বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সভা

শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন উন্নতিয়েই আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য - দিলীপ দত্তচৌধুৰী 


বঙাইগাঁওঃ ১৩ মাৰ্চঃ শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন উন্নতিয়েই আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য ৷ এই মন্তব্য অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ ( এজবেক) ৰ কাৰ্যকৰী সভাপতি দিলীপ দত্তচৌধুৰীৰ ৷ আজি বঙাইগাঁও  জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ এখন সাধাৰণ সভাত কাৰ্যকৰী সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে যোৱা ১৩ ফেব্ৰুৱাৰীত অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাৰ লগত সংগতি ৰাখি উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত বঙাইগাঁও জিলা জাতীয়  বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ এখন সাধাৰণ সভা  অনুষ্ঠিত হয় ৷ জিলা সভাপতি আউয়াল মজিদে সভাপতিত্ব কৰা সভাখনত জিলা সমিতিৰ সম্পাদক অশোক দাসে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰী অনুমতি, পঞ্জীয়ণ তথা অসম জাতীয় বিদ্যালয়ৰ নীতি - নিৰ্দেশনা সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায় ৷ সভাত বঙাইগাঁও জিলাকে আদি কৰি অসমৰ চুকে কোণে স্থাপন কৰা জাতীয় বিদ্যালয়সমূহৰ সাংগঠনিক, শৈক্ষিক,সাংস্কৃতিক আদি সকলো দিশ সামৰি আলোচনা কৰাৰ অন্তত বিদ্যালয়সমূহৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে কিছু কাৰ্যপন্থা গ্ৰহণ কৰা হয় ৷ সভাত এজবেকৰ কাৰ্যকৰী সভাপতি দিলীপ দত্তচৌধুৰীৰ উপৰিও অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধী আৰু উপাধ্যক্ষ ৰবীন্দ্ৰ বৰ্মন উপস্থিত থাকে ৷ সভাত বিদ্যালয়খনৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী কৰবী কংকনা ৰাজ কাশ্যপ দাসে আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় ৷ উল্লেখ্য যে সাধাৰণ সভাত অৰুণ ৰায়ক সভাপতি , অশোক দাসক কাৰ্যকৰী সভাপতি আৰু আলাউদ্দিন  শ্বৰীফক সম্পাদক হিচাপেলৈ ১৯ জনীয়া বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিখন গঠন কৰা হয় ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা