ৰূপহীহাটত বিশাল ৰেলীৰে চমক নিৰ্দলীয় প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ মাৰ্চঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত আছে মাথো দুটা দিন ৷ সেয়ে প্ৰতিটো ৰাজনৈতিক দলৰ তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনীক প্ৰচাৰ অভিযান। ইয়াৰ ব্যতিক্ৰম নহয় নগাঁৱৰ ৰূপহীহাট সমষ্টিও ৷ সমষ্টিটোত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ইয়াৰ মাজতে সমষ্টিটোত বুধবাৰে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে কৰে নিজৰ শক্তি প্ৰদৰ্শন। দুই সহস্ৰাধিক সৰু-বৰ বাহনেৰে এক বিশাল ৰেলি উলিয়াই চমক সৃষ্টি কৰে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা