ভোটদান কৰিব । ডি ভোটাৰৰ সংখ্যা ১,৬১৮ জন । প্ৰথম বাৰৰ বাবে নিৰ্বাচন আয়োগে প্ৰৱৰ্তন কৰা নিয়ম মতে এইবাৰ ৮০ ৰ ডেউনা পাৰ হোৱা ২৭২ গৰাকী জ্যেষ্ঠ ভোটাৰক আগতীয়াকৈ ঘৰে ঘৰে ভোটদানৰ সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে । এইবাৰৰ নিৰ্বাচনত শাৰীৰিক ভাৱে সক্ষম ৫২ জন লোকেও ভোটদান কৰিব । উল্লেখ্য, ২০১৬ চনৰ নিৰ্বাচনত সমষ্টিটোৰ ভোটাৰ আছিল ১,৮৮,৬৫০ জন । এতিয়া পাচঁ বছৰত বৃদ্ধি হল ২৮,৯৩২ জন ভোটাৰ । যোৱা ২০১৬ চনৰ নিৰ্বাচনত সমষ্টি টোৰ ভোটাৰ ২০১১ চনৰ তুলনাত বৃদ্ধি হৈছিল ১৬,৯৪৩ জন । এইবাৰ ২৫০ টা স্থায়ী ভোটকেন্দ্ৰ আৰু ৫৬ ট

দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মৰিগাঁও জিলা প্ৰশাসন সাজু

Image
মৰিগাও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয় । এই সভাত মৰিগাঁও জিলাৰ ৭৯-জাগীৰোড বিধানসভা সমষ্টি, ৮০-মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১-লাহৰীঘাট বিধানসভা সমষ্টি, এই তিনিওটা সমষ্টিত অহা ১ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিয়োজিত কৰা জনেল আৰু ছেক্টৰ(চিভিল আৰু পুলিচ) অফিচাৰ সকলৰ সৈতে চা-চিনাকি কৰাই দিয়া হয়। এই সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিচ চন্দ্ৰ পেগুয়ে জনেল আৰু ছেক্টৰ অফিচাৰ সকলৰ কৰণীয় খিনি নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় । জিলা আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলাই আইন শৃংখলা সম্পৰ্কে বিশদ ভাৱে বুজাই দিয়ে আৰু নিৰ্ভয়ে নিৰ্বাচন প্ৰক্ৰিয়াৰ গুৰুত্ব পূৰ্ণ দায়িত্ব পালন কৰি সুস্থ গনতন্ত্ৰ ব্যৱস্থা গঠন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানীয়ে পৰিবহন ব্যৱস্থাৰ বিষয়ে সবিস্তাৰে বৰ্নণা দাঙি ধৰে। মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনুৰাগ ফুকনে ইভিএম ব্যৱহাৰ সম্পৰ্কে খুটি নাটি কথা পুনৰ সোঁৱৰাই দিয়ে । উপায়ুক্ত সীমা ৰেখা ভূঁঞাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰি দলবদ্ধ ভাৱে নিষ্ঠা আৰু নিখু

বিশাল বাইক ৰেলীৰে ৰহাত মিত্ৰজোটৰ অগপ দলৰ প্ৰাৰ্থী বিষ্ণু দাসৰ শক্তি প্ৰৰ্দশন।

Image
দেৱব্ৰত বৰা,জাজৰি,৩০ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিমটো দিন। অন্তিমটো দিনত ৰহা সমষ্টিৰ মিত্ৰজোটৰ অগপ দলৰ প্ৰাৰ্থী বিষ্ণু দাসে বিশাল ৰেলীৰে শক্তি প্ৰৰ্দশন কৰি চমক সৃষ্টি কৰে। ৰহা সমষ্টিৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰা ৰেলীৰ জৰিয়তে ১ এপ্ৰিলত সকলোকে হাতীৰ ছবিত ভোটদি অগপ প্ৰাৰ্থী গৰাকীক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ৰেলীত বিষ্ণু দাসক সংগ দিয়ে তেজপুৰ বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই।

বজালীত প্ৰাৰ্থীৰ দ্বিতীয় পৰ্যায়ৰ হিচাব দাখিল পৰ্যবেক্ষকক

Image
সঞ্জীৱ দাস, বজালী, ৩০ মাৰ্চঃ তৃতীয়  পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ ব্যস্ততা  তুংগত  উঠিছে  বজালীত। জিলাৰ  উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই অতি  তৎপৰতাৰে  ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰীক কাম কাজ প্ৰায়  চমুৱাই  আনিছে। ইপিনে, পাটাছাৰকুছি  আৰু  ভৱানীপুৰ সমষ্টিৰ  বাবে ভাৰতৰ  নিৰ্বাচন আয়োগে নিযুক্ত  কৰা  সাধাৰণ পৰ্যবেক্ষক  এছ গণেশ  আৰু  ব্যয়  পৰ্যবেক্ষক চিত্তৰঞ্জন ঢংগদা  মাঝিয়ে  বিভাগীয় দায়িত্ব ক্ষীপ্ৰতাৰে  পালন কৰি সামগ্ৰিকভাৱে  সকলো  কাৰ্য  আগবঢ়াই  নিছে। এনে ব্যৱস্থাৰ অংশ  হিচাপে আজি  দুয়োটা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ  এজেন্ট সকলে  দ্বিতীয়  পৰ্যায়ৰ খৰচৰ  তথ্য পৰ্যবেক্ষকক  পৰীক্ষাৰ  বাবে  দাখিল  কৰে। ব্যয় পৰ্যবেক্ষক মাঝিয়ে  এজেণ্টসকলে  দাখিল  কৰা ব্যয়ৰ খতিয়ান  আৰু  তহবিল  পুংখানুপুংখভাবে পৰীক্ষা কৰে । উল্লেখ্য যে, প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কোনো প্ৰাৰ্থী যদি কোনো অপৰাধত অভিযুক্ত  তেনেহ'লে  বাতৰি কাকত  অথবা  বৈদ্যুতিন  মাধ্যমত  অন্তত তিনিবাৰ  বিজ্ঞাপন  প্ৰকাশ  কৰিব  লাগিব  বুলিও  কোৱা হয় আৰু এনে প্ৰেক্ষাপটত  আজি  কিছু প্ৰাৰ্থীয়ে  বি

২ এপ্ৰিলত কৃষ্ণাইৰ জনসভাত অংশ ল’ব প্ৰিয়ংকা গান্ধী

Image
দুধনৈত কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দ্বী নাইঃবিজেপিয়ে বিপুল ভোটৰ ব্যৱধানত লাভ কৰিব দ্বিতীয় স্থান ------- কৃষ্ণাইৰ সংবাদ মেলত ঘোষণা বালিৰাম বড়োৰ **************************** দুধনৈ বিধান সভা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দ্বী নাই ৷ দুধনৈত বিজেপিয়ে বিপুল ভোটৰ ব্যৱধানত দ্বিতীয় স্থানত থাকিব ৷ কাৰণ বিজেপিয়ে ভাৰাতীয়া প্ৰাৰ্থীৰেহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীক ভাৰাত লৈ নিৰ্বাচনত নমা বিজেপি এইবাৰ পৰাজিত হোৱাটো নিশ্চিত ৷ আজি কৃষ্ণাইৰ এক সংবাদ মেলত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ দুধনৈ সমষ্টিৰ মিডিয়া চেলৰ দায়িত্বত থকা বালিৰাম বড়োৱে ৷ বড়োৰ দাবী বিজেপিৰ উলম্ব বিভাজনে কংগ্ৰছক সহায় কৰিব ৷ কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ বাবে যুগুত কৰা কাৰ্যসূচী প্ৰচাৰৰ বাবে আয়োজন কৰা আজিৰ সংবাদ মেলত বড়োৱে কয় - ৬ এপ্ৰিলত ভোটগ্ৰহণ হ’বলগীয়া গোৱালপাৰা জিলাৰ  চাৰিওটা সমষ্টিতে কংগ্ৰেছে ইতিমধ্যে প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে ৷ কাইলৈ ৩১ মাৰ্চৰ পৰা এই প্ৰচাৰ অভিযান আৰু অধিক সক্ৰিয় হৈ উঠিব ৷ কাইলৈ দুধনৈ সমষ্টিত দিনৰ ২ বজাত ধূপধৰাৰ পৰা কৃষ্ণাইলৈ এক বিশাল ৰেলীত অংশ ল’ব সাংসদ গৌৰৱ গগৈয়ে

FNR ৰ প্ৰতিবেদনৰ আশংকা সত্যত পৰিণত : ম্যানমাৰৰ অস্থিৰতাই বিপদ মাতিছে উত্তৰ-পূৱৰ

Image
ষ্টাফ ৰিপোৰ্টাৰ : ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত শাসনভাৰ সেনাই হস্তগত কৰাৰ পিছতেই firstnewsreport ৰ প্ৰতিবেদনত উত্তৰ পূৱৰ প্ৰতি ভাবুকিৰ বিষয়টো সকীয়াই দিয়া হৈছিল। এই আশংকা যেন ক্ৰমান্বয়ে সত্যত পৰিণত হব ধৰিছে। ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে শতাধিক অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰিছে অথবা কৰাৰ চেষ্টা চলাইছে বুলি চিন্তিত হৈছে মণিপুৰ-মিজোৰাম। দেশখনৰ নাগৰিকে ভাৰতলৈ পলায়ন কৰা দেখি মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সীমান্তৱৰ্তী ৫ খনকৈ জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। য’ত কেৱল মানৱীয় বা চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে ম্যানমাৰৰ নাগৰিকক প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ৰাজ্যখনৰ গৃহ সচিব এইচ জ্ঞান প্ৰকাশৰ দ্বাৰা লিখা পত্ৰখনত কোৱা হৈছে যে ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰিব লোৱা লোকসকলক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়ে। লগতে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিৱিৰ নিৰ্মাণ অথবা খাদ্য, পানীৰ ব্যৱস্থা নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা হোৱামতে মণিপুৰৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত শতাধিক লোক অনুপ্ৰৱেশ ঘটাই বিভিন্ন স্থানত আছে। তিনিগৰাকীকৈ গুলীৱিদ্ধ লোক বৰ্তমান মণিপুৰৰ চিকিৎসালয়ত চিকিৎসাধীন হ

বতৰ বেয়া, হেলিকপ্তাৰ নুৰে, ৰাহুলৰ সভা বাতিল

Image
নিউজ ডেস্ক : আজি শিলচৰত অনুষ্ঠিত হবলগা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনসভা বেয়া বতৰৰ বাবে  বাতিল কৰা হৈছে। আজি তেঁও তিনিখনকৈ নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল । প্ৰতিকূল বতৰত   শিলচৰত আছিল ৰাহুল গান্ধীৰ সভা। প্ৰতিকূল বতৰৰ বাবে হেলিকপ্তাৰ উৰণত বাধাগ্ৰস্থ হোৱাৰ আশংকাতে  শিলচৰৰ ৰাহুল গান্ধীৰ সভা বাতিল কৰা হৈছে। আজি বোকাজান আৰু হাফলঙৰ আন দুখন সভাও বাতিল কৰাৰ সম্ভাৱনা আছে।

সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জাফা, দিছপুৰ প্ৰেছ ক্লাৱৰ

Image
 গুৱাহাটী :    নিয়মীয়া বাৰ্তাৰ সাংবাদিক হাতীগাঁৱৰ নিবাসী পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক  মৃত্যৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ কাৰণ  দূৰ্ঘটনা নে পৰিকল্গিত হত্যা  সেই লৈ বিভিন্নজনৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে ঘটনাৰ ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা উচিত বুলি এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী আৰু  সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে মত প্ৰকাশ কৰে ।  জাফাৰ সভাপতি আৰু সম্পাদক প্ৰধান গৰাকীয়ে প্ৰয়াত সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।       আনপিনে জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।  এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা আৰু সম্পাদক কুঞ্জ মোহন ৰায়ে -জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু অসমৰ সংবাদ মাধ্যমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে । শোকাকুল পৰিয়ালবৰ্গলৈকো দিছপুৰ প্ৰেছ ক্লাবে গভ

বজালীত প্ৰাৰ্থীৰ ব্যয়ৰ খতিয়ান ল'লে পৰ্যবেক্ষকে

Image
সঞ্জীৱ দাস, বজালী, ২৮ মাৰ্চঃ বজালী  জিলাৰ ভৱানীপুৰ আৰু  পাটাছাৰকুছি সমষ্টিৰ যিসকল প্ৰাৰ্থীয়ে বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ  হৈছে, তেওঁলোকৰ  নিৰ্বাচনকেন্দ্ৰিক  ব্যয়ৰ খতিয়ান  সমষ্টি  দুটাৰ  ব্যয়  পৰ্যবেক্ষকে  পৰীক্ষা  কৰে। উল্লেখিত দুয়োটা  সমষ্টিৰ  বাবে  ভাৰতৰ  নিৰ্বাচন আয়োগে নিযুক্ত  কৰা  ব্যয়  পৰ্যবেক্ষক  চিত্তৰঞ্জন ঢংগদা  মাঝিয়ে  প্ৰাৰ্থী সকলে দাখিল  কৰা  খৰচৰ  হিচাব আৰু  তহবিল  পৰীক্ষা  কৰে । দণ্ডাধীশ প্ৰাঞ্জল প্ৰতীম কোৱৰে  জনোৱা অনুসৰি,  নিৰ্বাচনত  ধনবল আৰু  সুৰাৰ অপব্যৱহাৰ  ৰোধ  কৰাৰ  বাবে বজালী  জিলা  প্ৰশাসনে ব্যাপক  তৎপৰতা  অব্যাহত  ৰাখিছে।  বজালী  জিলাৰ   ভিন্ন   প্ৰান্তত  ইতিমধ্যে স্থিৰ নিৰীক্ষণ দলে তালাচী  চলাই  পাটাছাৰকুছি  সমষ্টিত  নগদ ধন তিনি লাখ বাইছ হেজাৰ  আশী  টকা   জব্দ  কৰাৰ  উপৰিও  আৰক্ষী আৰু  আবকাৰীৰ  অভিযানত বিলাতী  আৰু  দেশীয়  সুৰাও  জব্দ  কৰা  হয়। ভৱানীপুৰ  সমষ্টিত  স্থিৰ নিৰীক্ষণকাৰী দলে  নগদ এক লাখ দহ হেজাৰ টকা জব্দ কৰাৰ  উপৰিও  আবকাৰী আৰক্ষীৰ যৌথ অভিযানত  বিলাতী  আৰু  দেশীয়  সুৰাও  জব্দ  কৰা  হয়। আনফালে, কালি  বজালী  জিলাৰ  উপায়ুক্তৰ  কা

পশ্চিমবংগত ৭৯.৭৯ শতাংশ ভোটদান

Image
নিউজ ডেস্ক : আজি অসমৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনতো ভোটাৰ ৰাইজে ব্যাপক সহাৰি প্ৰদান কৰে। ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৩০ টা সমষ্টিৰ ভিতৰত বাতৰি লিখাৰ পৰলৈ প্ৰাপ্ত খৱৰমতে ৭৯.৭৯ % ভোটদান হয়। অৰ্থাৎ ৰাজ্যখনতো ভোটিং ব্যৱস্থালৈ ভোটাৰ ৰাইজে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে।

ৰিগিঙক কেন্দ্ৰ কৰি উত্তাল জোনাই

Image
এফ এন আৰ, জোনাইঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আজি জোনাই বিধানসভা সমষ্টিত ৰিগিঙক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত হয়। অমৰপুৰ প্ৰাথমিক বিদ্যালয় ৬৯ নং ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত ঘটনাটোত  তিনিজন আহত হয়। তেঁওলোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

ধিং সমষ্টিৰ আঠ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী ই ভি এমত

Image
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ধিং সমষ্টিৰ  আঠ জন প্ৰাৰ্থীৰ ভাগ্য বন্দি হ'ল ই ভি এমত।  ধিং সমষ্টিত ই ভি এমত বন্দি হ'ল আমিনুল সহ আঠ জন প্ৰাৰ্থীৰ ভাগ্য। প্ৰতিজন প্ৰাৰ্থীয়ে নিজৰ বিজয়ক লৈ আত্মবিশ্বাসী । তথাপি সমষ্টি টোত আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী মেহবুব মোক্তাৰৰ মাজত দুইকোনীয়া  প্ৰতিদ্বন্দিতা হব বুলি চৰ্চা চলিছে।চাৰি বজালৈ সমষ্টি টোত ভোট পুলিঙৰ পৰিমান ৭০ শতাংশতকৈ অধিক। একোটা ভোট কেন্দ্ৰত ৯০ শতাংশ পৰ্যন্ত ভোট পুলিং হৈছে ধিং সমষ্টিত। সংবাদ কৰ্মী মেহবুব মোক্তাৰ, পত্নী সহ ভোট প্ৰদান কৰি আত্মবিশ্বাসেৰে কলে মোক নিৰ্বাচন কৰক। মই অন্ধকাৰ সমষ্টি টোত চাকি জ্বলাম একেদৰে বিজেপিৰ সঞ্জিৱ বৰা, আৰ চি পি আইৰ ইনামুল হুদা, আৰু আমিনুল ইছলামৰো বিশ্বাস - জনতা জনাৰ্দনে জয়ী কৰিব তেওঁলোকক। * মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমান।*

অসমৰ সংখ্যালঘূ লোক বিজেপিৰ লগত আছে : কেন্দ্ৰীয় নেতা শ্বাহনাৱাজ হুছেইন

Image
  নলবাৰী জিলাৰ  বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ কেন্দ্ৰীয় সংখ্যালঘূ নেতা শ্বাহনাৱাজ হুছেইন ৷  অসমৰ সংখ্যালঘূ লোক বিজেপিৰ লগত আছে বুলি মন্তব্য সংখ্যালঘু নেতা গৰাকীৰ  ৷  বিজেপিৰ কাৰ্যকালত অসমত যথেষ্ট উন্নয়ন হৈছে বুলি উল্লেখ কৰি   উন্নয়নৰ স্বাৰ্থত এইবাৰো সংখ্যালঘূ ৰাইজে বিজেপিক ভোট দিব  ৷ এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘূ নেতা তথা শাসকীয় দলটোৰ অসমৰ ষ্টাৰ কেম্পেইনাৰ শ্বাহনাৱাজ হুছেইনৰ ৷ বৰক্ষেত্ৰীৰ সংখ্যালঘূ অঞ্চলত বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে হুছেইনে ৷ শনিবাৰে বিধায়ক নাৰায়ণ ডেকাৰ হৈ বৰক্ষেত্ৰীত প্ৰচাৰ চলাই বিহাৰ চৰকাৰৰ উদ্যোগ মন্ত্ৰী গৰাকীয়ে ৷ সংখ্যালঘূ অধ্যুষিত চৰাঞ্চলৰ কুৰিহামাৰীত প্ৰচাৰ সভাত ভাগ লৈ সৰ্বভাৰতীয় নেতা গৰাকীয়ে প্ৰায় বাৰ হাজাৰ সংখ্যালঘূ লোকক সম্বোধন কৰে ৷ টিহুৰ পৰা  কৰবী গোস্বামী

আজি ইভিএমত বন্দী হব চাৰিগৰাকী সভাপতিৰ ভাগ্য

Image
নিউজ ডেস্ক : আজি ৰাজ্যত চলি আছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৰাজ্যৰ চাৰিটা দলৰ চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰি ভোটদাতাই। ইয়াৰে ভিতৰত   গহপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ,বোকাখাতত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,  নাহৰকটীয়া আৰু দুলীয়াজানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা কৰিছে।

ৰঙিয়াত ১৫,৩২৮গৰাকী লোকে সমস্বৰে ভোটদানৰ শপত লৈ ৰচিলে অভিলেখ

Image
জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালৰ আহ্বানত ২৭৩ গাঁৱ সহ ৰঙিয়া চহৰত ভোটদানৰ শপত ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,২৬ মাৰ্চঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ "প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কাৰ্যক্ৰম"হিচাপে ৰঙিয়া নিৰ্বাচন জিলা প্ৰশাসনৰ আহ্বানত  আজি ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ১৫,৩২৮  গৰাকী লোকে সমস্বৰে নিৰ্বাচনত ভোটদানৰ শপত গ্ৰহণ কৰি এক অভিলেখ ৰচনা কৰে । জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে,ভা:প্ৰ: সে:,অহা পহিলা এপ্ৰিল বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিৰ্বাচনী জিলাখনৰ   সকলো ভোটাৰকে ভোটদানৰ বাবে শপত ল'বলৈ  জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই  আজি ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ২৭৩ খন গাঁৱৰ লগতে ৰঙিয়া চহৰত এই ব্যাপক শপত গ্ৰহণ কাৰ্য্যাসূচী অনুষ্ঠিত হয়।   সম্পূৰ্ণ ক'ভিড নীতি- নিৰ্দেশনা মানি চলি মুখত মাস্ক পৰিধানেৰে শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয় প্ৰাঙ্গণৰ পৰা নিয়ন্ত্ৰণ কৰা এই কাৰ্যসূচীত শপত বাক্য পাঠ কৰায় জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহক

বঙাইগাঁৱত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে বাইক ৰেলী

Image
বঙাইগাঁওঃ ২৬ মাৰ্চঃ  অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগা অসম বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ  ২৬০ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে বঙাইগাঁও জিলা প্ৰশাসনে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে । আনহাতে নিৰ্বাচন আয়োগে ১০০ শতাংশ ভোটগ্ৰহণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰাত সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও অব্যাহত ৰাখিছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৷ বঙাইগাঁও জিলা প্ৰশাসনে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ দিনৰ পৰাই সকলো ভোট গ্ৰহণ কেন্দ্ৰতে ১০০ শতাংশ ভোটগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াসৰে সমষ্টিটোৰ সকলো জাতি,ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্ভয়ে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰি গণতন্ত্ৰ মোৰ ভেঁটি মজুত হওক শীৰ্ষক শ্লোগানেৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই পদক্ষেপৰ অংশ হিচাপে শুকুৰবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণৰ পৰা পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনৰ অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ বাইক ৰেলী উলিওৱা হয় । জিলা উপায়ুক্ত তথা  জিলা নিৰ্বাচন

নিউ বঙাইগাঁও ৰে'লৱে জংচনত বিদেশী চিগাৰেট জব্দ

Image
বঙাইগাঁওঃ ২৬ মাৰ্চঃ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত আজি সন্ধিয়া এছ এছ টি ৰ লগতে নিউ বঙাইগাঁও জি আৰ পি আৰু আৰ পি এফৰ এক যৌথ অভিযানত নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ পৰা লক্ষাধিক টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰে ৷ জানিব পৰা মতে  উত্তৰ প্ৰদেশৰ বাসিন্দা আজাৰ খান নামৰ লোক এজনে গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ বুলি লৈ গৈ থকাৰ সময়তে চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলে পাছত আজাৰ খানক আটক কৰে ৷ জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হ'ব ৷ 

নিৰ্বাচনত কোচ ৰাজবংশী ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান আক্ৰাছুৰ

Image
ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন - জনজাতিকৰণ সন্দৰ্ভত বিজেপিকে ধৰি কোনো ৰাজনৈতিক দলে স্পষ্ট নকৰিলে স্থিতি নিৰ্বাচনত কোচ ৰাজবংশী ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান আক্ৰাছুৰ  বিজেপিক সমৰ্থন কৰা বুলি একাংশই ৰাইজৰ মাজত চলাইছে অপপ্ৰচাৰ  বঙাইগাঁওঃ২৬ মাৰ্চঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচীত জনজাতিকৰণৰ দাবী সমাধানৰ ক্ষেত্ৰত বিজেপি দলৰ লগতে ৰাজনৈতিক দল সমূহক তেওঁলোকৰ স্থিতি ২৫ মাৰ্চৰ ভিতৰত স্পষ্ট কৰিবলৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনাইছিল যদিও কোনো এটা ৰাজনৈতিক দলে স্থিতি স্পষ্ট নকৰাতো চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে সংগঠনটোৱে ৷ সেয়ে এইবাৰ বিধান সভা নিৰ্বাচনত জনগোষ্ঠীটোৰ ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই জনগোষ্ঠীটোৰ ৰাইজলৈ এই আহ্বান জনায় ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে জনজাতিকৰণৰ বিষয়টো বিজেপি দলৰ নিৰ্বাচনী ইছ্যু আছিল ৷ আনকি আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে ইমান দিনে চৰকাৰ গঠন কৰিলেই জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনী সভা- সমিতি আৰু

কপিলীৰ দিব্যাংগ শিশুৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

Image
   দেৱব্ৰত বৰা,জাজৰি,২৬ মাৰ্চ:দিব্যাংগ ছাত্ৰ- ছাত্ৰী সকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ মানসেৰে আজি সমগ্ৰ শিক্ষা অভিযান, মৰিগাঁৱৰ অধীনৰ কপিলী খণ্ডৰ উদ্যোগত দিনজোৰাকৈ দিব্যাংগ শিশুৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জালুগুটিস্থিত কপিলী খণ্ড মিছন কাৰ্যালয়ৰ চৌহদত পুৱা ১০ বজাত দিনজোৰা ক্ৰীড়া কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কপিলী খণ্ড মিছন সমন্বয়ক সমৰ বৰুৱাই। ইয়াৰ পাছতে দিব্যাংগ শিশুসকলৰ মাজত বেডমিন্টন,ফুটবল, ভলীবল আৰু ডিচকাচ থ্ৰ' আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কপিলী খণ্ডৰ অধীনৰ প্ৰায় অৰ্ধ-শতাধিক দিব্যাংগ শিশুৱে ইভেন্টসমূহত  আগ্ৰহেৰে ভাগ লয় আৰু প্ৰতিটো ইভেন্টৰ পৰাই প্ৰথম,দ্বিতীয় আৰু তৃতীয় নিৰ্বাচিত কৰা হয়। ইপিনে, ক্ৰীড়া প্ৰতিযোগিতাৰ অন্তত হোৱা বঁটা বিতৰণী সভাত উপস্থিত থাকি কপিলী খণ্ড সমল কেন্দ্ৰৰ জ্যেষ্ঠ গাণনিক সৌমিত্ৰ পাল,সংহত শিক্ষা শাখাৰ মুনিন শৰ্মা,গিৰেণ বৰা,বলেন্দ্ৰ নাথ, চি আৰ চি চি সঞ্জীৱ নাথ,গিৰীণ বৰকাকতি, গকুল নাথে প্ৰথম,দ্বিতীয় আৰু তৃতীয়ৰূপে নিৰ্বাচিত শিশুসকলৰ মাজত ট্ৰফী আৰু পদকসমূহ বিতৰণ কৰে। উল্লেখ্য যে,উক্ত অনুষ্ঠানতে বিভিন্ন ইভেন্টত ভাগ লোৱা

গোৱালপাৰাত ভোটদান সন্দৰ্ভত সজাগতা মূলক অনুষ্ঠানঃতৃতীয় লিংগৰ লোকৰ সৈতে উপায়ুক্ত বৰ্ণালী ডেকাৰ মত বিনিময়

Image
গোৱালপাৰা নিৰ্বাচনী জিলাত ভোটৰ সজাগতা অনাৰ উদ্দেশ্যে যোৱা ২৪ মাৰ্চৰ পৰা এছভিইইপি কোষৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷ আজি ইয়াৰ অংশ হিচাপে গোৱালপাৰা চহৰৰ আশে পাশে থকা তৃতীয় লিংগৰ লোক সকলক লৈ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ সময়ত গোৱালপাৰা জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই তেওঁলোকৰ লগত মত বিনিময় কৰে ৷ উপায়ুক্ত গৰাকীয়ে তেৱঁৰ বক্তব্যত কয় যে , অহা ৬ এপ্ৰিল তাৰিখে আমাৰ ইয়াাত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ আপোনালোকে নিশ্চয় জানে যে, ভোট দান আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ ৷ আপোনালোকৰ ভোট দানে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে দেশখনক অধিক শক্তিশালী কৰি তুলিব ৷ আপোনালোকে আপোনালোকৰ পৰিয়ালৰ লগতে ওচৰ-পাজৰৰ লোকসকলক ভোটদান সম্পৰ্কে সজাগ কৰিব লাগিব ৷ বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত থকা সকলোকে নিৰ্বাচনী সংক্ৰান্তীয় এক শপত বাক্য পাঠ কৰোৱায় ৷ সভাৰ অন্তত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত তৃতীয় লিংগৰ লোকসকলৰ দ্বাৰা জিলা নিৰ্বাচনী বিভাগে ৰচনা কৰা গোৱালপৰীয়া লোকগীতটোত নৃত্য পৰিৱেশণ কৰা হয় ৷ শেষত তৃতীয় লিংগৰ লোক সকলৰ হাতত ভোটদানৰ তাৰিখ ৬ এপ্ৰিল উ

গোৱালপাৰাত পোষ্টেল বেলট যোগে ভোট সংগ্ৰহ অভিযান আৰম্ভ

Image
গোৱালপাৰা নিৰ্বাচনী জিলাৰ চাৰিওটা বিধান সভা সমষ্টিৰ বাবে আজিৰে পৰা পোষ্টেল বেলটযোগে ভোটদান কৰিব খোজা ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ অভিযান আৰম্ভ কৰিছে ৷ গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ সমষ্টিত ২৪৬ গৰাকী , ৩৭ নং গোৱালপাৰা পূৱত ৩১৯ গৰাকী , ৩৮ নং গোৱালপাৰা পশ্চিমত ২৮১ গৰাকী আৰু ৩৯ নং জলেশ্বৰ সমষ্টিত ১৯৬ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ আৰু বিশেষ ভাবে সক্ষম লোকে পোষ্টেল বেলট যোগে ভোটদান কৰিব ৷ ইয়াৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ ১২১ গৰাকী চেক্টৰ বিষয়া , ৩০ গৰাকী মাইক্ৰ’ পৰ্যবেক্ষক আৰু ৬০ গৰাকী ভোট গ্ৰহণ কাৰী বিষয়া নিযুক্ত হৈ আছে ৷ ভোট গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ভোটগ্ৰহণকাৰী প্ৰতিটো দলত সংশ্লিষ্ট এলেকাৰ বি.এল.অ গৰাকী , নিৰাপত্তাৰক্ষী আৰু একোগৰাকী ভিডিঅ'গ্ৰাফাৰ লগত থাকে ৷ পোষ্টেল বেলট যোগে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু প্ৰভাৱমুক্তভাৱে তথা গোপনীয়তা ৰক্ষা কৰিবৰ বাবে ইয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰী সকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে ৷ ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ চলিবলগীয়া এই পোষ্টেল বেলটৰ ভোট সংগ্ৰহৰ ক্ষেত্ৰত গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাৰ তত্ত্বাৱধানত সকলো ধৰণৰ সতৰ

মহাজোঁটৰ তথা কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ বিশাল নিৰ্বাচনী প্ৰচাৰ ৰেলী

Image
কা' বাতিল, ৫টা গেৰাণ্টি, সমষ্টিত হব সৰ্বাংগীন উন্নয়ন—গৌৰৱ গগৈ  প্ৰতিবেদক , ৰঙিয়া, ২৬ মাৰ্চঃ মাজত মাথোঁ কেইটিমান দিন বাকী, তাৰ পাছতে ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।  এনেক্ষেত্ৰত আজি ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই সৰু-বৰ কেইবা শতাধিক যান-বাহনৰে  সমষ্টিটোত নিৰ্বাচনী ৰেলী উলিয়াই।নিৰ্বাচনী শোভাযাত্ৰাৰ আদিতে পুঠিমাৰী বাৰোৱাৰী পূজা খলাত কেইবা সহস্ৰাধিক দলীয় কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি বক্তব্য আগবঢ়ায়। তাৰপিছতে বাৰোৱাৰী পূজাখলাৰ পবিত্ৰস্থানৰ পৰা বিভিন্ন শ্লোগানেৰে বাট পথ উত্তাল কৰি ভট্টাচাৰ্যৰ হৈ লানি নিছিগা মটৰ-চাইকেল, সৰু-বৰ যান বাহনেৰে ৰেলী আগবাঢ়ি যায় কমলপুৰ সমষ্টিটোৰ আঠাৰা, দগাওঁ, কলমনি, মুক্তাপুৰ, সুতাৰকুছি, গাছবাৰী, সেপকুছি আদিৰ বিভিন্ন অঞ্চললৈ। পুঠিমাৰী বাৰোৱাৰী পূজা খলাত অনুষ্ঠিত ৰেলীৰ  বিশাল সভাখনত কিশোৰ ভট্টাচাৰ্যৰ হৈ সংগ দি নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ সভাপতি গৌৰৱ গগৈয়ে। এই সভাতে  নিজৰ ভাষণত বি জে পি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ ল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ

Image
অসমত বিজেপি চৰকাৰৰ সকলো ধৰ্মৰ জনসাধাৰণক সম অধিকাৰ প্ৰদান—মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল  প্ৰতিবেদক , ৰঙিয়া, ২৬ মাৰ্চঃ  প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ লগে লগে অহা ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুঙ্গত উঠিছে। আজি ৰঙিয়াত সন্ধিয়াৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।  । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিয়ে যোৱা পাঁচ বছৰত দুৰ্নীতিত জৰিত বহু বিষয়াক জেললৈ প্ৰেৰণ কৰিছে । এইখন চৰকাৰে যোৱা পাচ বছৰত দুৰ্নীতি মুক্ত অসম গঢ়িবলৈ চেষ্টা কৰি থকাৰ লগতে আগন্তুক দিনতো এই ধাৰা অব্যাহত ৰাখিব  । আনহাতে পৰবৰ্তী চৰকাৰ আহিলে মহিলা সকলক অৰুনোদয় আচঁনিৰ জৰিয়তে  আঠশ' ত্ৰিশ টকাৰ বিপৰীতে  তিনি হেজাৰ টকাকৈ দিয়াৰ উপৰিও দহ লাখ যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া হব বুলি প্ৰতিশ্ৰুতি দিয়ে ।  ইফালে অসমত বিজেপি চৰকাৰখনে সকলো ধৰ্মৰ জনসাধাৰণক সম অধিকাৰ প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী ৰঙিয়াৰ প্ৰাৰ্থী ভৱেশ

ধৰ্মপুৰত কংগ্ৰেছৰ গৰাখহনীয়া # শতাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

Image
আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অবস্থাত প্ৰতিটো সমষ্টিতে  আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি  ।  এটি দলৰ পৰা আনটো দললৈ যোৱাৰ যেন এক প্ৰতিযোগিতাহে  চলিছে । নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত বৃহস্পতি বাৰে কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে  ।  পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিষ্ণু দাসৰ নেতৃত্বত সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ শতাধিক নেতা কৰ্মীয়ে চামতা বালিপথাৰ স্থিত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে  । কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা আটাইকেইজনকে চন্দ্ৰ মোহন পাটোৱাৰীয়ে আদৰণি জনাই  । উল্লেখ্য যে ন-বিজেপি আটাইকেইজন প্ৰাক্তন মন্ত্ৰী নিলমনি সেন ডেকাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল । নিলমনি সেন ডেকাই কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত খৰ্গহস্ত হোৱাৰ লগতে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আটাইকেইজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে  । আগন্তুক নিৰ্বাচনত ধৰ্মপুৰৰ পৰা কেইবাহেজাৰ ভোটৰ ব্যৱধানত চন্দ্ৰ মোহন পাটোৱাৰীক জয় কৰাবলৈ সকলোৱে অংগীকা

ছোৱালীক শক্তিশালী কৰিবলৈ আৰু তেওঁলোকক বিদ্যালয়ত থকাত সহায় কৰিবলৈ হেবিটেট ফৰ হিউমেনিটি ইণ্ডিয়া সৈতে ইণ্ডোষ্টাৰ অংশীদাৰ

Image
ষ্টাফৰিপোৰ্টাৰ, ইণ্ডোষ্টাৰ হাবিটেট ইণ্ডিয়াৰ সৈতে গুৱাহাটীৰ জনতা হিন্দী বিদ্যালয় উচ্চ বিদ্যালয়ত এটা অনাময় কমপ্লেক্স নিৰ্মাণৰ সুবিধা প্ৰদান কৰিব হেবিটেট ইণ্ডিয়া শিক্ষাৰ্থী সকলক উন্নত পৰিচ্ছন্নতা অভ্যাস, স্বাস্থ্য আৰু অনাময় সৃষ্টি কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিব  গুৱাহাটীত ইণ্ডোষ্টাৰ কেপিটেল ফাইনেন্সৰ ফেগশীপ শাখা খোলাৰ সৈতে সংমিশ্ৰণ কৰা প্ৰকল্প   ভাৰতৰ আগশাৰীৰ নন-বেঙ্কিং ফাইনেন্স কোম্পানী ইণ্ডোষ্টাৰ কেপিটেল ফাইনেন্সে সমগ্ৰ দেশৰ বিদ্যালয়ত মুকলি শৌচ নিৰ্মূল কৰা আৰু সুৰক্ষিত পৰিচ্ছন্নতা বৃদ্ধি কৰাত সহায় কৰিবলৈ হেবিটেট ফৰ হিউমেনিটি সৈতে অংশীদাৰিত্ব কৰিছে।  এই অংশীদাৰিত্বৰ অধীনত, ইণ্ডোষ্টাৰে অসমৰ গুৱাহাটীত জনতা হিন্দী বিদ্যালয় উচ্চ বিদ্যালয়ত এক অপৰিষ্কাৰ অনাময় কমপ্লেক্স নিৰ্মাণত সহায় কৰিব, যি টো হেবিটেট ইণ্ডিয়াৰ দ্বাৰা কাৰ্যকৰী কৰা হ'ব। অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ দিশ হ'ব স্বাস্থ্যকৰ পৰিচ্ছন্নতা অভ্যাস, ঋতুস্ৰাৱৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু অনাময়ৰ ওপৰত শিক্ষাৰ্থীসকলক আচৰণ পৰিৱৰ্তন যোগাযোগ (বিচিচি) প্ৰশিক্ষণ প্ৰদান কৰা। নতুন অনাময় কমপ্লেক্সে মুখ্যতঃ প্ৰৱল সম্প্ৰদা

নগাঁও সদৰত বিজেপিৰ প্ৰচাৰ অভিযান অব্যাহত

নগাঁও সদৰত বিজেপিৰ প্ৰচাৰ অভিযান অব্যাহত ৷ ৰাজ্যখনৰ ভিতৰতে নগাঁৱক সুৰক্ষিত- বিকশিত অঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে-- ৰূপক শৰ্মা ৷ নগাঁৱৰ পৰা দ্বীপেন শইকীয়াঃ নগাঁও সদৰ সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। আজি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই সমষ্টিটো বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাই ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ২৪ মাৰ্চত প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত তুলসী দেউৰী, বুঢ়া গোহাঁই থান, মহমৰীয়া, নগাঁও চহৰৰ গান্ধী নগৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই বিজেপি আৰু অগপৰ স্থানীয় নেতা কৰ্মীক লগত লৈ এই অঞ্চল সমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে। নিৰ্বাচনী সভা সমূহত ভাষণ প্ৰদান কৰি তেওঁ কয়-  কোনো অপশক্তিয়ে যাতে অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব নোৱাৰে তাৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰিছে। আমাৰ মহিলা সকল যাতে অৰ্থনৈতিকভাবে সবল হ'ব পাৰে তাৰ বাবেও আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰি শৰ্মাই কয়- কংগ্ৰেছে এ আই ইউ ডি এফৰ দৰে দলৰ বোকোচাত উঠ

৮৪ নং বটদ্ৰৱা সমষ্টিত নিৰ্বাচনী চমক দুই মূল প্ৰতিদ্বন্দী দল কংগ্ৰেছ- বিজেপিৰ ।

৮৪ নং বটদ্ৰৱা সমষ্টিত নিৰ্বাচনী চমক দুই মূল প্ৰতিদ্বন্দী দল কংগ্ৰেছ- বিজেপিৰ ।  প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ভিন্ন জনৰ ৷ দ্বীপেন শইকীয়াঃনগাঁওঃ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ তাকে লৈ তৎপৰ হৈ পৰিছে  প্ৰতিটো ৰাজনৈতিক দল তথা বিভন্ন নেতাসকল ৷ তাৰ লগতে এতিয়া এজনে আনজনলৈ বোকা ছটিওৱাৰ ৰাজনীতিও আৰম্ভ হৈ পৰিছে ৷ ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নেতা সকলৰ লেকামহীন আচৰণে সমাজখনক বাৰুকৈয়ে বোকাময় কৰি তুলিছে। সৰ্বসাধাৰণ ভোটাৰ ৰাইজক চলাহী আৰু প্ৰলোভনৰ ৰাজনীতিৰ জৰিয়তে আকৃষ্ট কৰিবৰ কাৰনে ৰণ ক্ষেত্ৰত নামি পৰিছে প্ৰাৰ্থী সকল । ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিটো এতিয়া নিৰ্বাচনী যুঁজ খন বেছ জমিউঠা দেখিবলৈ পোৱা গৈছে। কোনোবে যদি খেল পথাৰত নামি খেলুৱৈৰ ৰূপত নিজকে  ধৰা দিছে আনজনে আকৌ মানৱীয় প্ৰমূল্যবোধ ৰাজনীতিৰে ভোটাৰ ৰাইজৰ কাষ চাপিছে । শেহতীয়াকৈ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যক বিবেক বান ভোটাৰ ৰাইজৰ লগতে সচেতন মহলৰ চকু কপালত তুলিছে । সকলোৱে বিজেপি প্ৰাৰ্থী গৰাকীয়ে নেত্ৰী গৰাকীৰ প্ৰতি দেখুওৱা আচৰণক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকা

জাজৰিৰ ভোমোৰাগুৰি পথাৰত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ মাৰ্চঃ প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি দলনি পথাৰৰ পিতনিত বৃহস্পতিবাৰে এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰক লৈ স্থানীয় অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্রে পোৱা খবৰ অনুসৰি, মুৰকে ধৰি দেহৰ বহু অংশ উৱলি যোৱা অচিনাক্ত মৃতদেহটো মাছ ধৰিবলৈ যোৱা স্থানীয় কেইবাগৰাকী মহিলাই মাছ ধৰি থাকোতে পিতনিৰ তলত প্ৰত্যক্ষ কৰি গাঁওবুঢ়াক খৱৰ দিয়ে । লগে লগে গাঁওবুঢ়াই জাজৰি আৰক্ষী থানাত খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, মৃতদেহটো উৱলি যোৱাৰ ফলত চিনাক্ত কৰিব নোৱাৰাৰ হেতু জাজৰি আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে ৷

মই হাজো সমষ্টিৰ নেতা নহয়, বেটাহে —মহাজোঁট কংগ্ৰেছৰ প্ৰাৰ্থী আনোৱাৰ হুচেইন (গণেশ)

Image
প্ৰতিবেদক , ৰঙিয়া, ২৫ মাৰ্চঃ তিনিবছৰ বয়সত ঠেলা চলাইছিলো, দহবছৰ বয়সত গাড়ী হেণ্ডিমেন কৰিছো। পোন্ধৰ-বিশ বছৰ বয়সত গাড়ী চলাইছো।ইয়াৰ পিছতে মই ৰাজনৈতিক ভাৱে সমাজত লাগি থাকি ৰাইজৰ লগত কাম কৰি আছো।এনেক্ষেত্ৰত ৰাইজেওঁ মোক পূৰ্ণ সহাৰি দি আছে।উল্লেখ্য ২০১৩ চনত মোৰ পত্নী গাঁও পঞ্চায়তৰ সভানেত্রী আছিল। ২০১৮ চনত মোৰ ভাইটি জিলা পৰিষদৰ সদস্য হৈ বৰ্তমানলৈ ৰাইজৰ কল্যাণাৰ্থে কাম কৰি আছে ।ইতিমধ্যে এইবেলি অসম বিধান সভা নিৰ্বাচনত ৫৫ নং হাজো বিধান সভা সমষ্টিৰ পৰা মোক যোগ্য প্ৰাৰ্থী হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । আৰু মই আশাবাদী এইবাৰ ত্ৰিশ হেজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰিম। লগতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদক শোচনীয় ভাৱে মাথোঁ পাঁচ হেজাৰ ভোটতে সীমিত ৰাখিম বুলি উদাক্ত ভাষণ ৰাখে আজি নিৰ্বাচনী কাৰ্য্যালয় উদ্ধোধন কৰি বালিসত্ৰ ধুহি বজাৰ চকত ৫৫ নং হাজো বিধান সভা সমষ্টিৰ মহাজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আনোৱাৰ হুচেইন (গণেশ)য়ে। লগতে তেওঁ ভোটাৰ ৰাইজক সম্বোধি কয় যে মই হাজো সমষ্টিৰ নেতা নহয়, বেটাহে ।লগতে কয় যে হোজ

ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অধীনত বঙাইগাঁও জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

Image
২ এপ্ৰিলত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সোণালী বান্দৰৰ খাদ্যৰ  বাবে ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ গছ পুলি ৰোপন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি  বঙাইগাঁওঃ ২৫ মাৰ্চঃ পৃথিৱী বিখ্যাত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ অন্যমত আবাস ভূমি হিচাপে পৰিচিত বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ ভূমিত ২ এপ্ৰিলত ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ খাদ্য উপযোগী গছ পুলি ৰোপন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড গঢ়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন তথা জিলা নিৰ্বাচনী বিষয়াই এক কাৰ্যসূচী হাতত লৈছে ৷ এই সন্দৰ্ভত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আয়োজিত এক সংবাদ মেলত জিলা উপায়ুক্ত তথা ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়া ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কয় যে আমি বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বিভিন্ন কাম - কাজ ৰূপায়ণৰ বাবে সোণালী বান্দৰক  নিৰ্বাচনৰ শুভাংকৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছো আৰু তাৰ নাম 'গোল্ডী' ৰাখিছো ৷ সেয়ে এতিয়া আমি গোল্ডীক অৰ্থাৎ সোণালী বান্দৰক লক্ষ্য কৰি এক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰি উলিয়াইছো ৷ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ কাষত যি ভূমি আছে সেই ভূমিত আমি সোণালী

চৰকাৰ গঠন কৰিলে লাভ জিহাদ আৰু লেণ্ড জিহাদ বন্ধ কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰা হ'ব- জানকী খাউণ্ড

Image
বঙাইগাঁৱত বিজেপিৰ সংকল্প পত্ৰ সন্দৰ্ভত সংবাদ মেল পাঁচ বছৰত গোটেইখিনি সমস্যা সমাধান কৰিবলৈ সময় কম হ'ল  বঙাইগাঁওঃ২৫ মাৰ্চঃ সমাগত অসম বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ ' সংকল্প পত্ৰ ' খন আজি দলটোৰ বঙাইগাঁও জিলা কাৰ্যলয়তো মুকলি কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁৱৰ দেউৰীপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ জানকী খাউণ্ডে দলটোৱে প্ৰকাশ কৰা নিৰ্বাচনী সংকল্প পত্ৰত সন্নিবিষ্ট মূল দহটা সংকল্পৰ বিষয়ে আলোকপাত কৰে ৷ ৰাজ্যিক মুখ্য পাত্ৰ গৰাকীয়ে কয় যে এখন বিকশিত , সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম গঢ়াৰ লক্ষ্যৰে বিজেপি দলে ২০১৬ চনৰ পৰাই জাতি- মাটি- ভেঁটি ৰক্ষাৰ উদ্দেশ্যে অহোপুৰুষাৰ্থে চেষ্টাৰ কোনো ক্ৰটী এৰা নাই ৷ তাৰে প্ৰেক্ষাপটত দলে গুৰুত্বসহকাৰে দহটা প্ৰগতিশীল সংকল্প হাতত লৈছে ৷ অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ বিজেপি দল পুনৰ এবাৰ শাসনলৈআহিব বুলি আশা ৰাখিছো ৷ লগতে এই সংকল্পসমূহ আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ মুখপাত্ৰগৰাকীয়ে সংকল্প পত্ৰত সন্

নিউ বঙাইগাঁও ৰে'লৱে জংচনত ৰে'লৰ ডবাৰ পৰা সুৰাসহ দুজনক আটক

Image
নিজকে দিছিল সেনা বাহিনীৰ লোক বুলি পৰিচয়   বঙাইগাঁওঃ ২৫ মাৰ্চঃ নিউ বঙাইগাঁও ৰেলৱে জংচনত আজি ০২৫১৪ নম্বৰ নামনিমুৱা ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ ৰে'ল খনৰ পৰা দুজন ভুৱা সেনা বাহিনীৰ লোকক ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে আটক কৰাৰ লগতে লোক দুজনৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰাও জব্দ কৰে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ৰে'লখনত তালাচী চলাই থকা ষ্টেটিক ছাৰ্ভিলেন্সৰ দলটোৱে সাধাৰণ শ্ৰেণীৰ ডবাত তালাচী চলাওঁতে সুশান্ত প্ৰধান আৰু দেৱ প্ৰধান প্ৰসাদ নামৰ দুজন ব্যক্তিয়ে কঢ়িওৱা তিনিখন বেগৰ পৰা ১৩৪ টা বিলাতী সুৰা উদ্ধাৰ কৰে ৷ ব্যক্তি দুজনে  প্ৰথমে নিজকে সেনা বাহিনীৰ লোক বুলি পৰিচয় দিছিল যদিও তেওঁলোকে সেনা বাহিনীৰ কোনো সঠিক পৰিচয় পত্ৰ প্ৰদান কৰিব পৰা নাছিল ৷ ইয়াৰ পিছতে ছাৰ্ভেলেন্সৰ দলটোৱে  সুশান্ত প্ৰধান আৰু দেৱ প্ৰধান প্ৰসাদ নামৰ লোক দুজনক আটক কৰে ৷ সুৰা খিনি অৰুণাচলৰ পৰা লৈ অহাৰ লগতে উৰিষ্যাৰ কটকলৈ লৈ গৈ আছিল বুলি ধৃত ব্যক্তি দুজনে স্বীকাৰ কৰে ৷ 

এলাগী হব ধৰিছে নেকি নৱ কুমাৰ দলে?

Image
দীপজ্যোতি ডেকা : উত্তৰ অসমৰ লখিমপুৰ জিলাৰ অন্যতম সমষ্টি ঢকুৱাখানাৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী নৱ কুমাৰ দলে এতিয়া দলত এলাগী হব ধৰিছে নেকি? শেহতীয়াকৈ ৰাজনৈতিক মহলত এই চৰ্চা চলি অহাৰ মাজতে কালি বিহপুৰীয়া্ সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত উপস্থিত নাথাকিল মন্ত্ৰীগৰাকী। লখিমপুৰ জিলাৰ আন তিনিওটা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকল উপস্থিত থকাৰ বিপৰীতে উপস্থিত নাথাকিল মন্ত্ৰী দলে। উল্লেখ্য যে শেহতীয়াকৈ নৱ দলেই নিজেই দলৰ একাংশ কৰ্মীয়ে তেঁওৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱা বুলি মন্তব্য কৰিছিল। লক্ষণীয় কথাতো হল যে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো কেবাৱাৰো লখিমপুৰ-ধেমাজিলৈ গৈছে যদিও এবাৰো ঢকুৱাখানালৈ যোৱা। এই সকলো কথা বিবেচনা কৰি এতিয়া সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলত চৰ্চা চলিছে যে ক্ৰমান্বয়ে এলাগী হৈ পৰিছে নেকি নৱ দলে?

বটদ্ৰৱাত আঙুৰলতাৰ হৈ শেষ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

Image
দেৱব্ৰত বৰা,বেবেজীয়া,২৫ মাৰ্চ:  পদুলি মুখত বিধানসভা নিৰ্বাচন। অাজি প্ৰথম পৰ্যায়ৰ  নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন।  সমষ্টিয়ে সমষ্টিয়ে চলিছে নিৰ্বাচনীৰ শেষ প্ৰচাৰ। সমান্তৰালকৈ বৃহস্পতিবাৰে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই। ৮৪ নং বটদ্ৰৱা সমষ্টিৰ নিজ কপাহেৰা খেলপথাৰৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ ৰেলীৰ সৈতে শেষ প্ৰচাৰ চলালে পিয়ুষ হাজৰিকাই। নিৰ্বাচনী প্ৰচাৰৰ চমক দেখুৱাই উলিয়ালে এক বিশাল ৰেলী ।  সমষ্টিৰ বিভিন্ন অঞ্চলৰ মাজেৰে এই শোভাযাত্ৰাই সমষ্টিৰ মূল কেন্দ্ৰস্থান সমূহ পৰিভ্ৰমন কৰে। কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ শিল্পী কলাকুশলীৰ গীতৰ তালে তালে নাচি বাগি  বটদ্ৰৱা সমষ্টিৰ  কপাহেৰাৰ পৰা শুভাৰম্ভ হোৱা বিশাল শোভাযাত্ৰাত   ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে অভিনেতা যতীন বৰা, নয়ন নিৰ্বানে আঙুৰলতাৰ হৈ প্ৰচাৰ চলায় । বিশাল ৰেলীত অাঙুৰলতা ডেকাই নিজ কণ্যা নমামীক লগত লৈ শেষ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় । মন্ত্ৰী পিয়ুষ হাজৰিকাই বটদ্ৰৱাত উপষ্ঠিত হৈ মহাজোট কংগ্ৰেছৰ  প্ৰাৰ্থী শিৱামনি বৰাক ক্ষুৰধাৰ সমালোচনা কৰি বিডিঅ' হৈ থকা সময়ত

বঙাইগাঁৱত 'কা' বাতিলৰ দাবীত আছুৰ এঘাৰ ঘণ্টীয়া অনশন

Image
বঙাইগাঁওঃ ২৪ মাৰ্চঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী আইন - ২০২১ বাতিলৰ দাবীত আছু কৰ্মীসকলে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আছুকৰ্মীসকলে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱন প্ৰাংগণত  পুৱা ৯ বজাৰ পৰা নিশা ৮ বজালৈ এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অনশন কাৰ্যসূচীত উপস্থিত থাকি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ ৰায় চৌধুৰীয়ে চৰকাৰলৈ সকিয়াই দি কয় যে 'কা' আমি কেতিয়াও গ্ৰহণ কৰা নাছিলোঁ, ভৱিষ্যতেও গ্ৰহণ নকৰো আৰু এই 'কা' অসমৰ বাবে গ্ৰহণযোগ্য নহয় ৷ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে বিগত ২০১৯ বৰ্ষৰ ১০ ডিচেম্বৰৰ পৰা বঙাইগাঁৱত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই কথা বঙাইগাঁওবাসী ৰাইজ জ্ঞাত ৷ সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱত কি কাৰণত উত্তপ্ত পৰিস্থিৰ হৈছিল সকলোৱে জানে ৷ গতিকে এনেকুৱা আইন অসমৰ ৰাইজৰ লগতে আছুই কেতিয়াও গ্ৰহণ নকৰে ৷ প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আক্ৰাছু আৰু অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিজেপি মিত্ৰ জোটক সমৰ্থন

Image
বঙাইগাঁওঃ ২৪ মাৰ্চঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই মঙলবাৰে বঙাইগাঁৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি জনজাতিকৰণ আৰু কমতাপুৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰাত সমাগত বিধান সভা নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ তথা ভোট নিদিবলৈ জনগোষ্ঠীটোৰ ৰাইজক আহ্বান জনোৱাৰ পিচতে এতিয়া আক্ৰাছুৰ একাংশ নেতাৰ মাজত লাগিছে হাহাকাৰ ৷ বিশেষকৈ শেহতীয়াভাৱে বিজেপি চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আৰু উন্তনয়ন পৰিষদত স্থান লাভ কৰা আক্ৰাছুৰ নেতা- কৰ্মীসকলৰ মাজত সংগঠনটোৰ নেতৃত্বই জনোৱা আহ্বানকলৈ এতিয়া সেইসকল নেতা যেন বিপদত পৰিছে ৷ যাৰ বাবে বিজেপি দলৰ গুণ গাবলৈ উঠি পৰি লাগিছে এইসকল নেতা ৷ কাৰণ বিজেপি চৰকাৰৰ কৃপাত পদবী লাভ কৰাৰ পিচত সেই দলটোক বিৰোধ কৰে কেনেকৈ ৷ সেয়ে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদ আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদত স্থান লাভ কৰা সংগঠনটোৰ নেতাসকলক অব্যাহতি দিয়া বুলি ঘোষণা কৰাৰ লগতে খালী হোৱা পদত আনক দায়িত্ব দিয়াৰ পিচতো এইসকল নেতাই এতিয়াও নিজকে পদবীত থকা বুলি দাবী কৰি আজ

শালবাৰী মহাবিদ্যালয়ত ভোটাধিকাৰ সজাগতা কাৰ্যসূচী

Image
সঞ্জীৱ দাস, বজালী, ২৪ মাৰ্চঃ বজালী জিলা প্ৰশাসনৰ নিৰ্বাচন সংক্ৰান্তীয় SVEEP কোষৰ উদ্যোগত আজি শালবাৰী মহাবিদ্যালয়ত ভোটাধিকাৰ, ভোটদান আদিৰ প্ৰসংগত এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।শালবাৰী মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ আজি অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত বজালী জিলা SVEEP কোষে সজাগতাৰ কাৰ্যসূচী মনোজ্ঞ ৰূপত পৰিবেশন কৰে। মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু শিক্ষাৰ্থীৰ জনাকীৰ্ণ সমাবেশত কাৰ্যসূচীৰ লগত ৰজিতা খুৱাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক অৰিন্দম তালুকদাৰে ভোটদানৰ গুৰুত্ব,গণতন্ত্ৰৰ প্ৰমূল্য আৰু ভোটদান প্ৰক্ৰিয়া যে নাগৰিকৰ এটা অনিবাৰ্য কৰ্তব্য সেই সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা আগব়ঢায়। আনহাতে, ভোটদান কিয় আৰু কেনেকৈ কৰিব লাগে সেই সম্পৰ্কত কোষৰ ফালৰ পৰা হেমাংগ তালুকদাৰে শিক্ষাৰ্থীক বুজাই কয়। এই গুৰুত্বপূৰ্ণ আৰু মনোজ্ঞ অনুষ্ঠানত  মহাবিদ্যালয়ৰ অধ্যক্ষ জগত চন্দ্ৰ বসুমতাৰী, বিবি কিষান মহাবিদ্য়ালয়ৰ অধ্যক্ষ কেশৱ বসুমতাৰী,বজালী জিলা মেডিয়া কোষৰ পুলু কুমাৰ শৰ্মা, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে। উল্লেখ্য যে, শিক্ষাৰ্থীসকলক ভোটাধিকাৰ সজাগতা বিষয়ক প্লে কাৰ্ড, বেনাৰ