গুৱাহাটীৰ ছুপাৰস্পেচিয়েলিটি চকু চিকিৎসালয় ৰেটিনা চেণ্টাৰে লাভ কৰিলে সন্মানীয় “ৱৰ্ল্ড চিএছআৰ ডে’ এৱাৰ্ড”ৰেটিনা চেন্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ফাৰহাদ আহমেদ বৰ্ষশ্ৰেষ্ঠ বিজনেছ লিডাৰ হিচাপে পুৰস্কৃত


ষ্টাফৰিপোৰ্টাৰ: বাণিজ্যিক নেতৃত্বৰ ক্ষেত্ৰত উৎকর্ষ সাধনৰ এক আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ৱৰ্ল্ড চিএছআৰ ডেই অলপতে গুৱাহাটীৰ ৰেটিনা চেন্টাৰৰ মুখ্য কাৰ্যনিৰ্বাহক বিষয়া ফাৰহাদ আহমেদক ইয়াৰ ১৯তম বৈশ্বিক সংস্কৰণ তথা চতুর্থ ভাৰতীয় সংস্কৰণত বিজনেছ লিডাৰ অৱ দ্য ইয়েৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। উল্লেখ্য যে ৰেটিনা চেন্টাৰ (টিআৰচি) ত কৰ্মৰত সকলোৰে বাবে এয়া এক ব্ৰেণ্ড এক্সেলেন্স স্বীকৃতি যিয়ে চিকিৎসা প্ৰতিষ্ঠানটোৰ মুখ্য উদ্দেশ্যক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্রম কৰি আহিছে।
এই সন্মান গ্ৰহণ কৰি ৰেটিনা চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ফাৰহাদ আহমেদে কয়, "এনে ধৰণৰ পুৰস্কাৰে আমাৰ দলৰ সদস্যসকলৰ মনোবল বৃদ্ধিত যথেষ্ট সহায় কৰে। কম খৰচতে গুণগত মান চকুৰ যত্ন আমি আগবঢ়াই আহিছো, যি সকলোৰে বাবে ব্যয়সাধ্য। ইয়াৰ বাবে উন্নত আন্তঃগাঁথনি, দক্ষ কর্মী আৰু ব্যৱসায়িক প্রক্রিয়া নিখুঁতভাবে বাস্তৱায়িত কৰাৰ প্রয়োজন।“

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা