ধিং সমষ্টিৰ আঠ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী ই ভি এমত

আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ধিং সমষ্টিৰ  আঠ জন প্ৰাৰ্থীৰ ভাগ্য বন্দি হ'ল ই ভি এমত। 
ধিং সমষ্টিত ই ভি এমত বন্দি হ'ল আমিনুল সহ আঠ জন প্ৰাৰ্থীৰ ভাগ্য। প্ৰতিজন প্ৰাৰ্থীয়ে নিজৰ বিজয়ক লৈ আত্মবিশ্বাসী । তথাপি সমষ্টি টোত আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী মেহবুব মোক্তাৰৰ মাজত দুইকোনীয়া  প্ৰতিদ্বন্দিতা হব বুলি চৰ্চা চলিছে।চাৰি বজালৈ সমষ্টি টোত ভোট পুলিঙৰ পৰিমান ৭০ শতাংশতকৈ অধিক। একোটা ভোট কেন্দ্ৰত ৯০ শতাংশ পৰ্যন্ত ভোট পুলিং হৈছে ধিং সমষ্টিত। সংবাদ কৰ্মী মেহবুব মোক্তাৰ, পত্নী সহ ভোট প্ৰদান কৰি আত্মবিশ্বাসেৰে কলে মোক নিৰ্বাচন কৰক। মই অন্ধকাৰ সমষ্টি টোত চাকি জ্বলাম একেদৰে বিজেপিৰ সঞ্জিৱ বৰা, আৰ চি পি আইৰ ইনামুল হুদা, আৰু আমিনুল ইছলামৰো বিশ্বাস - জনতা জনাৰ্দনে জয়ী কৰিব তেওঁলোকক।

* মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমান।*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা