বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি

বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। এই বতাহ গতানুগতিক যদিও কিছু ব্যতিক্ৰমী কাণ্ড কাৰখানাই বহুদলীয় নিৰ্বাচনকেন্দ্ৰিক গণতান্ত্ৰিক ব্যৱস্থাক কিন্ত একপ্ৰকাৰ বহুৱালিত পৰিণত কৰা দেখা গৈছে। বহুদলীয় সংসদীয় গণতান্দ্ৰিক ব্যৱস্থাত ভিন্ন নীতি-আদৰ্শগত দলসমূহৰৰ পৰস্পৰৰ মাজত সংঘাত হব লাগে আদৰ্শৰ ভিত্তিত। যুক্তি তৰ্ক হব পালে নীতিগত দিশত। কিন্তু আজিৰ ব্যৱস্থাটো যেন সম্পূৰ্ণ সলনি হৈ পৰিছে। ব্যক্তিগত আক্ৰোশ, ব্যক্তিগত আক্ৰমণ, সুবিধা-ক্ষমতা নাপালেই দল বাগৰা, দলৰ মানুহেই ক্ষমতাৰ মোহত অন্ধ হৈ নিজৰ দলৰেই প্ৰাৰ্থীক হৰুৱাবলৈ যত্ন কৰা আদি লক্ষণসমূহে কিন্তু বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি জনতাৰ আস্থাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিছে। তাতে আকৌ ক্ষমতা হস্তগত কৰাৰ ক্ষেত্ৰতে ভিন্ন বাদসমূহ এতিয়া যেন তথাকথিত হৈ পৰিছে। কি ৰাষ্ট্ৰবাদ, কি জাতীয়তাবাদ, কি আঞ্চলিকতাবাদ সকলো যেন এতিয়া ভিত্তিহীন হৈ পৰিছে। ৰাজনৈতিক জগতখনৰ লগত জড়িত প্ৰতিজন ব্যক্তি, গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি দায়বদ্ধ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসনূহে এই কথাবোৰত অধিক নজৰ দিয়াৰ সময় আহি পৰিল। অন্যথা সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি একাংশ জনতাৰ মাজত আস্থাহীনতাৰ যি বীজ ৰোপন হৈছে সি বটবৃক্ষৰ ৰূপ ললে তাক উভালি পেলোৱাতো কাৰো বাবে সহজ নহব। নিউজ ডেস্কৰ পৰা অপৰ্না গগৈ, firstnewsreport

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা