বঙাইগাঁৱত ৮০ বছৰৰ ওপৰৰ বৃদ্ধ আৰু শাৰীৰিক ভাবে বাধাগ্ৰস্ত ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট লোৱা সন্দৰ্ভত প্ৰশিক্ষণ
বঙাইগাঁওঃ ১৮ মাৰ্চঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি অহা ৬ এপ্ৰিলত বঙাইগাঁও সমষ্টিত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনত ভোট গ্ৰহণ কেন্দ্ৰলৈ আহি নিজৰ ভোট সাব্যস্ত কৰিব নোৱাৰা সমষ্টিটোৰ ৮০ বছৰ বয়সৰ উৰ্ধ্বৰ আৰু শাৰীৰিক ভাবে বাধাগ্ৰস্ত ভোটাৰ সকলে এইবাৰ নিৰ্বাচনত পোষ্টেল বেলটযোগে ভোটদানৰ সুবিধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলা প্ৰশাসনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বঙাইগাঁও জিলা পুঁথিভঁৰাল প্ৰেক্ষা গৃহত পোষ্টেল বেলটৰ যোগেদি ভোটগ্ৰহণকাৰী বিষয়াসকলক এক প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণ প্ৰদান কৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত শিৱাংশ অৱস্থিয়ে । সহকাৰী আয়ুক্তগৰাকীয়ে ভোটগ্ৰহণকাৰী বিষয়া সকলে পালন কৰিবলগীয়া দায়িত্ব সমূহ সুন্দৰ ভাবে বুজাই দি পোষ্টেল বেলটযোগে ভোট প্ৰদানৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত সকলোকে সুন্দৰ ভাৱে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কাৰ্যক্ষম কৰাৰ বাবে এজন মাইক্ৰ অৱজাৰভাৰসহ পাঁচজনীয়া সদস্যৰে একোটা দল গঠন কৰি মুঠ ২৫ টা দল গঠন কৰা হৈছে । যেতিয়া পোষ্টেল বেলটযোগে ভোট সংগ্ৰহ কৰিবলৈ যাব তেতিয়া সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰিব লগিব । সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফী কৰা হ'ব । এই প্ৰশিক্ষণ কাৰ্যত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য জনসংযোগ বিষয়া কবিতা ডেকাও উপস্থিত থাকি পোষ্টেল বেলট সন্দৰ্ভত বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে ।
Comments
Post a Comment