ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ-কাৰ্য্যবাহ (General Secretary) পদত দত্তাত্ৰেয় হোসৱাল

নিউজ ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জেষ্ঠ্য প্ৰচাৰক দত্তাত্ৰেয় হোসৱালে এতিয়াৰে পৰা সংঘৰ  সৰ-কাৰ্য্যবাহ (General Secretary) হিচাপে কাৰ্যনিৰ্বাহ কৰিব।পৰবৰ্ত্তী ঘোষণা নোহোৱা পৰ্যন্ত হোসৱালে এই পদ অলংকৃত কৰি থাকিব। উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা হোসৱালেক ২০০৪ চনত সংঘৰ সহ বৌদ্ধিক প্ৰমুখ হিচাপে নিযুক্তি দিয়া হয়।সংঘই ২০০৮ চনত হোসৱালেক সহঃসৰকাৰ্য্যবাহৰ দায়িত্ব অৰ্পণ কৰিছিল।সেই সময়ৰ পৰাই হোসৱালে সহ সৰ কায্যবাহ হিচাপে কাৰ্য্যৰত হৈ আছিল।বিশাখাপট্টনমত অনুষ্ঠিত সংঘৰ প্ৰতিনিধি সভাই পৰবৰ্ত্তী কায্যৰ্কালৰ বাবে হোসৱালেক সৰৰ্কাৰ্য্যবাহ হিচাপে নিৰ্বাচিত কৰিছে।উল্লেখ যোগ্য যে  দত্তাত্ৰেয় জীৰ মুল ঘৰ কৰ্ণাটকৰ চিমোগা জিলাত ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা