বজালীত প্ৰাৰ্থীৰ ব্যয়ৰ খতিয়ান ল'লে পৰ্যবেক্ষকে

সঞ্জীৱ দাস, বজালী, ২৮ মাৰ্চঃ বজালী  জিলাৰ ভৱানীপুৰ আৰু  পাটাছাৰকুছি সমষ্টিৰ যিসকল প্ৰাৰ্থীয়ে বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ  হৈছে, তেওঁলোকৰ  নিৰ্বাচনকেন্দ্ৰিক  ব্যয়ৰ খতিয়ান  সমষ্টি  দুটাৰ  ব্যয়  পৰ্যবেক্ষকে  পৰীক্ষা  কৰে। উল্লেখিত দুয়োটা  সমষ্টিৰ  বাবে  ভাৰতৰ  নিৰ্বাচন আয়োগে নিযুক্ত  কৰা  ব্যয়  পৰ্যবেক্ষক  চিত্তৰঞ্জন ঢংগদা  মাঝিয়ে  প্ৰাৰ্থী সকলে দাখিল  কৰা  খৰচৰ  হিচাব আৰু  তহবিল  পৰীক্ষা  কৰে । দণ্ডাধীশ প্ৰাঞ্জল প্ৰতীম কোৱৰে  জনোৱা অনুসৰি,  নিৰ্বাচনত  ধনবল আৰু  সুৰাৰ অপব্যৱহাৰ  ৰোধ  কৰাৰ  বাবে বজালী  জিলা  প্ৰশাসনে ব্যাপক  তৎপৰতা  অব্যাহত  ৰাখিছে।  বজালী  জিলাৰ   ভিন্ন   প্ৰান্তত  ইতিমধ্যে স্থিৰ নিৰীক্ষণ দলে তালাচী  চলাই  পাটাছাৰকুছি  সমষ্টিত  নগদ ধন তিনি লাখ বাইছ হেজাৰ  আশী  টকা   জব্দ  কৰাৰ  উপৰিও  আৰক্ষী আৰু  আবকাৰীৰ  অভিযানত বিলাতী  আৰু  দেশীয়  সুৰাও  জব্দ  কৰা  হয়। ভৱানীপুৰ  সমষ্টিত  স্থিৰ নিৰীক্ষণকাৰী দলে  নগদ এক লাখ দহ হেজাৰ টকা জব্দ কৰাৰ  উপৰিও  আবকাৰী আৰক্ষীৰ যৌথ অভিযানত  বিলাতী  আৰু  দেশীয়  সুৰাও  জব্দ  কৰা  হয়।
আনফালে, কালি  বজালী  জিলাৰ  উপায়ুক্তৰ  কাৰ্যালয়ৰ সভা কক্ষত প্ৰতিদ্বন্দ্বিতাত  অৱতীৰ্ণ  প্ৰাৰ্থী আৰু  তেওঁলোকৰ  এজেণ্টসকলৰ  স'তে  পৰ্যবেক্ষক   মাঝি  আৰু  সাধাৰণ  পৰ্যবেক্ষক এছ  গণেশ  এক  অলোচনাত  মিলিত  হয়। পৰ্যবেক্ষকদ্বয়ৰ  অধ্যক্ষতাত  অনুষ্ঠিত  এই  সভাত  জিলা  নিৰ্বাচনী  বিষয়া  হেমাশ্ৰী  খনিকৰে  সকলোকে  আদৰণি  জনায়। পৰ্যবেক্ষকদ্বয়ে  প্ৰাৰ্থী সকলক  হিচাব নিকাচ শৃঙ্খলাপূৰ্ণভাৱে ৰাখিবলৈ আহ্বান জনায় আৰু  ক'ভিড  বিধি  মানি চলিবলৈও  পৰ্যবেক্ষকদ্বয়ে প্ৰাৰ্থী সকলক  নিৰ্দেশনা  দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা