আকৰ্ষণীয় হৈ পৰিছে বটদ্ৰৱাৰ নিৰ্বাচনী দৃশ্যপট≈≈সমষ্টিৰ অলিয়ে-গলিয়ে কংগ্ৰেছ-বিজেপিৰ মাৰাথন প্ৰচাৰ অভিযান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ মাৰ্চঃ দিন বাগৰাৰ লগে লগে চমকপ্ৰদ হৈ উঠিছে বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট ৷ বিশেষকৈ সমষ্টিটোত বৰ্তমানৰ বিধায়িকা তথা মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা আৰু কংগ্ৰেছ-এই আই ইউ ডি এফ মহাজোঁটৰ প্ৰক্ষেপিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ মাজতেই আৱদ্ধ থাকিবলগীয়া নিৰ্বাচনৰ যুঁজখন সবাৰো আকৰ্ষণৰ বিষয় হৈ পৰিছে ৷ কিয়নো দুয়োগৰাকী প্ৰাৰ্থীয়েই নিজ-নিজ সমৰ্থকসহ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা দেখা গৈছে ৷ আনকি প্ৰাৰ্থী দুগৰাকীয়ে সমষ্টিটোৰ অলিয়ে-গলিয়ে দিনে-নিশাই মাৰাথন প্ৰচাৰ অভিযান অব্যাহত ৰখাত নিৰ্বাচনী পৰিবেশ আকৰ্ষণীয় হৈ পৰিছে ৷ সমষ্টিটোত দুয়োগৰাকী প্ৰাৰ্থীয়েই সংখ্যালঘু ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ উঠি-পৰি লগাৰ সময়তে শুকুৰবাৰৰ পৰা বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই সমষ্টিটোৰ হাইডুবি, ভেহুগুৰি, গলাকটা বজাৰ, ধূপগুৰি, কদমনি, বাতমাৰি, হাতীযুঁজোৱা আদি সংখ্যালঘু বসতি প্ৰধান স্থান সমূহৰ চুকে-কোণে সোমাই পৰি ভোটাৰৰ মন আকৃষ্ট কৰাত উঠি পৰি লাগিছে ৷ এই প্ৰচাৰ অভিযানত প্ৰাৰ্থী  আঙুৰলতা ডেকাই ভোটদাতা ৰাইজক উদ্দেশ্যি এতিয়া আনৰ কথা ভবাৰ সময় নহয়, বিজেপি থাকিলেহে সকলো থাকিব বুলি সজোৰে উত্থাপন কৰাৰ লগতে তেওঁ বিগত পাঁচবছৰীয়া কাৰ্যকালত আপোনালোকৰ কত কি উন্নয়ন হোৱা নাই বুলি সমবেত ৰাইজক প্ৰশ্ন কৰে ৷ তদুপৰি তেওঁ অতি কৌশলেৰে অভাৱ বা সমস্যা অৱশ্যে শেষ হৈ যোৱা নাই বুলি স্বীকাৰ কৰি এইবাৰ জয়ী হোৱাৰ পিছত অভাৱ বোলা বস্তুটো সমষ্টিৰ পৰা খেদিমেই বুলি উল্লেখ কৰে ৷ ইফালে, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামনি বৰাইও দিন-ৰাতি একাকাৰ কৰি সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে সোমাই পৰি সৰু সৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে ৷ এই প্ৰচাৰ অভিযান কালত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এইবাৰ সমষ্টিৰ পৰা বিজেপিক প্ৰতিহত কৰি বৃহৎ ব্যৱধানত জয়ী হোৱাৰ কথা প্ৰৱল আত্মবিশ্বাসেৰে ব্যক্ত কৰি ৰাইজৰ মাজত সোমাই পৰা দেখা গৈছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা