গোৱালপাৰাত ৫০ মনোনয়ন বৈধঃ২ নাকচঃ২২ মাৰ্চত প্ৰকাশ পাব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা

অহা ৬ এপ্ৰিল তাৰিখে  অনুষ্ঠিত হ’বলগীয়া  তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত গোৱালপাৰা জিলাৰ চাৰিটা বিধান সভা সমষ্টিৰ বাবে  মনোনয়ন  পত্ৰ দাখিলৰ অন্তিম দিনা ১৯ মাৰ্চ লৈকে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ ৫২ গৰাকী  প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ আজি আছিল মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ দিন ৷ মনোনয়ন পত্ৰ সমূহ পৰীক্ষাৰ অন্তত ৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ বাবে মনোয়ন দাখিল কৰা আবুল কালাম আজাদ আৰু ৰফিকুল হুছেইন মণ্ডলৰ মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৩৯ নং জলেশ্বৰ সমষ্টিৰ ৰিটাৰনিং বিষয়াই জানিবলৈ দিয়ে ৷ মনোনয়ন পত্ৰ সমূহ পৰীক্ষাৰ অন্তত গোৱালপাৰা জিলাৰ চাৰিওটা বিধান সভা সমষ্টিৰ বাবে মুঠ ৫০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই জানিবলৈ দিয়ে ৷ ইয়াৰ ভিতৰত ৩৬ নং দুধনৈ (জনজাতি) বিধান সভা সমষ্টিৰ বাবে ৮ গৰাকী, ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে ১৫ গৰাকী, ৩৮ নং গোৱালপাৰা পশ্চিমৰ বাবে ১৮ গৰাকী আৰু ৩৯ নং জলেশ্বৰ সমষ্টিৰ বাবে ৯ গৰাকী প্ৰাৰ্থীসহ মুঠ ৫০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি ঘোষিত হৈছে ।  উল্লেখযোগ্য যে অহা ২২ মাৰ্চৰ বিয়লি ৩ বজালৈ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ সময়সীমা আৰু ৩ বজাৰ  পিছত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব ৷ আজি ৩৭ নং গোৱালপাৰা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰ  সমূহ পৰীক্ষা কৰাৰ সময়ত ৰিটাৰ্ণিং বিষয়া তথা  জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগত সমষ্টিটোৰ বাবে নিযুক্তি দিয়া সাধাৰণ  পৰ্যবেক্ষক প্ৰৱীণ দাৰাদে উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেব নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা