হাজাৰ হাজাৰ সমৰ্থকক লৈ আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত হাজো সমষ্টিৰ অজাপ ৰ প্ৰাৰ্থী দুলু আহমেদৰ মনোনয়ন দাখিল

পঙ্কজ নাথ, চাংসাৰি, ১৮ মাৰ্চ :

কামৰূপ নিৰ্বাচন জিলাৰ হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদে আজি কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ত নিজৰ মনোনয়ন সদলবলে আহি দাখিল কৰে। মনোনয়ন দাখিলৰ পিছত সাংবাদিকৰ সহিতে মুখামুখি হৈ নিজৰ সমষ্টি উন্নয়নৰ কথা কৈ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ সন্দৰ্ভত সাংবাদিকৰ সন্মূখত বিভিন্ন টিপ্পনি আগবঢ়াই। তেওঁ কয় যে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আমেৰিকা ৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থী হোবাৰ যোগ্য।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উচিত সুমন হৰিপ্ৰিয়াই।
হাজো বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদে মনোনয়ন পত্ৰ দাখিল কৰি বিধায়ক পদৰ বাবে সুমন হৰিপ্ৰিয়া যোগ্য নহয় বুলি কৰে টিপ্পনী।
গোবৰেৰে কৰোণাৰ ভেকচিন প্ৰস্তুত কৰা সুমন হৰিপ্ৰিয়াৰ বাবে হাজোবাসী লজ্জিত বুলি মন্তব্য দুলু আহমেদৰ। 
 হাজোত কংগ্ৰেছ প্ৰতিদ্বন্দিতাতে নাহে বুলিও মত প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা