কপিলীৰ ২২ বিদ্যালয়ত একেদিনাই বিজ্ঞান-গণিতৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

দেৱব্ৰত বৰা,বেবেজীয়া, ২০ মাৰ্চ:বিজ্ঞান আৰু গণিত বিষয়টি উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আমোদজনক কৰি তোলাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা মিচন,অসমৰ দ্বাৰা প্ৰতিখন উচ্চ প্ৰাথমিক-মাধ্যমিক বিদ্যালয়ত ৰূপায়ণ কৰা হৈছে বিজ্ঞান-গণিতৰ ক্লাৱ গঠন কাৰ্যসূচী।"ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযান'ৰ অধীনত আজি মৰিগাঁও জিলাৰ কপিলী খণ্ড সমল কেন্দ্ৰৰ অধীনৰ ২২ খনকৈ বিদ্যালয়ত একেদিনাই বিজ্ঞান-গণিতৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে বিজ্ঞান বিষয়ক কৰ্মশালাও অনুষ্ঠিত হয়।            
এই কাৰ্যসূচীয়ে সামৰি লোৱা কপিলী খণ্ডৰ বিদ্যালয়সমূহ হৈছে জৰাবাৰী ছহিদ হেমৰাম পাটৰ মাধ্যমিক বিদ্যালয়, ৰজাপুখুৰী বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়, নিজ মিকিৰগাঁও চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়,বাৰপুজীয়া গাৰ্লচ হাইস্কুল,অলকাপুৰ এচ.এচ.কে হাইস্কুল,চৰাইবাহী মজলীয়া বিদ্যালয়, চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পটুৱাকাটা মজলীয়া বিদ্যালয়,দন্দুৱা মজলীয়া বিদ্যালয়,ইছল‍ামপুৰ এম.ই মাদ্ৰাছা,জালুগুটি গালৰ্ছ একাডেমি মধ্য ইংৰাজী বিদ্যালয়, জালুগুটি হাইস্কুল,খন্দাপুখুৰী এম.ই এম, মাছখোৱা কাঁহিবাৰী এম.ই,বনপাৰা গাৰ্লছ এম.ই, দন্দুৱা হাইমাদ্ৰাছা, দন্দুৱা হাইস্কুল,চৰাইবাৰী গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছহিদ তিলক ডেকা হাইস্কুল, বেজবৰুৱা আদৰ্শ হাইস্কুল, ভোমোৰাগুৰি হাইস্কুল আৰু পটুৱাকাটা হাইস্কুল। কপিলী শিক্ষাখণ্ডৰ অধীনৰ জালুগুটি গাৰ্লছ একাডেমি এম.ই বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ প্ৰাচীৰ পত্ৰিকা উন্মোচনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱাই। ইয়াৰ পাছতে দন্দুৱা মজলীয়া বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সমগ্ৰ শিক্ষা অভিযানৰ মৰিগাঁও জিলাৰ আচনি বিষয়াদ্বয় ক্ৰমে লক্ষ্মীনন্দন শইকীয়া আৰু ৰাজেন গোস্বামীয়ে। লগতে কপিলী খণ্ডৰ অন্য ২০ খন বিদ্যালয়ত বিজ্ঞান-গণিতৰ প্ৰাচীৰ পত্ৰিকাসমূহ উন্মোচন কৰে সংশ্লিষ্ট বিদ্যালয়ৰ স্থানীয় বিশিষ্ট ব্যক্তিসকলে। ইপিনে, দিনজোৰা কাৰ্যসূচীৰ অংশৰূপে বিদ্যালয়সমূহত বিজ্ঞান বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হয় য'ত কপিলী খণ্ডৰ জ্যেষ্ঠ গাণনিক সৌমিত্ৰ পাল,চি আৰ চি চি সকল ক্ৰমে দেবদত্ত দাস, গিৰীণ বৰকাকতি, পাৰ্থ প্ৰতিম দেৱনাথ, ৰঞ্জনজ্যোতি মহন্ত, প্ৰণৱজ্যোতি নাথ, জয়শ্ৰী শইকীয়া, সঞ্জীৱ নাথ, গকুল নাথ,হেমন্ত বৰাকে ধৰি  বিদ্যালয়সমূহৰ শিক্ষকসকল উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীসকলক বিজ্ঞান-গণিতৰ বিভিন্ন কৌশল শিকোৱাৰ লগতে দৈনন্দিন জীৱনত বিজ্ঞান-গণিতৰ অপৰিসীম ব্যৱহাৰ সন্দৰ্ভত বক্তব্য ৰাখে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা