বঙাইগাঁৱত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে বাইক ৰেলী

বঙাইগাঁওঃ ২৬ মাৰ্চঃ  অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগা অসম বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ  ২৬০ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে বঙাইগাঁও জিলা প্ৰশাসনে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে । আনহাতে নিৰ্বাচন আয়োগে ১০০ শতাংশ ভোটগ্ৰহণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰাত সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও অব্যাহত ৰাখিছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৷ বঙাইগাঁও জিলা প্ৰশাসনে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ দিনৰ পৰাই সকলো ভোট গ্ৰহণ কেন্দ্ৰতে ১০০ শতাংশ ভোটগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াসৰে সমষ্টিটোৰ সকলো জাতি,ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্ভয়ে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰি গণতন্ত্ৰ মোৰ ভেঁটি মজুত হওক শীৰ্ষক শ্লোগানেৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই পদক্ষেপৰ অংশ হিচাপে শুকুৰবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণৰ পৰা পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনৰ অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ বাইক ৰেলী উলিওৱা হয় । জিলা উপায়ুক্ত তথা  জিলা নিৰ্বাচনী বিষয়া ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াই এই বাইক ৰেলী আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে ৷ এই উলক্ষে নিজৰ ভাষণত উপায়ুক্তগৰাকীয়ে সমষ্টিটোত মহিলা ভোটাৰৰ সংখ্যা সৰ্বাধিক বুলি কৈ কয় যে এইটো আমাৰ সকলোৰে বাবে এটা ডাঙৰ কৃতিত্ব। উল্লেখ্য যে এই বাইক ৰেলী উপায়ুক্তগৰাকীৰ লগতে  উপায়ুক্ত কাৰ্যালয়ৰ বয়োজ্যেষ্ঠ কৰ্মচাৰী তিনিগৰাকীৰ দ্বাৰা পতাকা জোকাৰি শুভাৰম্ভ কৰা হয়। এই বাইক ৰেলী বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ভাৰতী মটৰচ, ছাপাগুৰী, ঢালিগাঁও বজাৰ, ভাওলাগুৰী, নিউ-বঙাইগাঁও ,ভাকাৰিভিটা ,ছহিদ বেদী, বৰপাৰা বাচ ষ্টেণ্ড আদি সাঙুৰি লৈ স্থানীয় বঙাইগাঁও গান্ধী ময়দানত সমাপ্ত কৰা হয় । এই বাইক ৰেলী শুভাৰম্ভ অনুষ্ঠানত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত জায়েদ চিষ্টি , অতিৰিক্ত উপায়ুক্ত ডাঃ তহিদুৰ ৰহমান , বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন , সহকাৰী আয়ুক্ত শিৱাংশ অৱস্থি,  শিল্পীৰেখা পণ্ডিত, ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া কবিতা ডেকাসহ কাৰ্যালয়টোৰ বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে ।


প্ৰণৱ কুমাৰ ডেকা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা