নগাঁৱত দুই ভাতৃৰ নিৰ্বাচনী যুঁজকলৈ সৰৱ চৰ্চা≈≈কোনে মাৰিব শেষ হাঁহি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ মাৰ্চঃ অসম বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহনলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী ৷ সেয়ে প্ৰাৰ্থীসকলৰ মাজত চলিছে কি দৰে প্ৰতিদণ্ডী প্ৰাৰ্থীক পৰাজিত কৰিব পাৰি তাৰেই আখৰা ৷ ইয়াৰ ব্যতিক্ৰম নহয় ৮৬ নং নগাঁও সদৰ সমষ্টিও ৷ দুই ভাতৃৰ প্ৰতিদণ্ডিতাক লৈ বেছ চৰ্চাত থকা সমষ্টিটোত  কংগ্ৰেছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই সমষ্টিৰ গৰিষ্টসংখ্যক কংগ্ৰেছ সমৰ্থকে যোৱা দিনবোৰত দল ত্যাগ কৰি বিজেপিমুখী ঢৌৰ সৃষ্টি কৰি সমষ্টিটোত কংগ্ৰেছৰ ভেটিত তীব্ৰ কঁপনি তুলিছে ৷ কাৰণ সুদীৰ্ঘ কাল ধৰি সুখ-দুখৰ সময়ত সততে সমষ্টিবাসীৰ কাষত ঠিয় দি অহা সমষ্টিটোৰ পূৰ্বৰ বিধায়ক তথা জনপ্ৰিয় কংগ্ৰেছী নেতা ডাঃ দুৰ্লভ চমুৱাক দলীয় টিকটৰ পৰা বঞ্চিত কৰাৰ ফলত সমষ্টিটোত কংগ্ৰেছ শিবিৰত গৰাখহনীয়া সৃষ্টি হোৱাৰ সমান্তৰালভাৱে মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ সমৰ্থনত তীব্ৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বিগত দিনবোৰত অশেষ শ্ৰম, ত্যাগ, কষ্ট স্বীকাৰ কৰি ডাঃ দুৰ্লভ চমুৱাই দলৰ ভেটি মজবুত কৰাত অহোপুৰুষাৰ্থ কৰি অহাৰ পিছতো অন্তিম মুহূৰ্তত সকলো আশা-আকাংক্ষাত চেঁচা পানী ঢালি তেওঁক নিধিৰাম চৰ্দাৰ সজাব খোজাত সমষ্টিটোৰ কংগ্ৰেছত বিৰাট অসন্তুষ্টিয়ে দেখা দিয়ে ৷ সেই অসন্তুষ্টি এই পৰ্যন্তও অব্যাহত থকাৰ সমান্তৰালভাৱে দলটোৰ ভিতৰছোৱাত এতিয়াও নিৰ্বাপিত হোৱা নাই ক্ষোভ, বিদ্ৰোহ, ঈৰ্ষাৰ জুই ৷ অৱশ্যে এই ক্ষোভ, বিদ্ৰোহ, ঈৰ্ষাই দলটোক কিমান ধৰাশায়ী কৰে সেয়া অহা ২ মেৰ নিৰ্বাচনী ফলাফলতহে পৰিস্কাৰ হ’ব যদিও শেহতীয়া দৃশ্যপটে কিন্তু নগাঁও সদৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ উত্থান এক উল্লেখযোগ্য ৰূপে বিবেচিত হৈছে ৷ কিয়নো সৰ্বপ্ৰথমবাৰৰ বাবে ৰূপক শৰ্মাই বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই যোৱা পাঁচ বছৰত সমষ্টিটোক উন্নয়নৰ ক্ষেত্ৰত জাতি-ধৰ্মৰ প্ৰাচীৰ ভাঙি সৰ্বদিশতে পৰিৱৰ্তনৰ যি ৰং-ৰূপ দেখুৱালে তাৰ দ্বাৰা সমষ্টিবাসীক পৰম সন্তুষিত কৰি ৰাখিছে ৷ ফলশ্ৰুতিত দ্বিতীয় বাৰৰ বাবে ৰূপক শৰ্মাই সমষ্টিটোক নিজৰ কব্জাত ৰাখিব পৰাকৈ নিৰ্বাচনী ৰণ-কৌশলত আগবাঢ়ি গৈছে ৷ বিপৰীতে কংগ্ৰেছৰ টিকট হেৰুৱাই বিমৰ্ষ হৈ পৰা দুৰ্লভ চমুৱাক শেহতীয়াকৈ কংগ্ৰেছে আমোৱাৰ বাবেই দলীয় প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ কাৰ্যকে ধৰি সকলো ফালৰ পৰাই সহায়ৰ নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ উপৰি প্ৰাক্তন বিধায়ক চমুৱাৰ সমৰ্থক সকলে বিজেপি মুখী হৈ পৰাত বৰ্তমান সময়ত কংগ্ৰেছে সমষ্টিটোত দিক-বিদিক হেৰুৱাৰ উপক্ৰম হোৱাও পৰিলক্ষিত হৈছে ৷ প্ৰকৃততে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা এগৰাকী বিনয়ী আৰু বহল মনৰ গৰাকী হ’লেও তেওঁৰ সমষ্টিবাসী ৰাইজৰ লগত পূৰ্বৰে পৰা তেনে কোনো সম্পৰ্ক নথকাৰ বাবে কংগ্ৰেছৰ একালৰ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ পুত্ৰ হিচাপেহে শান্তনু শৰ্মাই নিজৰ চিনাকি দিব লগীয়া হৈছে ৷ আনহাতে, তেওঁৰ মূল প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা হ’ল সমন্ধীয় ভাই ৷ সম্বন্ধত দুই ভাতৃ হ’লেও ৰূপক শৰ্মাৰ সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজৰ লগত থকা মধুৰ সম্পৰ্কৰ বিপৰীতে কৰ্মসূত্ৰে শান্তনু শৰ্মা বাহিৰত বসবাস কৰিবলগীয়া হোৱাত তেওঁ সমষ্টিবাসীৰ বাবে অপৰিচিত লোক ৷ আনকি নিজ দলৰ প্ৰায় সংখ্যক কৰ্মীৰ ক্ষেত্ৰতো শান্তনু শৰ্মা এখন অচিনাকি মুখ হৈ পৰা আৰু দলৰ মাজতেই আওপকীয়াকৈ লেং মৰা ৰাজনীতিৰ বাবে নিৰ্বাচনী জয়ৰ হেতু তেওঁ অশেষ কষ্ট কৰিবলগীয়া হোৱাটো স্বাভাৱিক ৷ সেয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বৰ্তমানৰ বিধায়ক তথা মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই ৷ সি যি কি নহওক কিয় সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু মহাজোঁটৰ প্ৰাৰ্থী শান্তনু শৰ্মাৰ লগতে অসম জাতীয় পৰিষদৰ অনুপ লস্কৰ, লোক জনশক্তি পাৰ্টিৰ আব্দুল আওৱাল ভূঞা আৰু ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ছাহজাহান আলী আহমেদেও প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূল যুঁজখন যে শৰ্মা ভাতৃদ্বয়ৰ মাজতেই বাহাল থাকিব সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা